CID অফিচত কৰ্মৰত অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ আন এক মাষ্টাৰ মাইণ্ড!
CID অফিচত কৰ্মৰত সুৰয ডেকা নামৰ যুৱকজনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি, সুৰুযে DGP অফিচত কৰ্মৰত হৈ থকা সময়তে অনলাইন ট্ৰেডিঙৰ নামত বহু লোকৰ পৰা টকা সংগ্ৰহ কৰি সেয়া আত্মসাৎ কৰিছিল।
ৰাজ্যত অনলাইন ট্ৰেডিঙৰ নামত সংঘটিত হৈছে বৃহৎ প্ৰৱঞ্চনা।কম ধনৰ বিনিময়ত বেছি ধন লাভ কৰাৰ আশাত একাংশ প্ৰৱঞ্চকে গ্ৰাহকৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰি বৃহৎ সাম্ৰাজ্য গঢ়াৰ কথা পোহৰলৈ আহিছে। এতিয়ালৈকে প্ৰায় ৪০ গৰাকী এনে প্ৰৱঞ্চক গ্ৰেপ্তাৰ হৈছে। আৰু বহু ৰৌ- বৰালী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱণা আছে।
ইয়াৰ মাজতে পোহৰলৈ আহে যে আৰক্ষীৰ এগৰাকী কৰ্মচাৰীও অনলাইন ট্ৰেডিঙৰ মাষ্টাৰ মাইণ্ড। CID অফিচত কৰ্মৰত সুৰয ডেকা নামৰ যুৱকজনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি, সুৰুযে DGP অফিচত কৰ্মৰত হৈ থকা সময়তে অনলাইন ট্ৰেডিঙৰ নামত বহু লোকৰ পৰা টকা সংগ্ৰহ কৰি সেয়া আত্মসাৎ কৰিছিল। এই সুৰয বৰ্তমান চিআইডি কাৰ্যালয়ত কৰ্মৰত হৈ আছে বুলি জানিব পৰা গৈছে।
চাৰিদুৱাৰ আৰক্ষীৰ হাতত অঞ্জন সুপ্ৰিয়ম দাস নামৰ এজন যুৱক ধৰা পৰাৰ পাছতেই এই সমগ্ৰ ঘটনা পোহৰলৈ আহে। অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগত চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰিছে অঞ্জনক। ইয়াৰ পাছতেই আৰক্ষীৰ জেৰাত অঞ্জনে বহু বিস্ফোৰক মন্তব্য প্ৰদান কৰে। অঞ্জনৰ পৰা আৰক্ষীয়ে জব্দ কৰা লেপটপ, মোবাইলত আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু তথ্য। ঘটনা সন্দৰ্ভত এতিয়াও আৰক্ষীয়ে তদন্ত চলাই আছে।
সাংবাদিকৰ আগত অঞ্জনে কয় যে, ডিজিপি অফিচত কৰ্মৰত সুৰুয মোৰ চিনাকী। তেওঁৰ তাত মই ট্ৰেডিঙৰ বাবে টকা লগাইছিলো। প্ৰথম অৱস্থাত লাভ হোৱা বাবে মোৰ চিনাকী অইনলোককো তেওঁৰ লগত যোগাযোগ কৰি দিছিলো। এতিয়া সেইসকলে কৈছে মই জড়িত আছো। কিন্তু মই ইয়াত জড়িত নাই। মোৰ নিজৰেই ১৮ লাখ টকা ঘূৰাই পোৱা নাই। সুৰযৰ হাতত তেওঁ নিজেই এই প্ৰৱঞ্চনাৰ বলি হোৱা বুলি উল্লেখ কৰি কয় যে তেওঁ প্ৰায় ১৯ লাখ টকা বিনিয়োগ কৰিছিল। আৰক্ষীয়ে এই সকলো ঘটনা সন্দৰ্ভত এতিয়া তদন্ত চলাই আছে। তদন্তৰ পাছতহে গ’ম পোৱা যাব ইয়াত কোন কোন জড়িত হৈ আছে।
উল্লেখ্য যে, বিগত কেইটামান দিনক অসমত কেইবাটাও প্ৰৱঞ্চক গ্ৰেপ্তাৰ হৈছে। বিশাল ফুকন নামৰ যুৱকজনে গ্ৰাহকক লুটি প্ৰায় ২০০০ কোটি টকাৰ মালিক হৈছিল। ইয়াৰ বিপৰীতে স্বপ্ননীল দাস নামৰ আন এজন যুৱকেও কোটি কোটি টকা আত্মসাৎ কৰিছিল।বৰ্তমান এই যুৱক দুজন আৰক্ষীৰ জিম্মাত আছে। এই ঘটনাত আৰু বহুলোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱণা আছে।
কেৱল এয়াই নহয়. অভিনেতা- অভিনেত্ৰী, কণ্ঠশিল্পী, ৰাজনৈতিক ব্যক্তি আদিও অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ ভুক্তভোগী বা অভিযুক্ত বুলি অভিযোগ উত্থাপন হৈছে। এই কাণ্ডৰ লগত জড়িত অসমৰ নৃত্যশিল্পী চুমি বৰা বৰ্তমান পলাতক। চুমিক বিচাৰি আৰক্ষীয়ে অভিযান চলোৱাৰ মাজতে গায়িকা গিতালী, কণ্ঠশিল্পী দীক্ষু আদিৰ নামো এই কাণ্ডত সাঙোৰ খাইছে। কিয়নো দীক্ষুৰ ঘৰতে আশ্ৰয় লৈ আছিল চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাই। তাৰ পাছতেই গায়িকা গীতালিৰ গাড়ীত উঠি পলায়ন কৰিছিল চুমি। অৱশ্যে এই সকলো দিশৰ ওপৰত তদন্ত চলাই আছে আৰক্ষীয়ে।