মেঘালয়ত অসমৰ টেক্সি নিষিদ্ধ! সমস্যা সমাধানৰ বাবে আহ্বান সদৌ অসম নিবনুৱা সংস্থাৰ – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

মেঘালয়ত অসমৰ টেক্সি নিষিদ্ধ! সমস্যা সমাধানৰ বাবে আহ্বান সদৌ অসম নিবনুৱা সংস্থাৰ

Published: 

30 Jul 2024 16:47 PM

শেহতীয়াকৈ দেখা দিয়া এই সমস্যাবোৰৰ ফলত এতিয়া পৰ্যটনৰ সংখ্যা কমি গৈছে মেঘালয়ত। যোৱা কেইদিনত ৫০ শতাংশ হোটেল বুকিং বাতিল হৈছে ৰাজ্যখনত। যদি এনে অৱস্থায়েই হৈ থাকে তেন্তে মেঘালয়ৰ জনতাৰ মাজত পানীত হাঁহ নচৰা অৱস্থা হ'ব।

মেঘালয়ত অসমৰ টেক্সি নিষিদ্ধ! সমস্যা সমাধানৰ বাবে আহ্বান সদৌ অসম নিবনুৱা সংস্থাৰ

বাহন

Follow Us On

মেঘালয় আৰু অসমৰ টেক্সি চালকসকলৰ মাজত যুঁজখন দিনক দিনে বৃদ্ধি হৈ আহিছে। মেঘালয়ত পৰ্যটক কঢ়িয়াই নিয়া অসমৰ পঞ্জীয়ণকৃত যান- বাহন চলাচলত নিষেধাজ্ঞা কৰাৰ সমস্যা আজিও সমাধান হোৱা নাই। কেইবাটাও স্থানীয় সংগঠন আৰু মেঘালয় টেক্সি এছোচিয়েশ্যনে এই নিষেধাজ্ঞা জাৰি কৰাৰ পাছত অসমৰ পৰ্যটকসকলৰ লগতে টেক্সি চালকসকলো যথেষ্ঠ সমস্যাৰ সন্মুখীন হৈছে।

মেঘালয় চৰকাৰে এই ক্ষেত্ৰত প্ৰত্যক্ষ কোনো নীতি- নিৰ্দেশনা প্ৰদান কৰা নাই যদিও ৰাজ্যখনৰ স্থানীয় দল- সংগঠনসমূহে অসমৰ টেক্সি মেঘালয়লৈ যোৱাত বাধা আৰোপ কৰিছে। সংগঠনটোৰ মতে মেঘালয় ৫,১২০ খন পঞ্জীয়নভুক্ত টেক্সি আছে। কিন্তু ইয়াৰে ৪,০২০ খনে দৈনিক ভাড়া নাপায়। কিন্তু ৰাজ্যত প্ৰতিদিনে প্ৰায় ৩৫৪৩ খন টেক্সি চলে। গতিকে মেঘালয়ত চলাচল কৰা ২,৪৩৭ খন টেক্সিয়েই বাহিৰৰ। এই যুক্তিতেই স্থানীয় টেক্সি চালকসকলৰ সংস্থাপন আৰু ভাড়া নিশ্চিত কৰাৰ দাবীত বহিঃৰাজ্যৰ টেক্সি চলাচল বন্ধ কৰিবলৈ দাবী তুলিছিল মেঘালয়ৰ টেক্সিচালকসকলে।

উল্লেখ কৰা প্ৰয়োজন যে, এই বিবাদত মেঘালয়ৰ পৰ্যটন মন্ত্ৰী প’ল লিংডোৱেও X যোগে প্ৰকাশ কৰি কৈছিল যে মেঘালয়ৰ টেক্সি চালকসকলৰ দাবী চনদ প্ৰাপ্তিৰ কথা সন্দৰ্ভত চৰকাৰে বিবেচনা কৰি আছে। তাৰ পাছতো শেহতীয়াকৈ ৰাজ্যখনৰ একাংশ ছাত্ৰ সংগঠন, টেক্সি চালক সন্থাই অসমৰ পৰা যোৱা বাহন ৰখাই পৰ্যটকক যথেষ্ঠ হাৰাশাস্তি কৰিছিল। এই সকলোবোৰৰ মাজতে মেঘালয় চৰকাৰ আৰু আৰক্ষীয়ে বহিঃ ৰাজ্যৰ পঞ্জীভূত বাহন মেঘালয়ত নিষিদ্ধ হোৱাৰ কথা অস্বীকাৰ কৰি বহুবাৰ স্পষ্টীকৰণ দিছে।

ইয়াৰোপৰি অসমতো মেঘালয়ৰ টেক্সি প্ৰৱেশত বাধা দিছে অসমৰ টেক্সি চালক সন্থাই। যাৰ বাবে পৰিস্থিতি বিষম হৈ পৰিছে। এই ক্ষেত্ৰত সমাধান বিচাৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সদৌ অসম নিবনুৱা সংস্থাই এক স্মাৰক পত্ৰত দাখিল কৰিছে। সদৌ অসম নিবনুৱা সংস্থাৰ সভাপতি ধৰ্মেন্দ্ৰ দেউৰী আৰু সম্পাদক জীৱন ৰাজখোঁৱাই কয় যে, মেঘালয়ৰ পৰ্যটনৰ সৈতে অসমৰ ৪০হাজাৰ নিবনুৱা যুৱক পৰোক্ষ প্ৰত্যক্ষভাৱে জড়িত আছে। যাৰ বাবে বিষয়টো সমাধান কৰিব লাগে।  এই ক্ষেত্ৰত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনাই সংস্থাটোয়ে।

কিন্তু ইয়াৰ ক্ষেত্ৰত সাবতোকৈ বেছি প্ৰভাৱিত হৈছে মেঘালয়। কিয়নো প্ৰতিদিনেই অসমৰ পৰা হাজাৰ হাজাৰ পৰ্যটনৰ সোঁত বয় মেঘালয়ত। ৰাজ্যখনৰ প্ৰায় সংখ্যক জনসংখ্যাৰ আৰ্থিক দিশতো পৰ্যটন ক্ষেত্ৰৰ ওপৰতে নিৰ্ভৰশীল। শেহতীয়াকৈ দেখা দিয়া এই সমস্যাবোৰৰ ফলত এতিয়া পৰ্যটনৰ সংখ্যা কমি গৈছে মেঘালয়ত। যোৱা কেইদিনত ৫০ শতাংশ হোটেল বুকিং বাতিল হৈছে ৰাজ্যখনত। যদি এনে অৱস্থায়েই হৈ থাকে তেন্তে মেঘালয়ৰ জনতাৰ মাজত পানীত হাঁহ নচৰা অৱস্থা হ’ব।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version