শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজি মৰাণ জনগোষ্ঠীৰ গৰু বিহু, মৰাণ জনগোষ্ঠীৰ অতীজৰে পৰা চলি আছে বহু পৰম্পৰা

আজিৰে পৰা আৰম্ভ মৰাণ জনগোষ্ঠীৰ ব'হাগ বিহু। ব'হাগ মাহৰ প্ৰথম সপ্তাহৰ প্ৰথম মঙলবাৰে উৰুকা। বুধবাৰে মৰাণসকলে পালন কৰে গৰু বিহু। বৃহস্পতিবাৰে অৰ্থাৎ কাইলৈ মৰাণ জনগোষ্ঠীৰ মানুহ বিহু।

আজি মৰাণ জনগোষ্ঠীৰ গৰু বিহু, মৰাণ জনগোষ্ঠীৰ অতীজৰে পৰা চলি আছে বহু পৰম্পৰা
আজি মৰাণ জনগোষ্ঠীৰ গৰু বিহু
barasha-misra
Barasha Misra | Published: 16 Apr 2025 11:53 AM

আজি মৰাণ জনজাতিৰ গৰু বিহু। পুৱাই গৰু গা ধোৱাই মৰাণ জনগোষ্ঠীৰ লোকে উলাহ-মালহেৰে পালন কৰিলে গৰু বিহু। অতীজৰে পৰাই ব’হাগ মাহৰ প্ৰথম মংগলবাৰে উৰুকা আৰু বুধবাৰে বিহু পালন কৰি আহিছে মৰাণ জনগোষ্ঠীৰ লোকসকলে।

সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনজাতিৰ সংগঠনসমূহে কাকপথাৰৰ তেজি গাঁ‌ৱত সমূহীয়াভাৱে পালন কৰিছে গৰু বিহু। লগতে কাকপথাৰত হাতী, গৰুক নোৱাই-ধুৱাই বিহু উদযাপন মৰাণ জনগোষ্ঠীৰ। দীঘলতী, মাখিয়তীয়ে গা ধুৱাই গো-ধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে সকলোৱে। মৰাণসকলে উপৰিপুৰুষীয়া দেও ধৰ্মৰ পৰম্পৰা অটুত ৰাখি এই উৎসৱ পালন কৰে। ইফালে গৰু বিহুৰ দিনটোত বিহুনাচৰ তালে তালে নাচি বাগি আনন্দত মতলীয়া হৈ পৰিছে গাঁ‌ওবাসী।

এই বিশেষ দিনটোত মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা জনাই সামাজিক মাধ্যমত লিখিছে-  “পূৰ্বৰে পৰা বৰ্ণিল ঐতিহ্য-সংস্কৃতিৰে সমাহিত আমাৰ মৰাণ জনগোষ্ঠীটোৱে ব’হাগ মাহৰ প্ৰথম মঙলবাৰে উৰুকা, বুধবাৰে গৰুবিহু আৰু ৰাতিবিহু উদযাপন কৰাৰ লগতে বৃহস্পতিবাৰে মানুহ বিহু পালন কৰি আহিছে৷ জনগোষ্ঠীটোৰ লোক-সংস্কৃতিৰ অন্যতম শ্রেষ্ঠ সম্পদ মৰাণ বিহু মৰাণসকলৰ সমগ্ৰ সমাজ ব্যৱস্থাত নিহিত হৈ থকা জনজাতীয় জীৱন সত্তাৰ উপাদানৰ অন্যতম চানেকি৷ আজি মৰাণ বিহুৰ এই শুভক্ষণত মৰাণ ভাই-ভনীসকলৰ লগতে আপোনালোক সদৌটিকে অন্তৰৰ নিভৃততম কোণৰ পৰা যাচিলোঁ অযুত শুভকামনা।”

মৰাণ জনগোষ্ঠীক বিহুৰ শুভেচ্ছা দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লিখিছে- “অসমৰ থলুৱা জনগোষ্ঠীসমূহৰ অন‍্যতম তথা স্বকীয় ঐতিহ্য, কৃষ্টি-সংস্কৃতিৰে মহীয়ান মৰাণসকলৰ আজি গৰু বিহু উপলক্ষে জনজীৱন প্ৰাণৱন্ত হৈ উঠিছে। বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ মৰাণ জনগোষ্ঠীৰ আটাইকে বাপতিসাহোন বিহুটিৰ আন্তৰিক ওলগ জনালোঁ। ৰঙালীৰ ৰঙত একাকাৰ হৈ জনগোষ্ঠীটোৱে সাতামপুৰুষীয়া ঐক্য-সংস্কৃতি বহন কৰিছে, এনেদৰেই বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সুদৃঢ় হৈ থাকক সমন্বয়ৰ এনাজৰী।”

মৰাণসকলৰ ব’হাগ বিহুৰ বিষয়ে জানক

মৰাণ সকলৰ কাৰণে ব’হাগ বিহু আদৰৰ বিশেষ প্ৰাধান্য থকা কৃষিমূলীয় লোক-উৎসৱ। প্ৰত্যেক জনগোষ্ঠীয়ে ব’হাগ বিহু নিজৰ নিজৰ গোষ্ঠীগত সুকীয়া সুকীয়া পৰম্পৰাগত বৈশিষ্ট্যৰে পালন কৰাৰ দৰেই মৰাণসকলেও কিছুমান স্বকীয় বৈশিষ্ট্যৰে অতীতৰে‌ পৰা ব’হাগ বিহু পালন‌ কৰি আহিছে। অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটোত অনবদ্য অৱদান আগবঢ়োৱা ভালেমান জনগোষ্ঠীৰ দৰেই মৰাণসকলেও ব’হাগৰ পহিলা তাৰিখত বিহু পালন নকৰে। বেদৰ বিহুৰ কেইদিনমানৰ পাছতহে মৰাণ সকলে বিহু পাতে। গুৰু ভকতে আলোচনা কৰি যেতিয়াই সুবিধা হয় তেতিয়াই বিহু পাতে। মংগলবাৰে উৰুকা‌, বুধবাৰে গৰু বিহু,‌ বৃহস্পতিবাৰৰ পৰা মানুহ বিহু ৰূপত বিহু অতীতৰে পৰা পালন কৰি আহিছে। মঙলবাৰে উৰুকা বুলি ধৰি লৈ বিহু পতাৰ কাৰণবোৰ হ’ল-

  • আদিতে মৰাণ সকলে অৰ্থাৎ ভীষ্মক ৰজাৰ দিনৰে পৰা শদিয়াৰ কেঁচাইখাটি গোসানীৰ শালত নতুন বছৰৰ পূজা পাতলৰ কাম মঙ্গল বাৰে আৰম্ভ কৰিছিল।
  • মৰাণৰ দুজন গুৰু শ্ৰীশ্ৰীচতুৰ্ভুজ আৰু শ্ৰীশ্ৰীঅষ্টভুজ প্ৰভুক বিহুৰ দিনতে যথাক্ৰমে মঙ্গলবাৰে আৰু বুধবাৰে আহোম ৰজাই হত্যা কৰোৱায়। গুৰু দুজনাৰ স্মৰণাৰ্থে মঙ্গল আৰু বুধবাৰে গুৰু দুজনাৰ তিথি পতাৰ পাছতহে বেদৰ বিহুৰ পাছত বিহু পাতি আহিছে।
  • কুৰঙ্গনয়নীৰ হতুৱাই ৰাঘৱ মৰাণক বিহুৰ দিনাই হত্যা কৰা হৈছিল। সেয়ে আহোম ৰজাই পতা বিহুৰ সৈতে মৰাণ সকলে বিহু নাপাতে আৰু হুঁচৰি নাগায়।
  • দ্বাপৰ যুগত বলভদ্ৰ‌ই বৃন্দাবনত পঞ্চ মাহ মতে বহাগ বিহুৰ প্ৰথম দিনা ভোজ সেৱা কৰি বিহু আৰম্ভ কৰাৰ কথা পোৱা যায়। মৰাণ সকলো বলোভদ্ৰৰ গুণত বিমুগ্ধ হ’ব পাৰে।

মৰাণসকলে উৰুকাৰ দিনা অৰ্থাৎ মংগলবাৰে মাটি নাখান্দে, সেয়ে মাটি খন্দা প্ৰয়োজনীয় সকলোখিনি কাম সোমবাৰে বা তাৰ আগতেই কৰি থৈ দিয়ে। উৰুকাৰ দিনা বুধবাৰে গৰুৰ গা ধুৱাবলৈ যাৱতীয় সকলোধৰণৰ সামগ্ৰী, যেনে – মাখিয়তী, দীঘলতী,তৰাগছ আদিৰ উপৰি বেঙেনা, থেকেৰা, হালধি আদি জা-যোগাৰ কৰি লয়। নিশাৰ ভাগলৈ ‘চাট’ সাজে। পিছদিনা পুৱাই এটা টোপধ্বনিৰে আগজাননী দিয়াৰ লগে লগে গৰুবোৰ দীঘলতী-মাখিয়তী আদিৰে কোবাই মাখি খেদি ন-পানী থকা পথাৰ অথবা জান-জুৰিলৈ লৈ যায়। গৰু গা ধুওৱাৰ আগে আগে আৰু এটা টোপধ্বনিৰে জাননী দিয়াৰ লগে লগে গৰুৰ গা ধুৱায়। চাটৰ পৰা গৰুৰ গালৈ লাও-বেঙেনা আদি উলিয়াই লাও খা, বেঙেনা খা বুলি কৈ দলিয়াই আৰু সৰ্বশেষত মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু বুলি কৈ গৰু গা ধুওৱা অনুষ্ঠানটো সামৰণি মাৰে।

দ্বিতীয় দিনা বৃহস্পতিবাৰে মানুহ বিহু। প্ৰথম মানুহ বিহু দিনাখন ঘৰৰ মানুহ বিশেষকৈ ঘৰখনৰ মুৰব্বীজন কলৈকো নাযায়। মৰাণ সকলে বিশ্বাস কৰে যে সেইদিনা ঘৰৰ মানুহ ঘৰত পাব লাগে। দ্বিতীয় দিনাই কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই সন্মান যাচে। শুক্ৰবাৰৰ দিনা জী-জোঁৱাইসকলে শাহু-শহুৰেকৰ ঘৰলৈ গৈ বছৰটোৰ বিহুৰ সেৱা সন্মান কৰে। সেয়ে এই দিনটোক ‘আলহী যোৱা’ বুলিও কয়। এই শুক্ৰ বাৰ ৰ পৰাই মৰানসকলৰ বিহু পকী উঠে। শনিবাৰে ভকতসকলে নামঘৰত কীৰ্তন কৰি ধৰ্মগুৰুলৈ মাননি আগবঢ়ায় আৰু দেওবাৰে নামলৈ মাননি আগবঢ়ায়।

মৰাণ ডেকা-গাভৰুসকলে মুকলি পথাৰতহে বিহু পাতে। বিহু পাতিবলগীয়া ঠাইখনত ডেকা -গাভৰুসকলে শ্ৰমদান কৰি এটা “বিহু ঘৰ” সাজি লয়। এই ঘৰটোত দুটা ভাগ থাকে। এভাগত ডেকাসকলে আৰু আনভাগত গাভৰু সকলে বেলেগে বেলেগে ৰাতি বিহু মাৰে। বিহুত কিছু সময় হুঁচৰি গোৱাৰ দৰে চক্ৰাকাৰে ঘূৰি ঘূৰি ঘোষা গোৱা হয়। বিহুত অংশ্ৰগ্ৰহণ কৰা গাভৰুসকলে কাণত কেৰু, ডিঙিত মাদুলি, হাতত গামখাৰু আদি আ-অলংকাৰ, মুগা বা পাটৰ মেখেলা,’কলিয়া ৰিহা’ পৰিধান কৰে। কলিয়া ৰিহা মৰাণ সকলৰ স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত সাজ। বিহু ঘৰত বিহু গাবলৈ যাওঁতে ডেকাসকলে চুৰিয়া আৰু গাত এঙা চোলা পিন্ধে। আবেলি হোৱাৰে পৰা এখন গাঁৱৰ ডেকাসকলে আন এখন গাঁৱৰ বিহু খোলালৈ গৈ নাচনীক নচুৱায়। নিজৰ গাঁৱৰ ডেকাই, নিজৰ গাঁৱৰ ছোৱালীক সাধাৰণতে ননচুৱায়। কাৰণ নিজৰ গাঁৱৰ মাজত তেজ-মঙহৰ সম্বন্ধ‌ থকা ছোৱালী থাকিব পাৰে। আন গাৱঁৰ বিহুৱা ডেকা বিহু খোলালৈ আহিলে গাভৰুসকলে নিজৰ হাতৰ টকা ডেকাসকলক দি বিহুগীত গাবৰ বাবে আহ্বান জনাই নিজেও নাচে। এইদৰে গধূলিলৈকে নাচি-বাগি পাৰ কৰি কটায়।

বিহু সামৰণি মৰাৰ দিনটোক ‘বিহু উৰুৱা’বুলি কয়। বিহু উৰুৱা দিনটো ডেকা গাভৰুসকলৰ বাবে আনন্দ মিশ্ৰিত বেজাৰৰ দিন। সেয়ে গায় –

“হাঁচতি ঐ ধান খোৱা চৰাই অতি চেনেহৰে ব’হাগৰ বিহুতি হাততে মলঙি যায়।”
“হাঁচতি ঐ সাপৰ কলপ বিহু থৈ আহোঁগৈ নামঘৰৰ তলত।”
মৰাণসকলে ৰঙালী বিহুত গোৱা গীতবোৰত বুৰঞ্জী, কিংবদন্তি লিপিবদ্ধ হৈ থকাৰ উপৰি সমাজৰ সাংস্কৃতিক জীৱন প্ৰতিফলিত হয়। বিহু গীতবোৰ ‌এনেধৰণৰ –
(ক) “দীঘলী পাটীতে‌ তোমাক বন্দী কৰোঁ ভৰে দুপৰীয়া, ৰাতি ‌…।” (খ) “উজাই নাৱৰীয়া বালিত ভাতে খালে গছকি পুতিলে তৌ….।”

কোনো কোনো অঞ্চলৰ মৰাণসকলে ধৰ্ম হুঁচৰি পালন কৰে৷ এই হুঁচৰিত ছোৱালীয়ে অংশ গ্ৰহণ নকৰে। ধৰ্ম হুঁচৰিত বিহুগীতৰ ঠাইত ধৰ্মীয় গীত গোৱা হয়। বয়সীয়াল আৰু ভক্তসকলেহে এই সাধাৰণ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। এই হুঁচৰিত ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত পৰিৱেশন কৰা হয়। ধৰ্ম হুঁচৰি প্ৰতি বছৰে কৰা নহয়।