5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Anti-Drug Operations in Assam: কৰিমগঞ্জত পুনৰ ৪.৫ কোটি টকাৰ হেৰ’ইন জব্দ…

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, গোপন সূত্ৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীৰ এটা দলে তালাচী অভিযান চলাইছিল । এই অভিযান কালত কৰিমগঞ্জ আৰক্ষীয়ে প্ৰায় ৪.৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে চাৰিজন লোকক আটক কৰে আৰক্ষীয়ে ।

Anti-Drug Operations in Assam: কৰিমগঞ্জত পুনৰ ৪.৫ কোটি টকাৰ হেৰ’ইন জব্দ…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 13 Oct 2024 19:19 PM

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । সমগ্ৰ অসমতে চলি থকা ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে অভিযান চলাই দেওবাৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে কৰিমগঞ্জ আৰক্ষীয়ে । আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, গোপন সূত্ৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীৰ এটা দলে তালাচী অভিযান চলাইছিল । এই অভিযান কালত কৰিমগঞ্জ আৰক্ষীয়ে প্ৰায় ৪.৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে চাৰিজন লোকক আটক কৰে আৰক্ষীয়ে ।

এই অভিযানৰ নেতৃত্ব দিয়া কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে জনোৱা মতে, গোপন সূত্ৰৰ তথ্য ভিত্তিত চেৱালী বিল এলেকাত মিজোৰামৰ পৰা অহা এখন বাহনত তালাচী চলোৱা হৈছিল । বাহনখনত সম্পূৰ্ণ তালাচী চোলাৱাৰ পাছত গাড়ীখনৰ গোপন চেম্বাৰৰ পৰা ৫৪৮.৮২ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে । ৪৮ টা চাবোনৰ বাকচত আছিল জব্দ কৰা হেৰ’ইনখিনি । ইয়াৰ লগতে এই ড্ৰাগছখিনি সৰবৰাহৰ সৈতে জড়িত থকা অপৰাধত চাৰিজন লোকক আটক কৰাৰ কথা জানিবলৈ দিছে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ।

আৰক্ষী বিষয়া গৰাকী জানিবলৈ দিয়ে যে, বাহনখন মিজোৰামৰ আছিল আৰু আইজলৰ পৰা বাহনখন আহিছিল বুলি জানিবলৈ দিছে বিষয়াগৰাকীয়ে । ইয়াৰ লগতে বাহনখনৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিছে । উল্লেখ্য যে, আন এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, জব্দ কৰা ড্ৰাগছৰ মুঠ মূল্য নাৰ্কটিক কণ্ট্ৰল ব্যুৰোৰ (এনচিবি) মানদণ্ড অনুসৰি প্ৰায় ৪.৫ কোটি টকা হ’ব।

উল্লেখ্য যে, শাৰদীয় দূৰ্গা পূজাৰ পূৰ্বে অসম আৰক্ষীয়ে অসমৰ বিভিন্ন ঠাইত অভিযান চলাই ১১ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল । বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা চেকপইণ্টত আৰক্ষীয়ে এখন বাহন আটক কৰি ১.৫৭ কোটি টকাৰ ৩১৪ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল । একেদৰে কাছাৰ জিলা আৰক্ষীয়েও শিলচৰ আৰু ৰামনগৰত দুটা বিশেষ অভিযান চলাই  প্ৰায় ৭ কোটি টকাৰ ৫৭২ গ্ৰাম হেৰ’ইন আৰু ১০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰিছিল ।

ইফালে, কামৰূপ জিলাৰ বকোত চলোৱা আন এক অভিযানত ভাড়াঘৰৰ পৰা ৩০১ গ্ৰাম হেৰ’ইন জব্দ কৰিছিল বিশেষ টাস্ক ফ’ৰ্চে । ইয়াৰ লগতে এজন লোকক আটক কৰিছিল । আৰক্ষীয়ে এই অভিযানত এখন বাহন, এটা ম’বাইল ফোন আৰু নগদ ৮ হাজাৰ টকা জব্দ কৰিছিল । কামৰূপত জব্দ কৰা ড্ৰাগছৰ মুঠ মূল্য আছিল ২.৪ কোটি টকা ।

Latest News