‘নিয়ন্ত্ৰণহীনভাৱে অসমত চলিছে অবৈধ কয়লা খনন’, উমৰাংছুৰ ঘটনাৰ SIT তদন্তৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ
শনিবাৰে উমৰাংছুৰ ঘটনাৰ SIT তদন্তৰ দাবী জনাই প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ লিখাৰ কথা জানিবলৈ দিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে । ইয়াৰ লগতে ৰাজ্যখনত অনিয়ন্ত্ৰিতভাৱে অবৈধ কয়লা খনন চলি থকাৰো অভিযোগ উত্থাপন কৰে সাংসদ গৰাকীয়ে ।
উমৰাংছুৰ কয়লাখনিত শ্ৰমিক আবদ্ধ হৈ পৰা ঘটনাৰ SIT তদন্তৰ দাবী জনাইছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে । ইতিমধ্যে এই সন্দৰ্ভত সাংসদ গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰা বুলিও জানিব পৰা গৈছে । উল্লেখ্য় যে, ধাৰণা কৰা অনুসৰি, ৯ জন শ্ৰমিক আবদ্ধ হৈ পৰা উমৰাংছুৰ কয়লা কুৱেৰীত বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে । এতিয়ালৈকে ৪ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।
শনিবাৰে এই ঘটনাৰ SIT তদন্তৰ দাবী জনাই প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ লিখাৰ কথা জানিবলৈ দিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে । ইয়াৰ লগতে ৰাজ্যখনত অনিয়ন্ত্ৰিতভাৱে অবৈধ কয়লা খনন চলি থকাৰো অভিযোগ উত্থাপন কৰে সাংসদ গৰাকীয়ে । সাংসদ গৰাকীয়ে অভিযোগ কৰে যে,’উত্তৰ-পূব ৰাজ্যখনত দুৰ্বল আইন প্ৰয়োগকাৰী আৰু স্থানীয় সহযোগিতাৰ বাবে অবৈধ খনন নিয়ন্ত্ৰণহীনভাৱে চলি আছে ।’
As of today, rescue operations have entered their sixth day, but the fate of five coal miners trapped in the illegal coal mine at Dima Hasao remains uncertain. The bodies of four miners have been recovered so far.
Illegal mining continues unchecked in Assam, fuelled by weak… pic.twitter.com/Gpy0RziFJu
— Gaurav Gogoi (@GauravGogoiAsm) January 11, 2025
যোৱা সোমবাৰে ডিমা হাছাও জিলাৰ উমৰাংছুৰ কয়লা খনিৰ ভিতৰত আবদ্ধ হৈ পৰে ৯ জন শ্ৰমিক । হঠাতে কুৱেৰীটো পানীয়ে ভৰি পৰাত ততাতৈয়াকৈ নিয়োজিত শ্ৰমিকসকল ওলাই আহিব নোৱাৰা ফলতে এই মৰ্মান্তিক ঘটনা সংঘটিত হয় । এতিয়ালৈকে চাৰিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ অভিযান অব্যাহত আছে ।
সাংসদ গৌৰৱ গগৈয়ে কয়, “আজি দিনটোক ধৰি কয়লা খনিৰ উদ্ধাৰ অভিযানে ষষ্ঠ দিনত ভৰি দিছে । কিন্তু ডিমা হাছাওৰ অবৈধ কয়লা খনিটোত আবদ্ধ হৈ থকা কয়লা খনিৰ কৰ্মীসকলৰ ভাগ্য অনিশ্চিত হৈ আছে। অসমত অবৈধ খনন নিয়ন্ত্ৰণহীনভাৱে অব্যাহত আছে । অবৈধ কয়লা খননৰ বিৰুদ্ধে দুৰ্বল আইনী ব্যৱস্থা আৰু স্থানীয় সহযোগিতাই ইন্ধন যোগাইছে।”
লগতে তেওঁ কয়, ‘এই ট্ৰেজেডীৰ তদন্তৰ বাবে জৰুৰী এছ আই টি তদন্তৰ আহ্বান জনাই মই প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিছো। এই ট্ৰেজেডীৰ বাবে দায়ীসকলক জবাবদিহি কৰিব লাগিব। তদুপৰি সুৰক্ষা, দুৰ্নীতি, পৰিৱেশৰ ধ্বংসৰ সৈতে জড়িত বিষয়সমূহো সমাধান কৰাৰ প্ৰয়োজন আছে।’ লগতে তেওঁ কয় যে, ভুক্তভোগীৰ পৰিয়াল ন্যায়ৰ যোগ্য । ভৱিষ্যতে এনেধৰণৰ ঘটনা যাতে পুনৰ সংঘটিত নহয় বা এই ধৰণৰ ঘটনা সংঘটিত নোহোৱাটো নিশ্চিত কৰিব লাগিব বুলি উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে ।