১.৫কোটিৰ হীৰাৰ টুকুৰা, বিয়াত ৩ কোটি, ফ্লেট, গাড়ী...চাওক বিশাল আৰু চুমিৰ বিলাসৰ নমুনা | assam online trading fraud case bishal phukan sumi borah property list Assam news - Assam Tv9

১.৫কোটিৰ হীৰাৰ টুকুৰা, বিয়াত ৩ কোটি, ফ্লেট, গাড়ী…চাওক বিশাল আৰু চুমিৰ বিলাসৰ নমুনা

Updated On: 

05 Sep 2024 16:40 PM

বৰ্তমান চৰ্চাত আছে অনলাইন ট্ৰেডিঙৰ নামত হৈ থকা প্ৰৱঞ্চনা। এই সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকন প্ৰায় ২০০০ কোটি টকাৰ মালিক। চুমি আৰু বিশালৰ সম্পত্তিৰ পৰিমাণ দেখিলে আচৰিত হ'ব আপুনি। উপহাৰ, কাপোৰৰ নামত কোটি কোটি টকা ব্যয় কৰিছিল বিশাল- চুমিয়ে।

১.৫কোটিৰ হীৰাৰ টুকুৰা, বিয়াত ৩ কোটি, ফ্লেট, গাড়ী...চাওক বিশাল আৰু চুমিৰ বিলাসৰ নমুনা

বিশাল- চুমি

Follow Us On

বৰ্তমান ৰাজ্যত চৰ্চাত থকা এটি বিষয় হৈছে অনলাইন ট্ৰেডিং। বিশাল ফুকন, স্বপ্ননীল দাস আদিৰ দৰে একাংশই ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰ জাল মেলি হাজাৰ হাজাৰ মানুহক লুটিছে। গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা কোটি কোটি ধনেৰে বিলাসী জীৱন কটোৱা এই সকললোকে নিজৰ বাবে কৰি লৈছে হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি। কেৱল নিজৰ লগতে নহয়,পৰিয়াল, আত্মীয়-বৰ্গ, বন্ধু আদি সকলোৰে নামত এই ধন খৰচ কৰিছিল। বিশাল  নামৰ ২২ বছৰীয়া যুৱকজন প্ৰায় ২০০০ কোটি টকাৰ মালিক। এই যুৱকজনৰ নামত মাটি, ফ্লেট, বিলাসী গাড়ী আদি কি কি নাই।

অসম আৰক্ষীয়ে এই ঘটনাৰ তদন্ত চলাই আছে। ইতিমধ্যে বিশালৰ প্ৰৱঞ্চনাৰ প্ৰমাণ পাইছে আৰক্ষীয়ে। এই সমগ্ৰ বিষয়টোত নাম সাঙোৰ খাইছে নৃত্যশিল্পী চুমি বৰাৰ। অভিযোগ অনুসৰি চুমিয়ে বিশালক এজেন্ট আনি দিয়াত সহায় কৰিছিল আৰু চুমিৰ ককায়েক- বোয়েক এই প্ৰৱঞ্চনাত প্ৰত্যক্ষভাৱে জড়িত আছিল। বৰ্তমান চুমিয়ে পলাতক অৱস্থাত থকাৰ লগতে তেওঁৰ জ্যেষ্ঠ ভাতৃ ৰাজীৱ বৰা আৰু বৌয়েক জিংকী মিলিক ৱান্টেড ঘোষণা কৰিছে আৰক্ষীয়ে।

বিশাল আৰু চুমিৰ ব্যয়ৰ পৰিমাণ দেখিলে আচৰিত হ’ব আপুনি। আৰক্ষীয়ে লাভ কৰা বিশালৰ সম্পত্তিল বিস্তৃত তথ্য তলত উল্লেখ কৰা হ’ল-

  • ডিব্ৰুগড়ৰ বৈৰাগী মঠত ২০০০ বৰ্গফুটৰ ব্যক্তিগত কাৰ্যালয়। এই কাৰ্যালয়ৰ কেৱল ইন্টাৰিয়ৰ ডিজাইন কৰাৰ নামত ৮৫ লাখ টকা ব্যয় চুমি আৰু বিশালৰ।
  • পূৰ্বাঞ্জলী এপাৰ্টমেন্ট ৬৩.২৫ লাখ টকাত ক্ৰয়।
  • ডিব্ৰুগড়ৰ চুমি বৰাৰ ডান্স একাডেমীৰ নামত ৩৩ লাখ টকা ডিজাইনাৰৰ নামত ব্যয়।
  • এই ডান্স একাডেমীৰ মাটিৰ মালিকক ৫ লাখ টকা, টাইলছৰ নামত ১০ লাখ টকা, অত্যাধিক চাউণ্ড প্ৰুফ ডিজাইনাৰৰ বাবে ১৫ লাখ টকা ব্যয়।
  • বিশালে চুমিক ২৩ ছেপ্টেম্বৰত হীৰাৰ আঙুঠি উপহাৰ দিছিল। ইয়াৰ মূল্য ৭৬ লাখ টকা।
  • নৱেম্বৰৰ ২৩ তাৰিখে চুমিয়ে বিশালক ২.৯৫ লাখ টকাৰ উপহাৰ।
  • বিশালে চুমিক ২ লাখ টকাৰ টেডি বিয়েৰ উপহাৰ কৰিছিল ৮ আগষ্টত।
  • চুমি বৰাৰ ব্যক্তিগত জীম ট্ৰেইনাৰৰ নামত বিশালে মাহে দিছিল ৫০,০০০ টকা।
  • চুমি বৰাৰ বিয়াৰ পাছত চুমি, বিশাল আৰু আদিত্যম শইকীয়া ডুবাইলৈ গৈছিল। এই ৩ দিনত বিশালে ৫৭ লাখ টকা খৰচ কৰিছিল।
  • সেই ডুবাই ভ্ৰমণতে বজাৰৰ নামত খৰচ কৰিছিল ১.৫ কোটি টকা।
  • গুৱাহাটীৰ নাৰেংগীত ১.৫ কোটি টকাৰ আইডিয়েল ভিউ এপাৰ্টমেন্ট।
  • গুৱাহাটীৰ তৰুণ নগৰত আছে ৭ কোটি টকাৰ দুপ্লেক্স।
  • বিশালে মাকক ৩৩ লাখ টকাৰ গাড়ী উপহাৰ দিছিল।
  • চুমিৰ স্বামী তাৰ্কিক বৰাক ৪৪ লাখ টকাৰ ফৰ্চুনাৰ গাড়ী উপহাৰ দিছিল।
  • উদয়পুৰৰ চুমিৰ ডেষ্টিনেশ্যন ৱেডিঙত বিশালে খৰচ কৰিছিল ৩ কোটি টকা।
  • উদপুৰৰ পৰা গুৱাহাটীলৈ বিমানৰ খৰচ ৩৩ লাখ টকা।
  • পাৰ্চেলিয়া মেডিচিন কোম্পানীৰ নামত ক্ৰয় কৰিছিল ১০ বিঘা মাটি। ইয়াৰ বাবে ২৫ লাখ টকা দিছিল মালিকক।
  • চুমি বৰাৰ ঘৰৰ কাষত ৫ বিঘা মাটি ৰাজীৱ বৰাৰ নামত। ইয়াৰ বাবে ব্যয় ৪৪ লাখ টকা নগদ আৰু ২৫ লাখ টকা মালিকক দিছে। এই মাটিৰ মূল্য ৮৭ লাখ টকা
  • ডিব্ৰুগড়ৰ লীলাগগৈ পথত ফ্লেট ক্ৰয় কৰাৰ নামত ৪৪ লাখ টকা নগদ, ১৮ লাখ টকাৰ চেক দিছে।
  • বিশালে চুমিক ১.৫ কোটি টকাৰ হীৰাৰ অলংকাৰ উপহাৰ কৰিছিল।
  • বিশালে মেডিছিন কোম্পানীত বিনিয়োগ কৰিছিল ৫০ লাখ টকা।
  • লীলাগগৈ পথত থকা কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ নামত মাহে ৩ লাখ টকা খৰচ।
  • দুটা অফিচ আছে, য’ত ২৫ হাজাৰকৈ ভাড় দিয়ে।
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version