Assam Panchayat Elections 2025: পঞ্চায়ত নিৰ্বাচনৰ ৩৪৮ খন আসনত নহয় প্ৰতিদ্বন্দ্বিতা ! NDA অগ্ৰগতিক লৈ ডাঙৰ দাবী মুখ্যমন্ত্ৰীৰ
ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ৩২৫ খন আসন বিনা প্ৰতিদ্বন্দ্বিতাৰে লাভ কৰিছে বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটে । শুকুৰবাৰে এই দাবী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ৰাজ্যৰ পঞ্চায়ত ব্যৱস্থাৰ ৩৪৮খন আসনত নহয় কোনো প্ৰতিদ্বন্দ্বিতা । ইয়াৰে ৩২৫ খন আসন বিনা প্ৰতিদ্বন্দ্বিতাৰে লাভ কৰিছে বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটে । শুকুৰবাৰে এই দাবী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, তিনিটা স্তৰৰ পঞ্চায়ত ব্যৱস্থাৰ বাবে ভোটগ্ৰহণ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব অহা ২ মে’ত আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অহা ৭ মে’ত অনুষ্ঠিত হ’ব।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ১৭ এপ্ৰিল পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন আছিল । মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম এক্স হেণ্ডেলত দিয়া এটা পোষ্টত দাবী কৰে যে, “এতিয়ালৈকে পোৱা খবৰ অনুসৰি এন ডি এয়ে ইতিমধ্যে ৩৭খন জিলা পৰিষদৰ (৩৫খন বিজেপি আৰু ২খন অগপ) আৰু ২৮৮খন আঞ্চলিক পঞ্চায়তৰ (২৫৯খন বিজেপি আৰু ২৯খন অগপ) আসন বিনা প্ৰতিদ্বন্দ্বিতাৰে লাভ কৰিছে।”
Yesterday marked the last date for withdrawal of nominations for the upcoming Panchayat elections. As per reports received so far, the NDA has already secured 37 Zila Parishad (35 BJP and 2 AGP) and 288 Anchalik Panchayat (259 BJP and 29 AGP) seats unopposed.
This is a massive… pic.twitter.com/5PSFRa9HtG
— Himanta Biswa Sarma (@himantabiswa) April 18, 2025
ইফালে নিৰ্দলীয় প্ৰাৰ্থীয়ে আঞ্চলিক পৰিষদৰ ১৫খন আসন, কংগ্ৰেছে ৯খন আৰু এ আই ইউ ডি এফে বিনা প্ৰতিদ্বন্দ্বিতাৰে এখন আসন লাভ কৰিছে। তেওঁ কয়, “এয়া অসমৰ ৰাজনৈতিক ইতিহাসত এক বৃহৎ আৰু অভূতপূৰ্ব সফলতা । ইয়াৰ দ্বাৰা এন ডি এৰ প্ৰতি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি অসমৰ জনসাধাৰণৰ যি অপৰিসীম আস্থা আৰু মৰম আছে, তাৰ প্ৰতিফলন ঘটিছে।”
“আমি নিশ্চিত যে যেতিয়া চূড়ান্ত নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব তেতিয়া এই হিচাপ আৰু অধিক আকৰ্ষণীয় হৈ উঠিব। অসমৰ পঞ্চায়ত নিৰ্বাচন যুঁজ দিবলৈ এনডিএ সকলো ফালৰ পৰা সাজু হৈছে।” এইদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
ইফালে, ৰাজ্যিক নিৰ্বাচন আয়োগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া অনুসৰি, শনিবাৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰাৰ আসনৰ হিচাপ প্ৰকাশ কৰা হ’ব । অহা ১১ মে’ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব।
উল্লেখ্য যে, গ্ৰাম পঞ্চায়তত মুঠ ২১,৯২০ খন, আঞ্চলিক পৰিষদত ২,১৯২ খন আৰু জিলা পৰিষদৰ ৩৯৭ আসন আছে।ৰাজ্যৰ ৩৪খন জিলাৰ ভিতৰত ২৭খন জিলাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ আছে কাৰণ বাকী ৭খন জিলা স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা পৰিচালিত। এইবাৰ পঞ্চায়ত নিৰ্বাচনত মুঠ ১.৮০ কোটি লোকে ভোটদানৰ যোগ্যতা অৰ্জন কৰিছে।