যোৰহাট আৰক্ষীৰ জালত বৃহৎ তেল চুৰি চক্ৰ... | Assam : Oil Theft Racket Busted by Jorhat Police Assam news - Assam Tv9

Oil Theft Racket Busted : যোৰহাট আৰক্ষীৰ জালত বৃহৎ তেল চুৰি চক্ৰ…৬ জনক আটক

যোৰহাট জিলাৰ আৰক্ষীৰ অধীক্ষক গৰাকীয়ে কয় যে, আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা তেল চুৰি তথ্য লাভ কৰিছিল । এই তথ্যৰ ভিত্তিতে পুলিবৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলায় । এই অভিযান কালত হাতে-লোটে ৬ জন লোকক আটক কৰে আৰু  ইয়াৰ লগতে তেল চুৰি বাবে প্ৰয়োজনীয় বহু সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

Oil Theft Racket Busted : যোৰহাট আৰক্ষীৰ জালত বৃহৎ তেল চুৰি চক্ৰ...৬ জনক আটক

যোৰহাটত তেল চুৰি চক্ৰক আটক

Updated On: 

19 Oct 2024 17:21 PM

যোৰহাটত ৬ জনীয়া এটা তেল চুৰি চক্ৰক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, এই ৬ জনীয়া তেল চপৰি চক্ৰটোৱে অইল ইণ্ডিয়া লিমিটেডৰ তৈল পৰিবাহী পাইপ ফুটাই তেল চুৰি কৰাৰ বাবে চেষ্টা কৰিছিল । জানিব পৰা মতে, তেল চোৰ কৰাৰ বাবে সকলো ব্যৱস্থা কৰি থকাৰ সময়তে যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে ৬ জন লোকক আটক কৰে । আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, এটা চক্ৰই তেল চুৰি কৰাৰ বাবে পৰিকল্পনা কৰাৰ তথ্য আগতীয়াকৈ লাভ কৰিছিল আৰক্ষীয়ে ।

এই গোপন সূত্ৰ তথ্যৰ ভিত্তিতে পুলিবৰ আৰক্ষীয়ে যোৱা নিশা পুলিবৰত এক অভিযান চলাইছিল । যোৰহাট জিলাৰ আৰক্ষীৰ অধীক্ষকে জনোৱা মতে, তেল চুৰিৰ অপৰাধত আটক কৰা লোক কেইজনৰ নাম হৈছে-প্ৰণৱ বৰুৱা (ডিগবৈ) ভুৱন মৰাণ (বৰডুবি তিনিচুকীয়া) বিকী বৰা শইকীয়া (দুলিয়াজান) খ্যাতি শইকীয়া (দুলিয়াজান) পৰাগ বৰা (পুলিবৰ যোৰহাট) আৰু জিতুল দাস (পুলিবৰ যোৰহাট ) ।

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, চক্ৰটোৰ পৰা তৈল পৰিবাহী পাইপ ফুটা কৰা আৰু তেল চুৰি কৰাৰ বাবে ব্যৱহাৰ কৰা আন বহু সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে এটা অনুজ্ঞাপত্ৰ থকা পিষ্টল, এখন চুইফ্ট গাড়ী জব্দ কৰিছে আৰক্ষীয়ে ।

এই সন্দৰ্ভত যোৰহাট জিলাৰ আৰক্ষীৰ অধীক্ষক গৰাকীয়ে কয় যে, আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা তেল চুৰি তথ্য লাভ কৰিছিল । এই তথ্যৰ ভিত্তিতে পুলিবৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলায় । এই অভিযান কালত হাতে-লোটে ৬ জন লোকক আটক কৰে আৰু  ইয়াৰ লগতে তেল চুৰি বাবে প্ৰয়োজনীয় বহু সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

ইতিমধ্যে তেল চুৰি অপৰাধত এই চক্ৰটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলিও জানিবলৈ দিছে আৰক্ষী বিষয়াগৰাকীয়ে । তেওঁ লগতে জানিবলৈ দিছে যে, এই চক্ৰটোৱে যোৱা নিশা তেল চুৰি কৰাৰ বাবে প্ৰথমটো প্ৰচেষ্টা চলাইছিল আৰু যোৰহাট আৰক্ষীয়ে এই প্ৰচেষ্টাক সম্পূৰ্ণৰূপে বিফল কৰিছে ।

ইফালে, ইয়াৰ পূৰ্বে এই ৬ জন ব্যক্তিৰ মাজৰে এজনৰ বিৰুদ্ধে মাৰপিটৰ দৰে অন্যান্য গোচৰ ৰুজু হৈ থকাৰ বিপৰীতে দুজনৰ বিৰুদ্ধে তেল চুৰি গোচৰ ৰুজু হৈ আছে বুলি সদৰী কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে ।

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান ২.০ ৰ বাবে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব...জানক
দীপাৱলীত কিমান চাকি জ্বলাব লাগে আৰু ক’ত ক’ত জ্বলাব লাগে জানক
ছৰফৰাজ খানেই নহয়, ২৪ ঘণ্টাত ৭ গৰাকী ভাৰতীয় ক্ৰিকেটাৰে অৰ্জিলে শতক
Bhool Bhulaiyaa 3ত পিটবুল, দিলজিৎ আৰু কাৰ্তিকৰ যাদু