Assam: প্ৰাক্তন মন্ত্ৰী নগেন নেওগ হত্যাকাণ্ডঃ প্ৰাক্তন আলফা সদস্য অমৰ সিঙক দোষমুক্ত ঘোষণা ন্যায়ালয়ৰ | Assam minister nagen neog murder case amar singh Declaration of acquittal by supreme court know nagen neog murder case Assam news - Assam Tv9

Assam: প্ৰাক্তন মন্ত্ৰী নগেন নেওগ হত্যাকাণ্ডঃ প্ৰাক্তন আলফা সদস্য অমৰ সিঙক দোষমুক্ত ঘোষণা ন্যায়ালয়ৰ

Assam: প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ স্বামী নগেন নেওগ হত্যাকাণ্ডৰ ২৮ বছৰ উকলিল। এই হত্যাকাণ্ডৰ লগত জড়িত এই গোচৰৰ শুনানি গ্ৰহণ কৰি বুধবাৰে প্ৰাক্তন আলফা নেতা অমৰ সিঙক দোষমুক্ত ঘোষণা কৰে ন্যায়ালয়ে।

Assam: প্ৰাক্তন মন্ত্ৰী নগেন নেওগ হত্যাকাণ্ডঃ প্ৰাক্তন আলফা সদস্য অমৰ সিঙক দোষমুক্ত ঘোষণা ন্যায়ালয়ৰ

অমৰ সিং

Published: 

07 Nov 2024 11:33 AM

প্ৰাক্তন মন্ত্ৰী নগেন নেওগ হত্যাকাণ্ডৰ অভিযুক্ত প্ৰাক্তন আলফা সদস্য অমৰ সিং ওৰফে অৰূপ কোঁৱৰক বুধবাৰে দোষমুক্ত ঘোষণা কৰে উচ্চতম ন্যায়ালয়ে। ২০১৫ চনৰ পৰা বিচাৰাধীন হৈ থকা গোচৰৰ শুনানি গ্ৰহণ কৰি বুধবাৰে উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে। জানিব পৰা মতে , চিবিআইয়ে দাখিল কৰা এক আবেদনৰ ভিত্তিত এই ৰায় প্ৰদান কৰে ন্যায়ালয়ে। ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰিছিল অমৰ সিং ওৰফে অৰূপ কোঁৱৰক। ন্যায়ালয়ৰ এই সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই পৰৱৰ্তী সময়ত চিবিআই কাষ চাপিছিল উচ্চতন ন্যায়ালয়ৰ। অৱশেষত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে তেওঁক দোষমুক্ত ঘোষণা কৰে।

১৯৮৮ চনত আলফাত যোগদান কৰা অমৰ সিং ওৰফে অৰূপ কোঁৱৰে পৰৱৰ্তী সময়ত ম্যানমাৰৰ কাচিনত গেৰিলা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। ইয়াৰ পাছত ২০০৩ চনত তেওঁক গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু ২০১৩ চনত তেওঁ জেলৰ পৰা মুক্ত হয়। মন্ত্ৰীক হত্যাৰ অভিযোগত তেওঁ প্ৰায় ১৪ বছৰ জেল খাটিছিল। জেলৰ পৰা বাহিৰ হৈ তেওঁ গোলাঘাট জিলাৰ পুলিবৰ যোগিবাৰীস্থিত ঘৰত থাকি কৃষি কাৰ্য আন সামাজিক কাৰ্যত জড়িত হৈ পৰে।

শেহতীয়াকৈ ১৭ অক্টোবৰত এইগৰাকী প্ৰাক্তন আলফা সদস্যক নিজা ঘৰৰ পৰা গোলাঘাট আৰক্ষীৰ সহযোগত কলকাতাৰ পৰা ৮-৯ জনীয়া চিবিআইৰ দল এটা আহি আটক কৰে।  সদৰ থানাত সোধা-পোছা কৰাৰ অন্তত তেওঁ উক্ত নিশা গুৱাহাটীলৈ লৈ যায় যদিও পিছদিনা মুকলি কৰি দিয়ে। তাৰ পাছতেই ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত হোৱা শুনানিত অমৰ সিং ওৰফে অৰূপ কোঁৱৰক দোষমুক্ত ঘোষণা কৰে।

উল্লেখ্য যে, ১৯৯৬ চনৰ ৬ মে’ৰ দিনা গোলাঘাট জিলাৰ ফৰকাটিঙৰ সমীপৰ শিঙিজানত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ স্বামী নগেন নেওগক হত্যা কৰিছিল অভিযুক্তই। অভিযোগ অনুসৰি এই হত্যাকাণ্ড সংঘটিত কৰিছিল প্ৰাক্তন আলফা নেতা অমৰ সিঙে । এই হত্যাকাণ্ডৰ অভিযোগত অমৰ সিং ওৰফে অৰূপ কোঁৱৰক কাৰাদণ্ড বিহা হৈছিল যদিও ২০১৩ চনত তেওঁক উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰিছিল।

উল্লেখ্য যে, হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনা নগেন নেওগৰ সৈতে ৬ জন নিৰাপত্তাৰক্ষী আছিল। ফৰকাটিং বালিজান চাৰিআলিৰ পৰা শিঙিজান কাঠৰ দলং পাইছিল নগেন নেওগৰ কনভয়। তেতিয়াই সেই ঠাইত পূৰ্বৰে পৰা খাপপিটি থকা দুৰ্বৃত্তই নেওগৰ কনভয়ত গুলী বৰ্ষণ কৰে। এই ভয়ংকৰ ঘটনা প্ৰাণ হেৰুৱাইছিল মন্ত্ৰী নগেন নেওগৰ লগতে বাহন চালক আৰু আন ৬ জন নিৰাপত্তাৰক্ষীয়ে। আলফাল এম্বুছত মৃত্যু হোৱা নগেন নেওগ আথিল সেই সময়ৰ এজন প্ৰতিষ্ঠিত কংগ্ৰেছ নেতা। অসমৰ ৰাজনৈতিক ইতিহাসত এই হত্যাকাণ্ড আছিল দুৰ্ভাগ্যজনক।

তুলসী গছত আগবঢ়াওক এইসমূহ সামগ্ৰী, কেতিয়াও নহ'ব ধনৰ অভাৱ!
পুৱা উঠিয়েই ফোন চোৱাৰ অভ্যাস আছে নেকি? তেন্তে সাৱধান!
কেতিয়াও আদান-প্ৰদান নকৰিব এই সামগ্ৰী, হ'ব ধনৰ সমস্যা
পুৱা উঠি কৰক এই কাম, দূৰ হ'ব সমস্যা, জীৱনত লাভ কৰিব সফলতা...