5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পাতি লোৱা ভায়েকৰ লগত চুমি গৈছিল ইণ্ডোনেছিয়ালৈ, বিশালৰ একাউন্টত এতিয়াও আছে ১০০ কোটিৰো অধিক টকা

চুমি আৰু বিশালৰ সম্পত্তিৰ তালিকা বহু দীঘল। বিশ্বকৰ্মা পূজাৰ পূৰ্বে বিশালৰ নতুন ৰেঞ্জ ৰ'ভাৰ অহা কথা আছিল। ইয়াৰ বাবে আগধনো দি থৈছিল বিশালে। কিন্তু এতিয়া ৰেঞ্জ ৰ'ভাৰ চলাবলৈ বিশাল মুকলি আকাশৰ তলত নাই।

পাতি লোৱা ভায়েকৰ লগত চুমি গৈছিল ইণ্ডোনেছিয়ালৈ, বিশালৰ একাউন্টত এতিয়াও আছে ১০০ কোটিৰো  অধিক টকা
চুমি বৰা
Follow Us
barasha-sarma
Barasha Sarma | Published: 09 Sep 2024 11:52 AM

বিশাল আৰু চুমিৰ চৰ্চা এতিয়াও চলিয়ে আছে। যিমানেই আৰক্ষীৰ তদন্ত আগবাঢ়িছে সিমানেই এই দিশত ন ন তথ্য পোহৰলৈ আহিছে। পোহৰলৈ অহা তথ্য অনুসৰি শেহতীয়াকৈ বিশাল আৰু চুমি বৰা ইণ্ডোনেছিয়াৰ বালীলৈ ভ্ৰমণৰ বাবে গৈছিল। চলিত মাহৰ জুলাইত যোৱা এই ভ্ৰমণত চুমিৰ মাতৃ, শাহুৱেক, ঘনিষ্ঠ বান্ধৱী আদিও গৈছিল। যাৰ বাবে সোমবাৰে  আৰক্ষীয়ে এই সন্দৰ্ভত চুমি বৰাৰ মাতৃৰ জেৰা চলোৱাৰ সম্ভাৱণা আছে। চুমি বৰাৰ এইগৰাকী ঘনিষ্ঠ বান্ধৱীয়ে প্ৰায়ে বিদেশ ভ্ৰমণলৈ গৈ থাকে। ইটালী, ডুবাই, স্পেইন ইত্যাদি ভ্ৰমণ কৰা ফটো ভিডিঅ’ এই বান্ধৱী গৰাকীৰ ছ’চিয়েল মিডিয়াৰ প্ৰফাইলত আপলোড আছে।

এই গোচৰ সংক্ৰান্তত ডিব্ৰুগড়ৰ একাংশ চিকিৎসকো তদন্তৰ আওতাত আহিব পাৰে। বিশালৰ জেৰাত তেওঁ একাংশ চিকিৎসকৰ নাম লৈছে আৰু তাৰ ভিত্তিতেই আৰক্ষীয়ে প্ৰস্তুত কৰিছে তালিকা। বিশাল আৰু চুমিৰ ন ন সম্পত্তিৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে এছ আই টি গঠন কৰি এই গোচৰৰ তদন্ত ক্ষীপ্ৰতাৰে কৰি আছে।

বৰ্তমান ডিব্ৰুগড় কাৰাগাৰতে আছে বিশাল ফুকন। কিন্তু পৰৱৰ্তী তদন্তৰ বাবে তেওঁক গুৱাহাটীলৈ অনা হ’ব পাৰে। এছ আই টিয়ে তদন্তৰ সময়ত আদালতত আবেদন জনাই বিশালত নিজৰ জিম্মাত বিচৰাৰ সম্ভাৱণা আছে। ইতিমধ্যে ডিব্ৰুগড়ৰ বিশাল ফুকনৰ গোচৰ CID লৈ হস্তান্তৰ কৰা হৈছে। অসম আৰক্ষীৰ CIDৰ SITয়ে আৰম্ভ কৰিব এই গোচৰৰ তদন্ত।

বিশালে পাতি লোৱা বায়েক চুমি বৰাৰ নামত খৰচ কৰিছিল কোটি কোটি টকা। বিদেশ ভ্ৰমণ, ঘৰ- দুৱাৰ, কাপোৰ, ডেষ্টিনেশ্যন ৱেডিঙৰ নামত বিশালে যথেষ্ঠ ধন খৰচ কৰিছিল। চুমিৰ কাপোৰ কিনাৰ বাবদ বিশালে যোৱা এবছৰে প্ৰায় ১ কোটি টকা ব্যয় কৰিছিল। দুটা মাহত বিশালে চুমিৰ একাউন্টলৈ ট্ৰান্সফাৰ কৰিছিল ২০ কোটি টকা। চুমিৰ জৰিয়তে বিশালৰ কোম্পানীত বিনিয়োগ হৈছিল প্ৰায় ১০০ কোটি টকা। ইমানেই নহয়, বিশালৰ একাউন্টত প্ৰায় ১০০ কোটি টকা জমা আছে। পাতি লোৱা ভায়েক আৰু বায়েক চুমি বৰাই মিলি গ্ৰাহকক ৰামঠগন দি সংগ্ৰহ কৰিছিল প্ৰায় ১০০০ কোটিৰো অধিক টকা।

চুমি আৰু বিশালৰ সম্পত্তিৰ তালিকা বহু দীঘল। বিশ্বকৰ্মা পূজাৰ পূৰ্বে বিশালৰ নতুন ৰেঞ্জ ৰ’ভাৰ অহা কথা আছিল। ইয়াৰ বাবে আগধনো দি থৈছিল বিশালে। কিন্তু এতিয়া ৰেঞ্জ ৰ’ভাৰ চলাবলৈ বিশাল মুকলি আকাশৰ তলত নাই। বিশাল- চুমিৰ বিলাসী জীৱনে চকু কঁপালত তুলিব আপোনাৰ। কিয়নো বিশাল চুমিয়ে কেৱল কাপোৰ কিনাৰ নামতে খৰচ কৰিছিল কোটি কোটি টকা। ইয়াৰোপৰি বিশালে চু্মিক হীৰাৰ আঙুঠি, ফ্লেট আদিও উপহাৰ দিছিল।

চুমিৰ বিৰুদ্ধে চলা যোৰদাৰ অভিযানৰ পাছতো আৰক্ষীয়ে চুমি আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ বিপৰীতে আৰক্ষীয়ে বিভিন্ন দিশতো তদন্ত চলাই আছে। চুমি বৰাৰ ডিব্ৰুগড়ৰ বাসগৃহ, বাণীপুৰৰ ৭নং বাইলেনত থকা চুমি- ৰাজীৱৰ ঘৰ আদিৰ পৰা আৰক্ষীয়ে বহু মূল্যবান সামগ্ৰী উদ্ধাৰ কৰিছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে চুমি আৰু তাৰ্কিক মেঘালয়লৈ পলাই গৈছে। কিন্তু এতিয়ালৈকে চুমি- তাৰ্কিকক গ্ৰেপ্তাৰ কৰাত সফল হোৱা নাই আৰক্ষী।

Latest News