কংগ্ৰেছে অসমক বদনাম কৰিবলৈ চেষ্টা কৰে নেকি ? সাংঘাতিক ধৰণে হোৱা নাই মনোনয়ন প্ৰত্যাহাৰ ! কংগ্ৰেছৰ অভিযোগক লৈ কি প্ৰতিক্ৰিয়া মুখ্য়মন্ত্ৰীৰ ?
অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই তেওঁলোকৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীক মনোনয়ন প্ৰত্যাহাৰ কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছে “সদায় অসমক বদনাম কৰিবলৈ চেষ্টা কৰা” বুলি অভিযোগ উত্থাপন কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ বাবে প্ৰাৰ্থীয়ে ভয়-ভাবুকিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে । কংগ্ৰেছৰ এই বিস্ফোৰক অভিযোগক সম্পূৰ্ণৰূপে নাকচ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই তেওঁলোকৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীক মনোনয়ন প্ৰত্যাহাৰ কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছে “সদায় অসমক বদনাম কৰিবলৈ চেষ্টা কৰা” বুলি অভিযোগ উত্থাপন কৰে।
কংগ্ৰেছৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে, যদি এনে ঘটনা সংঘটিত হ’লহেঁতেন তেন্তে সকলোতে খবৰটো চৰ্চা হ’লহেঁতেন। “কংগ্ৰেছে এই কথা কৈছে, কিন্তু মই স্থানীয় বাতৰি কাকত বা টিভি চেনেলত এইলৈ কোনো ধৰণৰ খবৰ প্ৰকাশ পোৱা দেখা নাই । ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে । এই নিৰ্বাচনত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাছিল।” এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।
তেওঁ কয় যে,অসমত ২২ হাজাৰ গাঁও আছে, কিন্তু কংগ্ৰেছে মাত্ৰ এটা বা দুটা উদাহৰণ দিয়ে । যদি তেওঁলোকে প্ৰশাসনক অৱগত কৰে, তেন্তে প্ৰশাসনে তৎক্ষণাত ইয়াৰ ওপৰত ব্যৱস্থা ল’ব। জিলা প্ৰশাসন, আৰক্ষী নিৰপেক্ষ হ’ব। তদুপৰি তেওঁ কয়, ” আমি শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰোঁ । কিন্তু কংগ্ৰেছে সদায় অসমক বদনাম কৰিবলৈ চেষ্টা কৰে।”
ইফালে তেওঁ কয় যে, কংগ্ৰেছ নেতাসকলে যিকোনো এই ধৰণৰ ঘটনাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব লাগে আৰু অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। “আমাক এটা নিৰ্দিষ্ট অভিযোগ দিয়ক । যদি কোনোবাই আপোনাক হাৰাশাস্তি কৰিছে, তেন্তে আমি তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু এতিয়ালৈকে কোনোবাই অভিযোগ দাখিল কৰা বুলি কোনো তথ্য পোৱা নাই। প্ৰদ্যুত বৰদলৈ আৰু ভূপেন বৰাই ডিজিপিক জনাইছিল, কিন্তু কোনো প্ৰাৰ্থীয়ে অভিযোগ দাখিল কৰা নাই। কোনোবাই যদি অভিযোগ দাখিল কৰে, তেন্তে আমি তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিম।” এইদৰে কংগ্ৰেছৰ অভিযোগকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্য়মন্ত্ৰীয়ে ।
মুখ্যমন্ত্ৰীয়ে জনাইছে যে, প্ৰাৰ্থীসকলে সাংঘাতিক ধৰণে মনোনয়ন প্ৰত্যাহাৰ কৰা নাই । ২০০০ৰো অধিক প্ৰাৰ্থীয়ে ৩০০খন জিলা পঞ্চায়তৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিজৰ নাম পঞ্জীয়ন কৰিছে। “পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা লোকসকল জ্ঞানী মানুহ। এনেধৰণৰ ব্যাপক প্ৰত্যাহাৰ হোৱা নাই। এইবাৰ সৰ্বাধিক সংখ্যক লোকে পঞ্চায়ত আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। যদি এনে ঘটনা সংঘটিত হয়, তেন্তে সকলো ঠাইৰ পৰা খবৰ আহিব।” এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।