শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জোনাইঃ বহি আছিল গান শুনি! তীব্ৰবেগী ৰে’লৰ খুন্দাত ছিন্ন ভিন্ন হৈ পৰিল কিশোৰৰ শৰীৰ…

তীব্ৰবেগী ৰেলৰ খুন্দাত প্ৰাণ হেৰুৱালে এজন কিশোৰে। এই ঘটনা সংঘটিত হৈছে জোনাইত। জানিব পৰা মতে, মোবাইল ফোন ব্যৱহাৰ কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।

জোনাইঃ বহি আছিল গান শুনি! তীব্ৰবেগী ৰে’লৰ খুন্দাত ছিন্ন ভিন্ন হৈ পৰিল কিশোৰৰ শৰীৰ…
কিশোৰজনImage Credit source: local source
barasha-sarma
Barasha Sarma | Published: 29 Jan 2025 16:22 PM

মোবাইল ফোনে প্ৰাণ কাঢ়িলে এজন কিশোৰৰ।  বহু সময়ত দেশত এনে ঘটনা সংঘটিত হয় য’ত মোবাইল ফোনৰ বাবে মানুহে  প্ৰাণ হেৰুয়ায়। কেতিয়াবা যদি বিপদসংকুল ঠাইত ছেলফি লৈ প্ৰাণ হেৰুৱাই কেতিয়াবা আকৌ অন্য কাৰণত অসাৱধানবশতঃ  মৃত্যুক সাৱতি লয়। পুনৰ এনে এক ঘটনা পোহৰলৈ আহিছে, য’ত এজন  কিশোৰে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয়। এইবাৰ এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে অসমত। জানিব পৰা মতে এজন কিশোৰে মোবাইল ফোন ব্যৱহাৰ কৰি থকাৰ সময়তে তীব্ৰ বেগী ৰে’লে আহি প্ৰচণ্ড খুন্দা মাৰে। যাৰ ফলত ছিন্ন ভিন্ন হৈ পৰে কিশোৰজনৰ শৰীৰ।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে জোনাইৰ তেলেমত। নামনিমুৱা তীব্ৰ বেগী ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱাই জোনাইৰ দশম শ্ৰেণীৰ এজন কিশোৰে। বুধবাৰে পুৱাৰ ভাগত সংঘটিত হৈছে এক শোকাবহ ঘটনা। এই ঘটনাৰ লগে লগে উক্তস্থানত স্থানীয় ৰাইজ ভিৰ কৰে আৰু আৰক্ষীক খবৰ দিয়ে। স্থানীয় ৰাইজৰ মতে, এই ঘটনাৰ ফলক কিশোৰজনৰ শৰীৰ ছিন্ন ভিন্ন হৈ চাৰিওফালে চিটিকি পৰে।

ঘটনা প্ৰত্যক্ষ কৰা একাংশলোকৰ মতে,  ছাত্ৰজনে মোবাইলৰ ইয়েৰ ফোন ব্যৱহাৰ কৰি ৰে’ল লাইনৰ চিৰিত বহি আছিল। তেনে সময়তে জোনাইৰ মুৰ্কংচেলেক ৰে’লৱে ষ্টেচনৰ পৰা পুৱা নামনিমুৱা ৰে’লখন আহে। কিন্তু মোবাইল ফোন ব্যৱহাৰ কৰি থকাৰ বাবে ৰে”ল অহা গম নাপাই কিশোৰজনে, যাৰ ফলত তেওঁৰ ৰে’লৰ খুন্দাত মৃত্যু হয়।

ছাত্ৰজন জোনাইৰ তেলেম জামজিং গাঁৱৰ ১৬ বছৰীয়া ৰনীল দলে বুলি চিনাক্ত হৈছে। তেওঁ দশম শ্ৰেণীত অধ্যয়নৰত আছিল। ঘটনাৰ পিছতে ৰেলৱে আৰক্ষী আৰু স্থানীয় ৰাইজে উপস্থিত হৈ ছাত্ৰ গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই সমগ্ৰ ঘটনাই অঞ্চলটোত শোকৰ ছা পেলাইছে।