দুটা কলপুলি আৰু এডাল ফিটাই ছিঙিলে ধৈৰ্যৰ বান্ধ, চিনেমাৰ দৰে গুণ্ডাৰ ৰূপত এজন বিধায়ক
ৰাজহুৱা স্থানত ৰাজনৈতিক নেতাৰ দম্ভ আপুনি নিশ্চয় দেখিছে । এইবাৰ এজন নেতাই ৰাজহুৱা স্থানত চৰিয়ালে এজন লোকক । কেৱল চৰেই নহয়, এটা কলপুলিৰে কৰিলে প্ৰহাৰ । কিন্তু কিয় চিনেমাৰ দৰে গুণ্ডাৰ ৰূপ দেখুৱালে এইজন বিধায়কে ? জানিলে হ'ব আচৰিত ।

বিধায়ক ছামছুল হুদাৰ গুণ্ডাৰূপ
গণতান্ত্ৰিক দেশ ভাৰত বৰ্ষত ৰাজনৈতিক নেতাৰ প্ৰভাৱ প্ৰতিনিয়ত সাধাৰণ জনতাই দেখি আহিছে । আমাৰ অসমতো জনসাধাৰণে অনুভৱ কৰি আহিছে নেতাৰ প্ৰভাৱ । কেৱল নেতাই নে, নেতাৰ আশে-পাশে থকা পালিনেতাও কোনো কোনো সময়ত বিশেষভাৱে প্ৰভাৱশালী হৈ পৰা ৰাইজে প্ৰত্যক্ষ কৰি আহিছে । মন্ত্ৰী-বিধায়কৰ পৰা আৰম্ভ কৰি দলৰ সাধাৰণ নেতালৈকে বিভিন্ন সময়ত এওঁলোকে নিজৰ প্ৰভুত্ব দেখুওৱা পৰিলক্ষিত হয় । তেনে এক দৃশ্যৰ পুনৰ সাক্ষী হৈ ৰ’ল অসমৰ জনতা ।
পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামছুল হুদাই দেখুৱালে বিধায়কৰ ক্ষমতা । অৱশ্যে বিধায়কৰ ক্ষমতাৰে তেওঁ যি কাম কৰিলে, তাৰ বাবে এতিয়া সৰ্বত্ৰে ধিক্কাৰৰ পাত্ৰ হৈছে বিধায়কগৰাকী । ক্ষমতাৰ ৰাগীত বলীয়ান হৈ এইগৰাকী বিধায়কে ৰাজহুৱা স্থানত চৰ সোধালে এজন লোকক । কেৱল চৰ মাৰিয়েই ক্ষান্ত নাথাকি এটা কলপুলিৰে লোকজনক প্ৰহাৰো কৰিলে বিধায়কজনে । কিন্তু কিয় এনে কাম কৰিলে বিধায়ক ছামছুল হুদাই ? জানিলে আচৰিত হ’ব আপুনি ।
নিজ সমষ্টিৰ ছুৱাপাতা দৈখোৱা বজাৰ অঞ্চলত এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈছিল বিধায়ক হুদা । তাত গৈ তেওঁ দেখে যে আধাৰশিলা অনুষ্ঠানৰ বাবে পোতা কলপুলি দুটা তেনেই সৰু আৰু ফিটা কাটিবলৈ ৰঙা ৰঙৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছে গুলপীয়া ৰঙৰ ফিটা । এয়া দেখি খঙত অগ্নিশৰ্মা হৈ পৰে বিধায়ক হুদা । দলং নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰ অবিনাশ আগৱালাৰ নিয়োজিত কৰ্মচাৰীয়ে পুতিছিল কলপুলি দুটা ।
তাৰ পাছতেই মহৰী হিচাপে নিয়োজিত কৰ্মচাৰীজনক ৰাইজৰ সমুখতে চৰ মাৰে বিধায়কজনে । লগতে পুতি থোৱা কলপুলি উঠাই তাৰেই প্ৰহাৰ কৰে বিধায়কগৰাকীক । এই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত । ইতিমধ্যে বিধায়কগৰাকীৰ ওচৰত ক্ষমা বিচাৰিছে ঠিকাদাৰ আগৰৱালাই । ইফালে অপমানৰ বলি হোৱা কৰ্মচাৰীজনে এই ঘটনাৰ বিৰুদ্ধে ন্যায়ৰ দাবী তুলি থানাত এজাহাৰ দাখিল কৰে । অৱশ্যে আজি বিধায়কগৰাকীয়ে নিজৰ কামৰ বাবে সংবাদমেলযোগে ক্ষমা বিচাৰিছে ।
ৰাজনৈতিক নেতাৰ এনে দম্ভালি ইয়াৰ পূৰ্বেও দেখা গৈছে অসমত । নিজৰ সমষ্টিতে এজন লোকক গুলীয়াবলৈ দেহৰক্ষী নিৰ্দেশ দি অশ্ৰাব্য গালি-গালাজ পাৰি চৰ্চালৈ আহিছিল বিধায়ক শ্বেৰমান আলী । নগাঁৱত মুখ্যমন্ত্ৰীৰ আগমনৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা গাড়ী ৰখোৱাৰ বাবে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধমক দিছিল তদানীন্তন নগাঁৱৰ জিলা উপায়ুক্তক ।
২০২১ ৰ নিৰ্বাচনৰ সময়ত পত্নীৰ বিৰুদ্ধে প্ৰচাৰিত বাতৰিত ক্ষুব্ধ হৈ মন্ত্ৰী পীযুষ হাজৰীকাই ফোনযোগে ধমক দিছিল এগৰাকী সাংবাদিকক । সাংবাদিকে সোধা প্ৰশ্নত ক্ষোভিত হৈ সাংবাদিক বুম হাতত লৈ মূৰ ভাঙি দিম বুলি ধমক দিছিল এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে । বিধায়ক অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধেও আছে আৰক্ষী বিষয়াক ধমক দিয়াৰ অভিযোগ । কেইদিনমান পূৰ্বে নিজ দলৰেই এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে কটু মন্তব্য কৰি বহিষ্কৃত হৈছিল বিজেপিৰ গোলাঘাটৰ এজন নেতা । এনে বহু ঘটনাৰ দৃষ্টান্ত আছে অসমত ।