“একলা চলো ৰে”…কিহৰ ইংগিত দিলে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই ?
কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাৰ এটা ফেচবুক পোষ্টে ডাঙৰ ইংগিত বহন কৰিছে বুলি ক'ব পাৰি । বিৰোধী দলসমূহ একত্ৰিত হোৱাৰ ক্ষেত্ৰত যে সমস্যা আছে তাৰো ইংগিত দিছে এই পোষ্টটোৱে ।

২০২৬ ৰ পূৰ্বে অসমত বিৰোধী ৰাজনৈতিক দলসমূহ একত্ৰিত হোৱাকলৈ ৰাজনৈতিক মহলত চৰ্চা অব্যাহত থকাৰ মাজতে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাৰ এটা ফেচবুক পোষ্টে ডাঙৰ ইংগিত বহন কৰিছে বুলি ক’ব পাৰি । বিৰোধী দলসমূহ একত্ৰিত হোৱাৰ ক্ষেত্ৰত যে সমস্যা আছে তাৰো ইংগিত দিছে এই পোষ্টটোৱে ।
দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ফেচবুকত দিয়া পোষ্টটোৱে এককভাৱে নিৰ্বাচনী যুদ্ধত আগবঢ়াৰ ইংগিত প্ৰদান কৰিছে । দেওবাৰে পুৱা ফেচবুকত দিয়া পোষ্টটোত বিৰোধী দলসমূহৰ মাজত থকা সম্ভাৱ্য মতানৈক্যৰ ইংগিত পোৱা গৈছে। ভূপেন বৰাই বৰাই ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘একলা চলো ৰে’ৰ বিখ্যাত গীতটো শ্বেয়াৰ কৰাৰ লগতে তেওঁ লিখিছে ‘প্ৰি-প’ল/প’ষ্ট-প’ল’ !
ভূপেন বৰাৰ ফেচবুক পোষ্ট
মনকৰিবলগীয়া যে, শনিবাৰে সন্ধিয়া সোণাপুৰৰ এখন ৰিজ’ৰ্টত বিৰোধীদলসমূহ একত্ৰিত হোৱাৰ সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হৈছিল । উক্ত বৈঠকৰ পৰা কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে হঠাতে বিদায় লয় । ইয়াৰ পাছতে ৰাজনৈতিক মহলত বিজেপি বিৰোধী মঞ্চ গঠনৰ বাবে একমতৰ ওপৰত সন্দেহৰ সৃষ্টি হয়।
২০২৬ ৰ বাবে অবিজেপি দলসমূহক এক উমৈহতীয়া মঞ্চত একত্ৰিত কৰিবলৈ বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোঁহাইৰ দৰে বিশিষ্ট নাগৰিকে আহ্বান জনোৱা উক্ত বৈঠকত কংগ্ৰেছ, বাওঁপন্থী দল, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদকে ধৰি বিৰোধী দলসমূহৰ প্ৰতিনিধি উপস্থিত আছিল ।
দুবাৰকৈ লোকসভাৰ সাংসদ তথা প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে সভাখনৰ পৰা হঠাতে ওলাই আহি নিজৰ বাহনখনেৰে সেই স্থান ত্যাগ কৰে । এই সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছিল সাংসদগৰাকীয়ে। একেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বৈঠকৰ আলোচনাৰ কথা প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰি সিদ্ধান্তসমূহ আয়োজকসকলে অৱগত কৰিব বুলি কয়।
অৱশ্যে দেওবাৰে পুৱা ভূপেন বৰাই দিয়া ফেচবুক পোষ্টটোত বিৰোধীৰ মাজত সম্ভাৱ্য মতানৈক্যৰ ইংগিত পোৱা গৈছে। বিৰোধী বৈঠকৰ আয়োজকসকলৰ ভিতৰত বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকাই দাবী কৰে যে, দলসমূহে একত্ৰিত হৈ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শনিবাৰে সন্ধিয়া হৰেকৃষ্ণ ডেকাই কয় যে, “আলোচনা আৰু যুক্তিৰ অন্তত বৃহত্তৰ স্বাৰ্থত সকলো অবিজেপি দল একত্ৰিত হ’ব বুলি সিদ্ধান্ত লোৱা হয় ।”
একেদৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও একত্ৰিত হোৱাৰ সিদ্ধান্ত লোৱা বুলি কয়। একেধৰণৰ মন্তব্য প্ৰকাশ কৰিছিল ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়েও। বিৰোধী ৰাজনৈতিক দলসমূহ একত্ৰিত হ’ব পাৰিব নে নাই সেই কথা স্পষ্টকৈ কোৱা টান যদিও এই ক্ষেত্ৰত যে সমস্যা আছে সেয়া স্পষ্ট ।