ইতিহাসৰ পাতত লিপিবদ্ধ হ’ল আজিৰ দিনটো ! চাহ-বাগিচাৰ আদিবাসী লোকসকলক সম্বোধন কৰি কি ক’লে মুখ্যমন্ত্ৰীয়ে ?
'ঝুমইৰ বিনন্দিনী' অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ চাহ-বাগিচাৰ শিল্পীসকলে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি অসমৰ ইতিহাসপ পাতত লিপিবদ্ধ কৰিলে আজিৰ দিনটো । ২০২৫ তনৰ ২৪ ফেব্ৰুৱাৰী সোমবাৰৰ দিনটোত সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ চাহ বাগিচাৰ প্ৰায় ৯ হাজাৰ শিল্পীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰাৰ পূৰ্বে চাহ বাগিচা লোকসকল সম্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

অসমৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন । ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ চাহ-বাগিচাৰ শিল্পীসকলে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি অসমৰ ইতিহাসপ পাতত লিপিবদ্ধ কৰিলে আজিৰ দিনটো । ২০২৫ তনৰ ২৪ ফেব্ৰুৱাৰী সোমবাৰৰ দিনটোত সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ চাহ বাগিচাৰ প্ৰায় ৯ হাজাৰ শিল্পীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰাৰ পূৰ্বে চাহ বাগিচা লোকসকল সম্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,”আজি আমাৰ বাবে এক গৌৰৱৰ দিন । ২০০ বছৰৰ পূৰ্বে জীৱিকাৰ তাগিদাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চাহ-বাগিচাৰ এই কৰ্ম উদ্যমী লোকসকল অসমলৈ আহিছিল । এইখন অসমত থাকি অসমখনক নিজৰ মাতৃভূমি হিচাপে গ্ৰহণ কৰি অসমীয়া হৈ পৰিছিল এই লোকসকল ।”
“তেওঁলোকে অসমৰ চাহ উদ্যোগৰ প্ৰসাৰত মূল ভূমিকা কৰিছিল । ইয়াৰ পাছতে ৰাজ্য উদ্যোগীকৰণৰ বিশাল ভেঁটি নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে চাহ-বাগিচাৰ লোকসকলে । অসমৰ জাতি গঠন প্ৰক্ৰিয়াত অমূল্য অৱদান আগবঢ়াই কলা-সংস্কৃতি, ৰীতি-নীতিৰে অসমৰ চাহ বাগিচাৰ আদিবাসী লোকসকলে অসমীয়া জাতিক সমৃদ্ধ কৰিলে । কাল ক্ৰমত তেওঁলোকে অসমৰ আদিবাসী হৈ পৰিল ।” চাহ-বাগিচাৰ লোকসকলক সম্বোধন কৰি এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া গৌৰৱময় ইতিহাসৰ সোঁৱৰণ আৰু চাহ-বাগিচাৰ জনগোষ্ঠীটোৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আন্তৰিক প্ৰয়াস হিচাপে আজি অসমৰ চাহ-বাগিচাৰ প্ৰায় ৯ হাজাৰ শিল্পীৰ দ্বাৰা ঝুমুৰ প্ৰদৰ্শন কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
ইফালে অনুষ্ঠানত উপস্থিত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্য়বাদ জনাই মুখ্য়মন্ত্ৰীয়ে কয়, “আজি আমাৰ বাবে সৌভাগ্যৰ দিন । তৃতীয়াবাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।” অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী মোদীক স্বাগতম জনাই মুখ্যমন্ত্ৰী হ শৰ্মাই ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমৰ বাবে তিনিটা ডাঙৰ কাম কৰাৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, তেওঁ নেতৃত্ব আৰু সদিচ্ছাত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি লাভ কৰাৰ লগতে অসমীয়া ভাষাই দৌপদী ভাষাৰ স্বীকৃতি লাভ কৰে । তদুপৰি নামৰূপত ১২.৭ লাখ মেট্ৰিক টন উৎপাদন ক্ষমতাৰ ইউৰিয়া প্ৰকল্পৰ ঘোষণা কৰাকলৈয়ো অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ।