ৰাজ্যত নতুন নীতি অনুসৰি অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন: ক’ত ক’ত কিমান হ্ৰাস-বৃদ্ধি হ’ল পঞ্চায়তৰ সংখ্যা?

উপ-নিৰ্বাচনৰ পাছত ৰাজ্যত আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনক লৈ বহু জল্পনা-কল্পনা। কিন্তু পূৰ্বতকৈ কিছু পৃথক হ'ব পঞ্চায়ত নিৰ্বাচন। এইবাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনত নাথাকিব দলীয় প্ৰতীক।ইয়াৰ উপৰিও নতুনকৈ নিৰ্ধাৰিত হোৱা সীমাৰ ভিত্তিত হ’ব নিৰ্বাচন। যাৰ বাবে ১১ ডিচেম্বৰত প্ৰকাশ হ’ব খচৰা ভোটাৰ তালিকা। ২৮ ডিচেম্বৰত প্ৰকাশ কৰা হ’ব চূড়ান্ত ভোটাৰ তালিকা।

ৰাজ্যত নতুন নীতি অনুসৰি অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন: কত কত কিমান হ্ৰাস-বৃদ্ধি হ’ল পঞ্চায়তৰ সংখ্যা?

Assam Panchayat Polls 2025

Published: 

04 Dec 2024 14:20 PM

ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।  উপ-নিৰ্বাচনৰ পাছত ৰাজ্যত আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনক লৈ বহু জল্পনা-কল্পনা। কিন্তু পূৰ্বতকৈ কিছু পৃথক হ’ব পঞ্চায়ত নিৰ্বাচন। এইবাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনত নাথাকিব দলীয় প্ৰতীক।ইয়াৰ উপৰিও নতুনকৈ নিৰ্ধাৰিত হোৱা সীমাৰ ভিত্তিত হ’ব নিৰ্বাচন। যাৰ বাবে ১১ ডিচেম্বৰত প্ৰকাশ হ’ব খচৰা ভোটাৰ তালিকা। ২৮ ডিচেম্বৰত প্ৰকাশ কৰা হ’ব চূড়ান্ত ভোটাৰ তালিকা।এই সন্দৰ্ভত জানুৱাৰীৰ প্ৰথম সপ্তাহত জাৰি হ’ব নিৰ্বাচনী অধিসূচনা। এই কথা জনাইছে ৰাজ্যিক নিৰ্বাচন আয়োগে।

এইবাৰ ৰাজ্যিক নিৰ্বাচন আয়োগৰ পৰিৱৰ্তে পঞ্চায়ত নিৰ্বাচন  অনুষ্ঠিত কৰিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে। পঞ্চায়ত নতুন নীতি অনুসৰি এইবাৰ একেদৰে গাঁও পঞ্চায়ত পৰ্যায়ত নাথাকিব দলীয় প্ৰতীক। অৱশ্যে,  জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত পৰ্যায়ত দলীয় প্ৰতীক থাকিব।  নিৰ্বাচন আয়োগে প্ৰতীক চিহ্ন প্ৰদান কৰিব গাঁও পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ প্ৰাৰ্থীৰ। লগতে পূৰ্বৰ দৰে এইবাৰ প্ৰত্যক্ষভাৱে অনুষ্ঠিত নহয় পঞ্চায়তৰ সভাপতি নিৰ্বাচন। সভাপতি নিৰ্বাচিত কৰিব গাঁও পঞ্চায়তৰ ১০ নিৰ্বাচিত সদস্যই ।

ইফালে নতুন পৰিসীমা নিৰ্ধাৰণৰ ভিত্তিত হ’ব এইবাৰৰ নিৰ্বাচন। ইয়াৰ বাবে জিলাই জিলাই গঠন হৈছে নতুন গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ। ক’ৰবাত যদি পঞ্চায়ৰ বিলুপ্তি ঘটিছে, ক’ৰবাত নতুন পঞ্চায়তৰ সংখ্যা বৃদ্ধি হৈছে। আকৌ ক’ৰবাত জিলা পৰিষদ হ্ৰাস হৈছে, ক’ৰবাত আঞ্চলিক পঞ্চায়তৰ সংখ্যা বৃদ্ধি কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি পঞ্চায়তৰ পুনৰ সীমা নিৰ্ধাৰণৰ ফলত ৰাজ্যত বিলুপ্ত হৈছে ২৩খন জিলা পৰিষদ। একেদৰে পূৰ্বৰ ৪২০ৰ পৰা ৩৯৭লৈ হ্ৰাস হৈছে জিলা পৰিষদৰ সংখ্যা।  ইফালে সীমা নিৰ্ধাৰণৰ ফলত হ্ৰাস পাইছে আঞ্চলিক পঞ্চায়তৰ সংখ্যা।  বৰ্তমান ৰাজ্যত আঞ্চলিক পঞ্চায়তৰ সংখ্যা ১৮৪খন। যি পূৰ্বতে আছিল ১৮৫খন। ইফালে  ২১৯৭ৰ পৰা ২১৯৩খনলৈ হ্ৰাস হ’ল গাঁও পঞ্চায়তৰ সংখ্যা।

 জিলাত পঞ্চায়তৰ সংখ্যা পৰিৱৰ্তন

তথ্য অনুসৰি বজালী জিলাত ৩৭ৰ পৰিৱৰ্তে গাঁও পঞ্চায়ত ৩১খনলৈ হ্ৰাস কৰা হৈছে। শ্ৰীভূমিত ৯৫ৰ পৰা ৯৬খনলৈ হ্ৰা। শোণিতপুৰত পূৰ্বৰ ৮২ৰ পৰিৱৰ্তে ৮৮খন। মৰিগাঁৱত ৮৫ৰ পৰা এখন হ্ৰাস।বিশ্বনাথ জিলাত ৭৬ৰ পৰা হ’ল ৭৩। ধুবুৰী জিলাত ১৩২ৰ পৰিৱৰ্তে ১২৮খন। যোৰহাটত ৯০ৰ পৰা হ’ল ৮৬।  ইয়াৰ বিপৰীতে ৭খন জিলাত বৃদ্ধি হ’ল গাঁও পঞ্চায়তৰ সংখ্যা। বৰপেটাত ৯৮ৰ পৰা  ৪ খন বৃদ্ধি হৈ ১০২ হ’ল। গোলাঘাটত ১০২ৰ পৰা ১০৮খন। হোজাইত ১খন বৃদ্ধি হৈ ৬৮ হ’ল। নগাঁৱত ১৭২ৰ পৰা ১৬৪লৈ হ্ৰাস।   লখিমপুৰত ১খন বৃদ্ধি হৈ হ’লগৈ ৮২খন। তিনিচুকীয়াত ৮৫ৰ পৰা ৮৬ হ’ল। কামৰূপ মহানগৰত ২১খনৰ ১খন কৰ্তন।

ইয়াৰ উপৰিও সীমা পুনৰ নিৰ্ধাৰণৰ ফলত জিলা পৰিষদৰো সংখ্যা ১৬খন জিলাত হ্ৰাস  হোৱা দেখা গ’ল। শিৱসাগৰত ১৭ৰ পৰা ১২লৈ হ্ৰাস।   বৰপেটাত ২৩ৰ পৰা ৪ খন কৰ্তন হ’ল। কাছাৰত ২৭ৰ পৰা ২৫খনলৈ হ্ৰাস। ধুবুৰীত ২৪খন জিলা পৰিষদৰ ৪খন কৰ্তন।  হাইলাকান্দিত ১১ৰ পৰা গৈ ৮লৈ হ্ৰাস।যোৰহাটত ১৯খনৰ পৰিৱৰ্তে ১৬খন হ’ল। ডিব্ৰুগড়ৰ ২৩খনৰ পৰা ১খন কৰ্তন।   কামৰূপত ২৬খনৰ পৰা ২খন কৰ্তন। শ্ৰীভূমিত ২০খনৰ পৰা ৪খন কৰ্তন। মৰিগাঁৱৰ ১৩খনৰ পৰা ১খন কৰ্তন। বজালীত ১খন হ্ৰাস হৈ ৫ হ’ল।  নগাঁৱত ২৯ৰ পৰা ২৭লৈ হ্ৰাস। নলবাৰীত ১৩খনৰ পৰা ১খন কৰ্তন। দক্ষিণ শালমাৰাত ৫খনৰ পৰিৱৰ্তে ৪ খন। দৰঙত ১৪খনৰ পৰা ২খন কৰ্তন।

ইয়াৰ বিপৰীতে ৭খন জিলাত জিলা পৰিষদ বৃদ্ধি কৰা দেখা গৈছে। চৰাইদেউত ৭ৰ পৰা ৮খন বৃদ্ধি । শোণিতপুৰত ২০ৰ পৰা ২২খনলৈ বৃদ্ধি । ধেমাজিত ৭ৰ পৰা ১২খন বৃদ্ধি ।  লখিমপুৰত ১খন বৃদ্ধি হৈ ২০খন। তিনিচুকীয়াত ২০পৰা ২২খনলৈ বৃদ্ধি । গোলাঘাটত ১৭ৰ পৰিৱৰ্তে ২০খনলৈ বৃদ্ধি ।

উল্লেখ্য যে, ৰাজ্যিক নির্বাচন আয়োগৰ সুত্ৰই জনোৱা তথ্য অনুসৰি বেলট পেপাৰতেই হ’ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্রহণ। পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে শাসক-বিৰোধীয়ে।
ঠায়ে ঠায়ে অনুষ্ঠিত কৰা হৈছে নিৰ্বাচনী বৈঠক।

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...