5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দক্ষিণ শালমাৰা আৰু কৰিমগঞ্জৰ পৰা ১৪ গৰাকী বাংলাদেশীক আটক…

অসম আৰক্ষীয়ে আটক কৰিছে ১৪ জন বাংলাদেশী নাগৰিকক । দক্ষিণ শালমাৰা আৰু কৰিমগঞ্জৰ পৰা এই বাংলাদেশী নাগৰিক কেইজনক আটক কৰিছে অসম আৰক্ষীয়ে । আটক কৰা ১৪ জনৰ ভিতৰত ৯ জনৰ ওপৰত ভাৰতীয় আধাৰ কাৰ্ড লাভ কৰা গৈছে ।

দক্ষিণ শালমাৰা আৰু কৰিমগঞ্জৰ পৰা ১৪ গৰাকী বাংলাদেশীক আটক…
ভাৰত-বাংলাদেশ সীমান্ত
manas-borah
Manas Borah | Updated On: 02 Oct 2024 17:11 PM

বিশেষ সূত্ৰৰ তথ্য ভিত্তিত অসম আৰক্ষীয়ে আটক কৰিছে ১৪ জন বাংলাদেশী নাগৰিকক। যোৱা কালি দক্ষিণ শালমাৰা আৰু কৰিমগঞ্জৰ পৰা এই বাংলাদেশী নাগৰিক কেইজনক আটক কৰিছে অসম আৰক্ষীয়ে। এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে ব্যক্তি কেইজনৰ নামসহ এই সমগ্ৰ খবৰটোৰ তথ্য প্ৰকাশ কৰিছে ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, আটক কৰা ১৪ জনৰ ভিতৰত ৯ জনৰ ওপৰত ভাৰতীয় আধাৰ কাৰ্ড লাভ কৰা গৈছে । ইফালে এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, আটক কৰা আটাইকেইজন লোক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা গৈছে।মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি আটক কৰা ব্যক্তি কেইজনৰ নাম হৈছে-আৰিফুল ইছলাম, মনীৰ হুছেইন, মোফাজল হুছেইন, মিজানুৰ ৰহমান, আবিয়াদুল্লাহ হাছান, আশ্ৰাফুল ইছলাম, মণিক মিঞা, নোবি হুছেইন, ৱালিউল উল্লাহ, হাজাৰত আলী, ছফিকুল ইছলাম, লণ্ড ফুৰকান আলী, মমিনুল হক আৰু আনোৱাৰ হুছেইন ।

উল্লেখ্য যে, এই তথ্য প্ৰকাশ কৰাৰ লগতে বাংলাদেশৰ অস্থিৰতা সৃষ্টি হোৱাৰে পৰা অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ সতৰ্কতা অৱলম্বন কৰা হৈছে বুলি দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে,’বাংলাদেশৰ উত্তেজনা পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পিছৰে পৰা আমি কঠোৰ সতৰ্কতা বজাই ৰাখিছো আৰু এই সময়ছোৱাত ১০৮ জন অবৈধ অনুপ্ৰৱেশকাৰীক ধৰা পেলাইছো।’

মনকৰিবলগীয়া যে, অবৈধ বিদেশী সমস্যা এতিয়া কেৱল অসম বা পশ্চিমবংগৰ সমস্যা হৈ থকা নাই । এই সমস্যা এতিয়া সমগ্ৰ দেশৰ সমস্যালৈ পৰিণত হৈছে বুলি দাবী কৰি অলপতে দেশজুৰি এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পোষকতা কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল যে, “অবৈধ বিদেশী নাগৰিকৰ সমস্যাটো এতিয়া কেৱল অসম বা পশ্চিমবংগৰ সমস্যা নহয় ৷ এই সমস্যাটো এতিয়া ৰাষ্ট্ৰীয় সমস্যা হৈ পৰিছে ।” লগতে তেওঁ দাবী কৰে যে, বাংলাদেশত অস্থিৰতা সৃষ্টি হোৱাৰ‌ পাছত প্ৰত্যেক দিনে বাংলাদেশী নাগৰিকে অসম তথা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে ।

সমান্তৰালভাৱে অসম তথা পশ্চিমবংগৰে ভাৰতত অবৈধভাৱে বাংলাদেশী নাগৰিকে প্ৰৱেশ কৰে আৰু তেওঁলোক দেশৰ অন্য ৰাজ্যলৈ যায় বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই । তেওঁ কৈছিল যে, অবৈধভাৱে সীমান্ত পাৰ হৈ বিদেশী নাগৰিকে অসম তথা বাংলাদেশত প্ৰৱেশ‌ কৰা পাছত দেশৰ অন্য ৰাজ্যত গৈ আধাৰ কাৰ্ড বনাই তেওঁলোক আকৌ অসমলৈ আহিব পাৰে । গতিকে সৰ্বভাৰতীয় পৰ্যায়ত এখন শুদ্ধ এনআৰচি উন্নীতকৰণৰ পোষকতা কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই ।

Latest News