অৰুণোদয় আঁচনিঃ কোন মহিলাই কেনেকৈ লাভ কৰিব চৰকাৰী ধন, জানক সবিশেষ…
Orunodoi scheme Assam: চৰকাৰে মহিলাৰ কল্যানৰ হকে ৰূপায়ন কৰা আঁচনিসমূহৰ ভিতৰত এটা হ'ল অৰুণোদয় আঁচনি। এই আঁচনিৰ অধীনত মহিলাসকলে মাহিলী ১২৫০ টকাকৈ লাভ কৰে।
চৰকাৰে বিভিন্ন সময়ত জনতাৰ হকে বহু কল্যানমূলক আঁচনি ৰূপায়ন কৰে। মহিলা সবলীকৰণ আৰু আৰ্থিক সাহাৰ্য প্ৰদানৰ অৰ্থে ৰূপায়ন কৰা এনে এক আঁচনি হ’ল অৰুণোদয় আঁচনি (Assam Orunodoi Scheme) । ২০২০ চনৰ অক্টোবৰ মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে অৰুণোদয় আঁচনিৰ উন্মোচন কৰিছিল। এই আঁচনিৰ অধীনত বৰ্তমান ৰাজ্যৰ লাখ লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰে।
অৰুণোদয় আঁচনি
অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ অধীনত মহিলাসকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয়। প্ৰথম অৱস্থাত মহিলাসকলক ৮৩০ টকা দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত ইয়াৰ পৰিমাণ বৃদ্ধি কৰা হয়। অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিগত অভাৱ পূৰণৰ বাবে আৰু চিকিৎসা সম্বন্ধীয় খৰচৰ বাবে অসম চৰকাৰে আৰ্থিক সাহাৰ্য প্ৰদান কৰে। এই আঁচনি মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ক’ব পাৰি।
অৰুণোদয় ৩.০
২০২৫ চনত অৰুণোদয় ৩.০ মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই আঁচনিৰ অধীনত মহিলাসকলক মাহিলী ১২৫০ টকা প্ৰদান কৰা হয়। ইয়াৰ অধীনত প্ৰতিটো বিধানসভা সমষ্টিত ১০,০০০ পৰিয়ালৰ হাৰত মুঠ ১২ লাখ নতুন হিতাধিকাৰীক সামৰি লোৱা হৈছে বুলি দাবী কৰে অসম চৰকাৰে। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ অধীনত মহিলাসকলক আবেদন জনাবলৈ আহ্বান কৰিছে।
কোনে লাভ কৰিব ধন
- আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
- বৰ্তমান সময়ত অসমত বাস কৰা হ’ব লাগিব।
- ঘৰৰ আয় বছৰি ২ লাখতকৈ অধিক হ’ব নোৱাৰে।
- হিতাধিকাৰীৰ নিজা বেংক একাউন্ট থাকিব লাগিব।
- বিধৱা, বিবাহ বিচ্ছেদ হোৱা মহিলা, আৰু ভিন্নভাৱে সক্ষমসকলে আবেদন প্ৰক্ৰিয়াত অগ্ৰাধিকাৰ লাভ কৰিব।
- চৰকাৰী কৰ্মচাৰীয়ে লাভ নকৰে ধন।
- সকলো অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াকো বাদ দিয়া হ’ব।
- চাৰিচকীয়া বাহন থকাসকলে লাভ নকৰে ধন।
কি কি লাগিব
- আধাৰ কাৰ্ড
- পেন কাৰ্ড
- ডমিচাইল চাৰ্টিফিকেট
- আয়ৰ প্ৰমাণ পত্ৰ
- বেংকৰ পাছবুক
- মোবাইল নম্বৰ
- পাছপ’ৰ্টৰ আকাৰৰ ফটো
- ৰেচন কাৰ্ড
কেনেকৈ কৰিব আবেদন
যোগ্য মহিলাসকলে অনলাইন আবেদন কৰিব পাৰিব।
Orunodoi 3.0 অনলাইন আবেদনৰ অফিচিয়েল ৱেবছাইট চাওক। ক্লিক কৰক
Homepage ত দিয়া Apply Online বুটামটোত ক্লিক কৰক।
প্ৰয়োজনীয় তথ্য দিয়ক।
পাছত আপলোড কৰক।
অন্য খবৰ পঢ়কঃ নিযুত মইনা আঁচনিঃ জানক কোনে, কেনেকৈ ইয়াৰ বাবে কৰিব পাৰে আবেদন…