5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গোৱালপাৰাত জইচ-ই-মহম্মদৰে জড়িত ১০ জনক আটক, অসমত উগ্ৰ ইছলামিক মৌলবাদীয়ে কাম কৰি আছে : হিমন্ত

গোৱালপাৰা জিলাৰ পৰা ১০ জন লোকক নিয়াই আটক কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অসমত মৌলবাদী সংগঠনৰ শক্তি বৃদ্ধি পাবলৈ ধৰিছে । অসমলৈ যে মৌলবাদীৰ পৰা প্ৰত্যাহ্বান আহিছে সেয়া একেবাৰে সত্য কথা ।

গোৱালপাৰাত জইচ-ই-মহম্মদৰে জড়িত ১০ জনক আটক, অসমত উগ্ৰ ইছলামিক মৌলবাদীয়ে কাম কৰি আছে : হিমন্ত
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 05 Oct 2024 20:30 PM

পাকিস্তান সমৰ্থিত জইছ-ই-মহম্মদ সন্ত্ৰাসবাদী গোটৰ বিৰুদ্ধে আজি দেশৰ ৫ খন ৰাজ্যৰ ২২ টা স্থানত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াই অভিযান চলাইছিল । ইয়াৰ অংশ হিচাপে শনিবাৰে নিয়াই অসমতো চলাইছিল এই অভিযান । শেহতীয়াকৈ এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি, অভিযানত নিয়াই গোৱালপাৰা জিলাৰ পৰা জইছ-ই-মহম্মদৰে জড়িত ১০ জন লোকক আটক কৰিছে ।

গোৱালপাৰা জিলাৰ পৰা ১০ জন লোকক নিয়াই আটক কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অসমত মৌলবাদী সংগঠনৰ শক্তি বৃদ্ধি পাবলৈ ধৰিছে । অসমলৈ যে মৌলবাদীৰ পৰা প্ৰত্যাহ্বান আহিছে সেয়া একেবাৰে সত্য কথা । বহু সময়ত যেতিয়া ইছলামিক মৌলবাদীৰ পৰা অহা ভাবুকিৰ কথা কোৱা হয়, তেতিয়া ৰাজ্যৰে একাংশ লোকে এই কথা বিশ্বাস কৰিবলৈ টান পায় । এই বিষয়টোক উপলুঙা কৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

কিন্তু ৰাজ্যৰ জইছ-ই-মহম্মদৰ দৰে মৌলবাদী শক্তিৰ প্ৰভাৱ থকাটো পুনৰবাৰ প্ৰমাণ হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে । লগতে এন আই এয়ে মৌলবাদীৰ বিৰুদ্ধে যেতিয়াই দেশজুৰি অভিযান চলাই তেতিয়াই অসমৰ পৰা এজন নহয় এজনক আটক কৰে বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যত মৌলবাদী শক্তি সোমাই আছে আৰু এই ক্ষেত্ৰত সাৱধান হোৱাটো প্ৰয়োজন বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

ইফালে, এই মৌলবাদী শক্তিসমূহে ৰাজ্যৰ উচ্ছেদস্থলী সমূহত উচটনি দিয়াৰ কামও কৰে বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত যিসমূহ স্থান বেদখলৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে প্ৰশাসনে উচ্ছেদ চলাই, সেই স্থানসমূহত এই লোকসকলে উচটনি দিয়াৰ কাম কৰি আহিছে । যেতিয়াই তেওঁলোকে উচ্ছেদৰ কথা গম পাই তেতিয়াই তেওঁলোকে মানুহক একত্ৰিত কৰা কামত নামি পৰে বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, ইয়াৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰিছে যে, এই সন্দৰ্ভত আমাৰ হাতলৈ কিছু তথ্য আহে আৰু ইয়াৰে কিছুমান তথ্য ৰাজহুৱা কৰো আৰু কিছুমান নিজৰ হাতত ৰখা হয় বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । শেহতীয়াকৈ সোণপুৰৰ কচুতলিত চোলোৱা উচ্ছেদৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, উচ্ছেদৰ সময়ত উচ্ছেদৰ বিৰোধীতা কৰি যি শ্ল’গান দিয়া হৈছিল আৰু এতিয়া নিয়াই মৌলবাদীক আটক কৰাৰ এই দুয়োটা ঘটনাই ৰাজ্যত মৌলবাদীয়ে কাম কৰি থকাটো পুনৰবাৰ প্ৰমাণ কৰিছে । সমান্তৰালভাৱে ১০-১৫ বছৰত মৌলবাদীৰ বাবে অসমত খিলঞ্জীয়াই অনিশ্চয়তাৰ মাজত বাস কৰিব লাগিব বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

মনকৰিবলগীয়া যে, পাকিস্তান সমৰ্থিত জইছ-ই-মহম্মদ সন্ত্ৰাসবাদী গোটৰ সৈতে জড়িত এক গোচৰত আজি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াই অসমকে ভাৰতৰ ৫খন ৰাজ্যৰ ২২ টা স্থানত তালাচী অভিযান চলাইছিল । জম্মু-কাশ্মীৰ আৰু মহাৰাষ্ট্ৰৰ লগতে ৰাজধানী দিল্লী, উত্তৰ প্ৰদেশ আৰু অসমত NIAয়ে চলাইছিল এই অভিযান ।

Latest News