5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পুনৰ অনুপ্ৰৱেশৰ চেষ্টা কৰা চাৰি বাংলাদেশীক আটক…

সূত্ৰৰ খবৰ অনুসৰি, অসম আৰক্ষীয়ে যোৱা নিশা পুনৰ চাৰিজন বাংলাদেশী নাগৰিকক অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে আটক কৰে । এই অনুপ্ৰৱেশকাৰী কেইজনে অসমৰ কৰিমগঞ্জ ছেক্টৰে অসম তথা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

পুনৰ অনুপ্ৰৱেশৰ চেষ্টা কৰা চাৰি বাংলাদেশীক আটক…
প্ৰতীকী ফটো
Follow Us
manas-borah
Manas Borah | Published: 23 Sep 2024 13:51 PM

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ পাছত অসম তথা ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশী নাগৰিকে । অসম আৰক্ষী আৰু বিএছএফে বাংলাদেশৰ কোনো লোকৰ যাতে অনুপ্ৰৱেশ নহয় তাৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত অধিক সতৰ্কতা অৱলম্বন কৰিছে । কিন্তু ইয়াৰ মাজতে বাংলাদেশী নাগৰিকে পুনৰ অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ খবৰ প্ৰকাশ পাইছে ।

সূত্ৰৰ খবৰ অনুসৰি, অসম আৰক্ষীয়ে যোৱা নিশা পুনৰ চাৰিজন বাংলাদেশী নাগৰিকক অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে আটক কৰে । এই অনুপ্ৰৱেশকাৰী কেইজনে অসমৰ কৰিমগঞ্জ ছেক্টৰে অসম তথা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে । জানিব পৰা মতে, বাংলাদেশী কেইজনক আটক কৰাৰ পাছত প্ৰমাণ পত্ৰ পৰীক্ষা কৰা হয় আৰু পুনৰ বাংলাদেশলৈ বিতাৰিত কৰা হয় বুলি জানিব পৰা গৈছে ।

ইফালে, এই খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অবৈধভাৱে দেশত প্ৰৱেশ কৰাৰ অপৰাধত চাৰিজন বাংলাদেশী নাগৰিকক আটক কৰা হয় আৰু ভাৰত-বাংলাদেশ সীমান্তৰ অসমৰ কৰিমগঞ্জ খণ্ডৰ জৰিয়তে পুনৰ বিতাৰিত কৰা হয় ।

উল্লেখ্য যে, যোৱা ২২ ছেপ্টেম্বৰ তাৰিখে অসম আৰক্ষী আৰু সীমান্ত নিৰাপত্তা বাহিনীয়ে পৃথকে পৃথকে দুজন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰিছিল। আটকাধীন ব্যক্তিকেইজন চুবুৰীয়া দেশখনৰ বাসিন্দা আল মামন আৰু আনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। চুবুৰীয়া ৰাষ্ট্ৰখনত অস্থিৰতা সৃষ্টি হোৱাৰ পাছৰে পৰা এতিয়ালৈকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা প্ৰায় ১০০ জন বাংলাদেশী নাগৰিকক আটক কৰি বিতাৰিত কৰাৰ কথা জানিবলৈ দিছে বিষয়া সকলে ।

ইফালে,বাংলাদেশৰ অশান্তিৰ পাছত উত্তৰ-পূবৰ ১৮৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফে সতৰ্কতা তীব্ৰতৰ কৰি তুলিছে। সমান্তৰালভাৱে অসম আৰক্ষীয়েও কোনো বাংলাদেশী নাগৰিকে যাতে অবৈধভাৱে ৰাজ্যখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্তত হাই এলাৰ্ট জাৰি কৰিছে ।

Latest News