চুমি- তাৰ্কিকক Most Wanted ঘোষণা, দুয়োকে বিচাৰি মেঘালয়ত আৰক্ষীৰ অভিযান | assam online trading fraud case sumi borah tarkik borah most wanted Assam news - Assam Tv9

চুমি- তাৰ্কিকক Most Wanted ঘোষণা, দুয়োকে বিচাৰি মেঘালয়ত আৰক্ষীৰ অভিযান

Published: 

09 Sep 2024 14:30 PM

চুমি আৰু বিশালৰ সম্পত্তিৰ তালিকা বহু দীঘল। কাপোৰ ক্ৰয় কৰাৰ নামত বিশালে মাহেকত ১ কোটি টকা খৰচ কৰিছিল চুমিৰ নামত। ইমানেই নহয়, চুমিৰ ডেষ্টেনেশ্যন ৱেডিঙত প্ৰায় ৩ কোটি টকা খৰচ কৰিছিল বিশালে।

চুমি- তাৰ্কিকক Most Wanted ঘোষণা, দুয়োকে বিচাৰি মেঘালয়ত আৰক্ষীৰ অভিযান

চুমি- তাৰ্কিক

Follow Us On

অভিনেত্ৰী চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক MOST WANTED ঘোষণা অসম আৰক্ষীৰ। চুমি- তাৰ্কিকৰ লগতে চুমিৰ ভাতৃ ৰাজীৱ বৰা আৰু বৌয়েক জিংকি মিলিকো MOST WANTED ঘোষণা কৰিছে অসম আৰক্ষীয়ে। বিগত প্ৰায় ৭ টা দিন ধৰি চুমি- তাৰ্কিকক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে যদিও এতিয়ালৈকে কোনো সন্ধান পোৱা নাই। আৰক্ষীয়ে সন্দেহ কৰিছে যে চুবুৰীয়া ৰাজ্য মেঘালয়ত চুমি- তাৰ্কিকে আত্মগোপন কৰি আছে। ইয়াৰ পাছতে অসমৰ লগতে মেঘালয়ৰো বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

ইয়াৰোপৰি ৫গৰাকী ইউটিউবাৰো আৰক্ষীৰ তদন্ত অহাৰ সম্ভাৱণা আছে। এই কেইগৰাকীয়ে অনলাইন ট্ৰেডিঙৰ লগত জড়িত বাতৰি প্ৰচাৰ কৰিছিল যাৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে অতি শীঘ্ৰেই এই ইউটিউবাৰ কেইজনক আৰক্ষী থানাত হাজিৰ হ’বলৈ তলব   কৰিব পাৰে। ইমানেই নহয়, ডিব্ৰুগড়ৰ ১২-১৩ গৰাকী চিকিৎসকো এই তদন্তৰ আওতাত আহিব পাৰে। খবৰ অনুসৰি এই চিকিৎসক কেইজনে চুমি আৰু বিশালৰ তাত ৫ ৰ পৰা ৫০ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিছিল। আৰক্ষীৰ তদন্তত বহু ৰৌ- বৰালী জালত পৰাৰ সম্ভাৱণা আছে।

উল্লেখ্য যে, অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰ জাল পেলাই ১০০০ কোটি টকাৰো অধিক সম্পত্তিৰ মালিক হৈছিল চুমি- তাৰ্কিক। ধন বিনিময়ৰ নামত ৩০ শতাংশ লাভ দিয়াৰ  প্ৰলোভনেৰে চুমি- বিশালে এই প্ৰৱঞ্চনাৰ খেলখন খেলিছিল। চুমিৰ যোগেদি বিশালৰ তাত বিনিয়োগ হৈছিল প্ৰায় ১০০ কোটি টকা।

চুমি আৰু বিশালৰ সম্পত্তিৰ তালিকা বহু দীঘল। কাপোৰ ক্ৰয় কৰাৰ নামত বিশালে মাহেকত ১ কোটি টকা খৰচ কৰিছিল চুমিৰ নামত। ইমানেই নহয়, চুমিৰ ডেষ্টেনেশ্যন ৱেডিঙত প্ৰায় ৩ কোটি টকা খৰচ কৰিছিল বিশালে। চুমিক দামী- দামী উপহাৰ দিয়াৰ লগতে হীৰা, ফ্লেট, ঘৰ আদিও দিছিল বিশালে। চুমি আৰু বিশালৰ বহু সম্পত্তি ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে। এতিয়াও বিশালৰ একাউন্টত প্ৰায় ১০০ কোটি টকা জমা আছে। পৰৱৰ্তী সময়ত বিশালৰ সম্পত্তিৰ আৰু তথ্য পোহৰলৈ আহিব পাৰে।

আৰক্ষীয়ে বিশালক গ্ৰেপ্তাৰ কৰিছিল যদিও পলাতক হৈ আছে তেওঁৰ সহযোগী চুমি বৰা।  প্ৰথম অৱস্থাত কণ্ঠশিল্পী দীক্ষুৰ ঘৰত আশ্ৰয় লোৱা চুমিয়ে পৰৱৰ্তী সময়ত ক’লৈ পলায়ন কৰিছিল এতিয়াও আৰক্ষীয়ে ধৰিব পৰা নাই। চুমি- তাৰ্কিকৰ লগতে ৰাজীৱ আৰু জিংকিৰো কোনো খা- খবৰ এতিয়ালৈকে। আৰক্ষীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে। তদন্তৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version