ৰাজ্যত অব্য়াহত ড্ৰাগছৰ অবাধ সৰবৰাহ ! উৎসৱমুখৰ পৰিৱেশৰ মাজতে শ্ৰীভূমিত ৪৫ কোটি টকাৰ ড্ৰাগছ জব্দ…

শ্ৰীভূমি জিলাত চলোৱা এক অভিযানত প্ৰায় ৪৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । সূত্ৰৰ খবৰ অনুসৰি, গোপন সূত্ৰৰ তথ্য ভিত্তিত শ্ৰীভূমি জিলাৰ হাতীখিৰা অঞ্চলত চলোৱা নাকা তালাচীৰ সময়ত এই ড্ৰাগছখিনি জব্দ কৰে শ্ৰীভূমি আৰক্ষীয়ে ।

ৰাজ্যত অব্য়াহত ড্ৰাগছৰ অবাধ সৰবৰাহ ! উৎসৱমুখৰ পৰিৱেশৰ মাজতে শ্ৰীভূমিত ৪৫ কোটি টকাৰ ড্ৰাগছ জব্দ...

৪৫ কোটি টকাৰ ড্ৰাগছ জব্দ

Updated On: 

25 Dec 2024 09:29 AM

বৰদিনৰ আনন্দৰ মাজতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । উল্লেখ্য যে, অসম আৰক্ষীয়ে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ড্ৰাগছৰ দৰে অবৈধ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । ৰাজ্যখনত যাতে নিচাযুক্ত সামগ্ৰীৰ অবাধ সৰবৰাহ যাতে নহয় তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে অসম আৰক্ষীয়ে । শেহতীয়াকৈ শ্ৰীভূমি জিলাত চলোৱা এক অভিযানত প্ৰায় ৪৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে ।

সূত্ৰৰ খবৰ অনুসৰি, গোপন সূত্ৰৰ তথ্য ভিত্তিত শ্ৰীভূমি জিলাৰ হাতীখিৰা অঞ্চলত নাকা তালাচী চলাইছিল শ্ৰীভূমি আৰক্ষীয়ে । চুবুৰীয়া ৰাজ্যৰ পৰা গোপনে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ তথ্য গোপন সূত্ৰৰ লাভ কৰিছিল আৰক্ষীয়ে । এই তথ্য ভিত্তিতে চলোৱা অভিযানত ৪৫ কোটি টকাৰ য়াবা টেবলেট জব্দ কৰে আৰক্ষীয়ে । ইফালে শ্ৰীভূমি আৰক্ষীৰ এই সফলতাক সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰশংসা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে তথ্য প্ৰকাশ কৰি কয় যে, সূত্ৰ তথ্য ভিত্তিত শ্ৰীভূমি আৰক্ষীয়ে ৪৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে । শ্ৰীভূমি আৰক্ষীয়ে চলোৱা অভিযানত প্ৰথমে জিলাখনৰ হাতীখিৰা অঞ্চলত চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন ট্ৰাক আটক কৰে । ইয়াৰ পাছতে ট্ৰাকখনত তালাচী চলাই ১৬ কিলোগ্ৰামতকৈ অধিক ওজনৰ ১.৫ লাখ ইয়াবা টেবলেট উদ্ধাৰ কৰে আৰক্ষীয়ে ।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে জানিবলৈ দিছে যে, এই অভিযান কালত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকা অপৰাধত এজন লোকক আটক কৰিছে আৰক্ষীয়ে । ইয়াৰ সমান্তৰালভাৱে অধিক তথ্যৰ বাবে তদন্ত অব্য়াহত ৰাখিছে আৰক্ষীয়ে । উল্লেখ্য যে, এই সফলতাই অসম চৰকাৰ তথা অসম আৰক্ষীয়ে ৰাজ্যখন গোপনে চলি থকা ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰিবলৈ চলোৱা প্ৰচেষ্টাক স্পষ্টভাৱে প্ৰতিফলিত কৰিছে । একে সময়তে বৰদিন আৰু নৱবৰ্ষক আদৰাৰ এই উৎসৱমুখৰ পৰিৱেশৰ মাজতে অসম আৰক্ষীয়ে ডাঙৰ সফলতা লাভ কৰিছে বুলি ক’ব লাগিব ।

ইফালে যোৱা দেওবাৰেও কাছাৰ আৰক্ষীয়ে এক অভিযান চলাই প্ৰায় ২০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ লগতে এই অভিযানত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকা অপৰাধত এজন লোককো আটক কৰে আৰক্ষীয়ে । সূত্ৰ খবৰ অনুসৰি, আই জি পি পাৰ্থসাৰথি মহন্তৰ তত্বাৱধানত বিশেষ টাস্ক ফ’ৰ্চে (এছ টি এফ) চলোৱা এই অভিযানত মটৰ চাইকেলেৰে আহি থকা এজন ব্যক্তিৰ পৰা আৰক্ষীয়ে ৬০ হাজাৰ ইয়াবা টেবলেট আৰু ১২৫ গ্ৰাম হেৰ’ইন জব্দ কৰে ।

ইয়াৰ লগতে আৰক্ষীয়ে চাহিল আহমেদ লস্কৰ নামৰ এজন ব্যক্তিক আটক কৰে আৰু তেওঁ চলাই অহা মটৰ চাইকেলখন জব্দ কৰে আৰক্ষীয়ে । জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ মূল্য প্ৰায় ২০ কোটি টকা বুলি জানিব দিয়ে আৰক্ষীয়ে ।

কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...
পৃথিৱীৰ এই গাঁওখনত ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন...কিন্তু কিয় ?
খ্ৰীষ্টমাছত সৰ্বাধিক বিক্ৰী হয় এইবিধ কেক! GST কিমান জানেনে?
খাদ্য গ্ৰহণৰ পাছত কৰক এই কাম, কেতিয়াও নাবাঢ়ে ওজন!