5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পুনৰ বৃদ্ধি সমস্যা! কোনো পধ্যেই অসমৰ টেক্সি প্ৰৱেশ কৰিব নোৱাৰে মেঘালয়ত…

Assam- meghalaya taxi: অসমৰ পৰা যিবোৰ টেক্সি মেঘালয়লৈ যায় সেই সমূহ পৰ্যটনস্থলীলৈ যাব নোৱাৰে। ইয়াৰ বিপৰীতে অসমৰ টেক্সিসমূহ শ্বিলঙৰ আই এছ বি টিলৈ যাব পাৰিব আৰু তাৰ পৰা মেঘালয়ৰ টেক্সি ভাড়াত লৈ পৰ্যটনস্থলী যাব পাৰিব। এক কথাত ক'বলৈ হ'লে এই সিদ্ধান্তৰ দ্বাৰা মেঘালয় টেক্সি চালক সন্থাই অসমৰ টেক্সিসমূহৰ ওপৰত মাধমাৰ দিবলৈ চেষ্টা কৰিছে।

পুনৰ বৃদ্ধি সমস্যা! কোনো পধ্যেই অসমৰ টেক্সি প্ৰৱেশ কৰিব নোৱাৰে মেঘালয়ত…
মেঘালয়ত নচলিব অসমৰ টেক্সি!
Follow Us
barasha-sarma
Barasha Sarma | Published: 19 Sep 2024 15:39 PM

পুনৰ অসম আৰু মেঘালয়ৰ টেক্সি সন্থাৰ মাজত সৃষ্টি  হৈছে জটিলতাৰ। মেঘালয়ত অসমৰ বাহন প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে মেঘালট টেক্সি চালক সন্থাই। ১৮ ছেপ্টেম্বৰত এক বৈঠকযোগে মেঘালয় টেক্সি সন্থাই ৰাজ্যখনৰ পৰ্যটনৰ ক্ষেত্ৰত অসমৰ বাহন প্ৰৱেশত চৰ্ত আৰোপ কৰাৰ পাছতেই বৃদ্ধি হৈছে সমস্যা। ইয়াৰ পাছতে এতিয়া অসম টেক্সি চালক সন্থাই সমাধান বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী জনাইছে।

জানিব পৰা মতে বুধবাৰে অল খাচী মেঘালয় টুৰিষ্ট টেক্সি এছচিয়েশ্যনে কেইবাটাও সংগঠনক লগত লৈ এক বৈঠক অনুষ্ঠিত কৰে। তাৰ পাছতেই তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে যে অসমৰ পৰা যিবোৰ টেক্সি মেঘালয়লৈ যায় সেই সমূহ পৰ্যটনস্থলীলৈ যাব নোৱাৰে। ইয়াৰ বিপৰীতে অসমৰ টেক্সিসমূহ শ্বিলঙৰ আই এছ বি টিলৈ যাব পাৰিব আৰু তাৰ পৰা মেঘালয়ৰ টেক্সি ভাড়াত লৈ পৰ্যটনস্থলী যাব পাৰিব। এক কথাত ক’বলৈ হ’লে এই সিদ্ধান্তৰ দ্বাৰা মেঘালয় টেক্সি চালক সন্থাই অসমৰ টেক্সিসমূহৰ ওপৰত মাধমাৰ দিবলৈ চেষ্টা কৰিছে। ইয়াৰ পাছতেই যিসকল টেক্সিয়ে আজি অসমৰ পৰা মেঘালয়লৈ পৰ্যটক লৈ গৈছে সেই সকল কিছু অসুবিধাৰ সন্মুখীন হৈছে।

এই ক্ষেত্ৰত অসম টেক্সি চালক সন্থাই কয় যে, কিছুদিন পূৰ্বে অন্য এখন বৈঠক হৈছিল য’ত সকলো সমস্যা সমাধান হৈছিল আৰু সিদ্ধান্ত লোৱা হৈছিল যে অসমৰ টেক্সি চালকক কোনো বাধা প্ৰদান নকৰে। কিন্তু কালি হঠাতে ডাঙৰ সভা এখন পাতি অল খাচী মেঘালয় টুৰিষ্ট টেক্সি এছচিয়েশ্যনে চৰকাৰৰ ওচৰত বিভিন্ন দাবী ৰাখিছে আৰু অসমৰ টেক্সি মেঘালয়লৈ যোৱাত বাধা প্ৰদান কৰিছে। গতিকে অসমৰ টেক্সি চালক সন্থাই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। যদি সমস্যা সমাধান নহয় তেন্তে মেঘালয়ৰ বাহনো অসমত প্ৰৱেশ কৰিব দিয়া নহয় বুলি অসম টেক্সি চালক সন্থাই কয়।

উল্লেখ্য যে, কেইমাহমান পূৰ্বে অসম আৰু মেঘালয়ৰ টেক্সি চালক সন্থাৰ মাজত এখন যুঁজ আৰম্ভ হৈছিল। মেঘালয়ৰ স্থানীয় সংগঠনসমূহে কৈছিল যে মেঘালয়ত ৫,১২০ খন পঞ্জীয়নভুক্ত টেক্সি আছে। কিন্তু ইয়াৰে ৪,০২০ খনে দৈনিক ভাড়া নাপায়। কিন্তু ৰাজ্যত প্ৰতিদিনে প্ৰায় ৩৫৪৩ খন টেক্সি চলে। গতিকে মেঘালয়ত চলাচল কৰা ২,৪৩৭ খন টেক্সিয়েই বাহিৰৰ। যাৰ বাবে অসমৰ টেক্সি মেঘালয়লৈ যোৱাত বাধা প্ৰদান কৰা হৈছিল।

পৰৱৰ্তী সময়ত এই সমস্যা সামাধান হৈছিল আৰু অসমৰ টেক্সিৰ মেঘালয়লৈ আহ- যহ চলি আছিল। মেঘালয় টেক্সি সন্থাৰ এই সিদ্ধান্তৰ ফলত মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰত প্ৰভাৱিত কৰাৰ লগতে অসমৰ চালকসকলোকো ক্ষতি কৰিব। গতিকে এই ক্ষেত্ৰত এতিয়া অসম বা মেঘালয় চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

Latest News