মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিঃ ইয়াৰ অধীনত কোন মহিলাই লাভ কৰিব আৰ্থিক সাহাৰ্য, জানক সবিশেষ…
অসম চৰকাৰে বিভিন্ন সময়ত ৰাইজৰ হকে বহু আঁচনি ৰূপায়ন কৰে। মহিলাসকলক আৰ্থিক সাহাৰ্য প্ৰদানৰ উদ্দেশ্যেৰে আৰম্ভ কৰা এনে এক আঁচনি হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান।
বিভিন্ন সময়ত চৰকাৰে জনতাৰ হিতৰ হকে বহু আঁচনি ৰূপায়ন কৰে। বিগত সময়চোৱাত অসম চৰকাৰেও বহু আঁচনি ৰূপায়ন কৰি শিশু- মহিলা তথা সমাজৰ উন্নতৰি বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে। মহিলাক আৰ্থিক সাহাৰ্য প্ৰদানৰ অৰ্থে ৰূপায়ন কৰা এনে এখন আঁচনি হ’ল Mukhyamantri Mahila Udyamita Abhiyan (MMUA) অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি। এই আঁচনিখন চৰকাৰে মহিলাসকলৰ আৰ্থিক সহায়ৰ বাবে আৰম্ভ কৰিছিল। চৰকাৰী তথ্য অনুসৰি এই আঁচনিৰ ফলত ৰাজ্যৰ প্ৰায় ৩৯ লাখ মহিলা উপকৃত হ’ব। এই আঁচনিৰ দ্বাৰা কোনসকল মহিলা উপকৃত হ’ব আৰু কেনেকৈ আবেদন কৰিব পাৰিব, এই সকলো তথ্য লেখাটোত উল্লেখ কৰা হৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ উদ্যমী মহিলাসকলৰ সহায়ৰ বাবে এই আঁচনি প্ৰস্তুত কৰিছিল। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৩৯ লাখ মহিলাক বছৰি ১ লাখ টকা উপাৰ্জন কৰাৰ নিশ্চিয়তা প্ৰদান কৰিবলৈ ৩৫ হাজাৰ টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা আছে। অৰ্থাৎ “মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ” ৰ অধীনত ৰাজ্যৰ ৩৯ লাখ মহিলাক ঋণৰ ৰূপত ৩৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ইয়াৰ বিষয়ে অধিক জানিবৰ বাবে অসম চৰকাৰৰ DIPR ৱেবচাইট চাব পাৰে।
কোনে কেনেকৈ লাভ কৰিব সুবিধা
- ৰাজ্যৰ আত্মসহায়ক গোটৰ ৩৯ লাখ মহিলাক এই আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব।
- ৰাজ্যৰ যোগ্য মহিলাক ব্যৱসায় আৰম্ভ কৰিবলৈ ঋণৰ ৰূপত ৩৫ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য দিয়াৰ ব্যৱস্থা।
- হিতাধিকাৰী মহিলাক প্ৰথম বছৰত ১০,০০০ টকা চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহাৰ্য দিয়া হয়।
- ব্যৱসায়ত উন্নতি দেখুৱালে পৰৱৰ্তী বছৰত আকৌ ১২,৫০০ টকা চৰকাৰৰ ফালৰ পৰা এককালীন সাহায্য আৰু বেংকৰ পৰা ১২,৫০০ টকাৰ ঋণ প্ৰদান কৰা হ’ব। অৰ্থাৎ আগন্তুক দ্বিতীয় বছৰত মুঠ ২৫,০০০(পঁচিশ হাজাৰ) লাভ কৰিব। ফলত মহিলাগৰাকী প্ৰথম আৰু দ্বিতীয় বছৰৰ অন্তত সৰ্বমুঠ ৩৫,০০০ ( পঁয়ত্ৰিশ হাজাৰ) টকা লাভ কৰিব।
আবেদনৰ বাবে ক্লিক কৰক- আবেদনখন
যোগ্যতা
- আবেদনকাৰী মহিলা আত্মসহায়ক গোটৰ সদস্য হ’ব লাগিব।
- আত্মসহায়ক গোটটো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM) ৰ অধীনত পঞ্জীয়নভুক্ত হ’ব লাগিব।
- হিতাধিকাৰীৰ বেংক একাউন্ট আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা হ’ব লাগিব।
- আবেদন কৰা মহিলাগৰাকী ইতিমধ্যে কোনো ধৰণৰ আত্মসহায়ক গোট , ফেডাৰেচন, বেংকৰ আদিৰ পৰা পূৰ্বে কোনো ঋণৰ ডিফল্টাৰ হোৱা উচিত নহয়।
(এইক্ষেত্ৰত 2021 চনৰ পূৰ্বে মাইক্ৰফাইনেন্স প্ৰতিষ্ঠানৰ পৰা ঋণ লোৱা সকলক ডিফল্টাৰ গণ্য কৰা নহ’ব।) - আবেদনকাৰী মহিলাগৰাকী নিম্নতম এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপত জড়িত হ’ব লাগিব।
- সাধাৰণ (General) আৰু অ’বিচি (OBC) শ্ৰেণীৰ হিতাধিকাৰী মহিলাগৰাকী তিনিটাতকৈ অধিক সন্তানৰ মাতৃ হ’ব নালাগিব
- অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতিৰ (ST), মৰাণ/ মটক/ চাহ জনজাতিৰ হিতাধিকাৰী মহিলাগৰাকী চাৰিটাতকৈ অধিক সন্তানৰ মাতৃ হ’ব নালাগিব।
- আবেদন কৰা মহিলাগৰাকীৰ বিদ্যালয়ত যাবলগীয়া বয়স হোৱা কন্যা সন্তান থাকিলে বিদ্যালয়ত নামভৰ্তি কৰাটো বাধ্যতামূলক।
- আবেদনকাৰী মহিলাগৰাকীয়ে “অমৃত বৃক্ষ আন্দোলনৰ” অধীনত ৰোপণ কৰা গছ দুজোপা জীয়াই থাকিব লাগিব।
কেনেকৈ কৰিব আবেদন
- প্ৰথমে পঞ্চায়ত/পৌৰসভাৰ কাৰ্যালয়লৈ গৈ Free MMUA Form লওক।
- ক্লিক কৰক আবেদন পত্ৰ ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক
- নিৰ্দিষ্ট কেন্দ্ৰৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব,
- বিদ্যালয়ত শিশুৰ যোগ্যতা আৰু ছোৱালী নামভৰ্তিৰ বাবে এম এম ইউ এ পঞ্জীয়ন প্ৰ-পত্ৰ আৰু দুটা সংকল্প পত্ৰ পূৰণ কৰক।
- সকলো সম্পৰ্কীয় নথিপত্ৰ সংলগ্ন কৰি কাৰ্যালয়ত জমা দিব।
অন্য খবৰ পঢ়কঃ ‘আপোন বাহন আঁচনি’ৰ বিষয়ে জানেনে? জানক কোনে লাভ কৰিব সুবিধা, কেনেকৈ কৰিব আবেদন…