5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বৰপেটাৰোডত মাজুলীৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ: ঘটনাৰে জড়িত ৪গৰাকী লোকক গ্ৰেপ্তাৰ

ৰাসৰ মাজতে বৰপেটাৰোডত যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্য়। ইয়াৰ পাছতে  ঘটনাৰ লগত জড়িত চাৰিগৰাকীকৈ লোকক কৰায়ত্ত কৰিছে বৰপেটাৰোড আৰক্ষীয়ে ৷ আৰক্ষীয়ে কৰায়ত্ত কৰা লোক চাৰিগৰাকী ক্ৰমে আন্না শীল, বিশাল শীল,অজিত ভগত আৰু উৰ্মিলা দেৱী ৷

বৰপেটাৰোডত মাজুলীৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ:  ঘটনাৰে জড়িত ৪গৰাকী লোকক গ্ৰেপ্তাৰ
বৰপেটাৰোডত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য়
trishna-kalita
Trishna Kalita | Updated On: 28 Nov 2024 09:56 AM

বৰপেটাৰোডত যুৱতীৰ অৰ্ধউলংগ মৃতদেহ উদ্ধাৰ। শিমলাগুৰিৰৰ দিলীপ চিনেমা হ’লৰ সমীপৰ পদপথৰ কাষত উদ্ধাৰ মৃতদেহটো । মঙলবাৰে পুৱা একাংশ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। খবৰ দিয়াৰ পাছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ  যুৱতীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে । মৃত যুৱতীগৰাকীৰ বয়স ২৫-৩০ বছৰ হ’ব বুলি কোৱা হৈছে।  বৰপেটাৰোড আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে ।

মৃত যুৱতীগৰাকীৰ ঘৰ মাজুলীত ৷ যুৱতীগৰাকী বৰপেটাৰোডত ভাৰাতীয়া হিচাপে আছিল । যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ ৷  ৰাসৰ বাবে নিশালৈকে পথত ভিৰ থকাৰ পিছতো যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৃষ্টি হয় চাঞ্চল্য়ৰ । ইয়াৰ পাছতে  ঘটনাৰ লগত জড়িত চাৰিগৰাকীকৈ লোকক কৰায়ত্ত কৰিছে বৰপেটাৰোড আৰক্ষীয়ে ৷ আৰক্ষীয়ে কৰায়ত্ত কৰা লোক চাৰিগৰাকী ক্ৰমে আন্না শীল, বিশাল শীল,অজিত ভগত আৰু উৰ্মিলা দেৱী ৷

যুৱতীগৰাকীৰ সৈতে একেলগে ভাৰাতীয়া হিচাপে থকা এগৰাকী যুৱতীয়ে জনোৱা মতে, বৰপেটাৰোডৰ ছয় নম্বৰ ৱাৰ্ডৰ বাসিন্দা উৰ্মিলা দেৱীৰ ঘৰত কিছুদিন পূৰ্বে ভাৰাতীয়া হিচাপে আছিল মাজুলীৰ পপী হাজৰিকা ওৰফে দিশা হাজৰিকা নামৰ যুৱতীগৰাকী । পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে অইন ঠাইত ভাৰাতীয়া হিচাপে আছিল যদিও দেওবাৰে সন্ধিয়া পুনৰ উৰ্মিলা দেৱীৰ ঘৰত ভাৰাতীয়া হিচাপে থাকিবলৈ ৰূমৰ বন্দোৱস্ত কৰিবলৈ আহিছিল ৷

কিন্তু সেইসময়ত ঘৰৰ মালিকনী উৰ্মিলা দেৱী ঘৰত নথকা অৱস্থাত মাজুলীৰ যুৱতীগৰাকীৰ শৰীৰ অসুস্থ হৈ পৰে । পাছত উক্ত স্থানতেই থকা আন এগৰাকী চিনাকি যুৱতীৰ ৰূমত পপী হাজৰিকাই বিশ্ৰাম লয়। তাতেই যুৱতীগৰাকীয়ে হঠাতে মৃত্যু হয়।

 

ইয়াৰ পাছতে মাজুলীৰ যুৱতীগৰাকীৰ মৃতদেহ পথৰ দাঁতিত উদ্ধাৰ হোৱা ঘটনাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে। ঘটনাটো  ক্ষিপ্ৰতাৰে তদন্ত কৰি বৰপেটাৰোড আৰক্ষীয়ে চাৰিগৰাকী লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । বৰপেটা আৰক্ষীৰ শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া মতে,  বিপদত পৰাৰ আশংকা কৰি যুৱতীগৰাকীৰ মৃতদেহটো আটকাধীন লোককেইজনে দাঙি আনি শিমলাগুৰিস্থিত ভাৰতীয় ষ্টেট বেংকৰ কাষত পথৰ দাঁতিত জাবৰৰ মাজত পেলাই থৈ গৈছিল ঘৰৰ মালিকনী উৰ্মিলা দেৱীয়ে৷ ইফালে বৰপেটাৰোড আৰক্ষীয়ে কৰায়ত্ত কৰা চাৰিগৰাকী লোকক বুধবাৰে বৰপেটা জে’ল হাজোতলৈ প্ৰেৰণ কৰে । এতিয়া আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব ঘটনাৰ আঁৰত থকা ৰহস্য।

Latest News