শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মুখ্যমন্ত্ৰী হিচাপে উপযুক্ত নহয় হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যত ৰাষ্ট্ৰপতি শাসনৰ প্ৰয়োজন: ৰকিবুল হুছেইন

ৰাজ্যত চলি আছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। এই সময়চোৱাত ৰাজ্যৰ শাসক-বিৰোধী সোমাই পৰিছে অভিযোগ-প্ৰতিঅভিযোগত। ইয়াৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবলৈ কয়।

মুখ্যমন্ত্ৰী হিচাপে উপযুক্ত নহয় হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যত ৰাষ্ট্ৰপতি শাসনৰ প্ৰয়োজন: ৰকিবুল হুছেইন
ৰকিবুল হুছেইনImage Credit source: PTI
barasha-sarma
Barasha Sarma | Published: 29 Apr 2025 14:14 PM

মাজত মাত্ৰ কেইটামান দিন। অহা  ২ মে’ আৰু ৭ মে’ত  দুটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। এনে পৰিস্থিতিত ৰাজ্যৰ প্ৰতিটো দল-সংগঠনে প্ৰচাৰ চলাই গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা কেইটামান দিনত বৰাকৰ লগতে বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰা দেখা যায়। এই সময়ত মুখ্যমন্ত্ৰীয়ে বিশেষকৈ কংগ্ৰেছ দলক আক্ৰমণ কৰি লয়।

ইয়াৰ মাজতে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীক গৃহমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ দাবী জনাই কয় কয় যে, মুখ্যমন্ত্ৰী পদৰ বাবে হিমন্ত বিশ্ব শৰ্মা উপযুক্ত ব্যক্তি নহয়। মঙলবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সাংসদগৰাকীয়ে কয় – মই খোলাকৈ কথা কওঁ বাবে মোক ভয় খুৱাব বিচাৰে। যদি কামৰ বেছিকৈ হেঁচা পৰিছে তেন্তে শৰ্মাই গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে।

ৰকিবুল হুছেইনে লগতে কয়,  মুখ্যমন্ত্ৰী পদৰ বাবে হিমন্ত বিশ্ব শৰ্মা উপযুক্ত নহয়। তেওঁ ৰাজধৰ্ম পালন নকৰে। মই ভাবো অসমত ৰাষ্ট্ৰপতি শাসনৰ প্ৰয়োজন। অৱশ্যে এয়া কংগ্ৰেছৰ নহয়,  ব্যক্তিগত মত বুলিহে উল্লেখ কৰে সাংসদগৰাকীয়ে। লগতে কয়, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত হিমন্ত বিশ্ব শৰ্মা আজমলতকৈ বেছি মুছলমান হৈ যাব। ২ তাৰিখৰ পাছত তেওঁ সলনি হৈ যাব। ধুবুৰীতো নিৰ্বাচনী প্ৰচাৰৰ বাবে নাযাওঁ বুলি তেওঁ গৈছিল। কংগ্ৰেছত তেওঁ থকা সময়খিনিয়ে কেৱল ভাল আছিল বাকী বেয়া । বিজেপিৰ বিৰুদ্ধে সেই সময়ত তেওঁ কি কি কৈছিল সকলোৱে জানে। ইয়াৰোপৰি সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰী হিচাপে শৰ্মাৰ থাকিবলগীয়া গাম্ভীৰ্যতা নাই বুলি তেওঁ কয়।

উল্লেখ্য যে, দেওবাৰে নগাঁও জিলাৰ পঞ্চায়ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাক দুৰ্বৃত্তৰ এটা দলে আক্ৰমণ কৰিছিল। ক’লা পোছাক পৰিহিত ১০-১২ জনীয়া  তেওঁলোকক আক্ৰমণ কৰা বুলি জানিব পৰা গৈছিল।  পৰৱৰ্তী সময়ত দুয়ো ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল।

এই আক্ৰমণৰ ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল যে, এয়া কংগ্ৰেছৰ প্ৰতি থকা সংখ্যালঘু লোকসকলৰ ক্ষোভ। কংগ্ৰেছৰ কামত যথেষ্ট অসন্তুষ্ট হৈ পৰিছে সংখ্যালঘু লোকসকল।  এই সময়চোৱাত মুখ্যমন্ত্ৰীয়ে সাংসদ ৰকিবুল হুচেইনৰ কথা দোহাৰি কৈছিল যে এতিয়া ধুবুৰীলৈ যাব ভয় কৰে ৰকিবুলে।   মুখ্যমন্ত্ৰীৰ এনে অভিযোগৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদ ৰকিবুল হুছেইনে শৰ্মাক গৃহমন্ত্ৰী হিচাপে পদত্যাগ কৰাৰ কথা কয়।

 

অন্য খবৰ পঢ়কঃপুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…