পুনৰ আটক বাংলাদেশী, অসম আৰক্ষীয়ে ঘূৰাই পঠিয়ালে সীমান্তৰ সিপাৰলৈ…

পুনৰ সীমান্তত আটক ২ বাংলাদেশী নাগৰিক। দেওবাৰে অসম আৰক্ষীয়ে বাংলাদেশী ২ মহিলাক আটক কৰি সীমান্তৰ সিটো পাৰলৈ উভতাই পঠিয়ায়।

পুনৰ আটক বাংলাদেশী, অসম আৰক্ষীয়ে ঘূৰাই পঠিয়ালে সীমান্তৰ সিপাৰলৈ...

বাংলাদেশী আটক

Published: 

20 Jan 2025 10:21 AM

পুনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত আটক দুই বাংলাদেশী নাগৰিক। দেওবাৰে অসম আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তত দুই বাংলাদেশী মহিলাক আটক কৰি সীমান্তৰ সিটো পাৰলৈ উভতাই পঠিয়ায়। অসম আৰক্ষীয়ে আটক কৰা ২ গৰাকী মহিলাৰ নাম লাৱন আৰু বিজলী বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সামাজিক মাধ্যমত এক পোষ্ট কৰি এই তথ্য সদৰি কৰাৰ লগতে অসম আৰক্ষীৰ পদক্ষেপৰ শলাগ লয়।

সামাজিক মাধ্যমত এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই লিখে যে- “অনুপ্রৱেশ ৰোধৰ যুঁজত অসম আৰক্ষী ধাৰাবাহিক অভিযান অব্যাহত ৰাখি আজি পুনৰ দুগৰাকী বাংলাদেশী নাগৰিক লাৱন’ আৰু বিজলীক আন্ত:ৰাষ্ট্রীয় সীমান্তত আটক কৰা হয় আৰু সীমান্তৰ সিপাৰলৈ ওভতাই পঠোৱা হয়। এই প্রচেষ্টা আগন্তুক সময়তো অব্যাহত থাকিব”।

অৱশ্যে এয়াই প্ৰথম নহয়, পূৰ্বতেই ভাৰত- বাংলাদেশ সীমান্তত অসম আৰক্ষীয়ে কেইবাগৰাকী বাংলাদেশী নাগৰিকক আটক কৰি সীমান্তৰ সিটো পাৰলৈ উভতাই পঠিয়ায়। তথ্য অনুসৰি বাংলাদেশৰ অৰাজকতা আৰম্ভ হোৱাৰ পাছৰ পৰা বৰ্তমান পৰ্যন্ত ২১০ জনৰো অধিক বাংলাদেশী নাগৰিকক অসম আৰক্ষীয়ে আটক কৰি সীমান্তৰ সিটো পাৰলৈ ঘূৰাই পঠিয়াইছে। এনে পৰিস্থিতিত উত্তৰ পূৱৰ ১৮৮৫ কিলোমিটাৰ দীঘল ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে।

উল্লেখ্য যে, বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনক পাছতেই অস্থিৰতা বৃদ্ধি পাইছিল। শ্বেখ হাছিনাৰ ভাৰতলৈ পলায়ন আৰু  বাংলাদেশত মহম্মদ ইউনুছৰ শাসনৰ আৰম্ভ হোৱাৰ পৰা দেশ দুখনৰ মাজত সম্পৰ্ক অধিক দুৰ্বল হৈ পৰিছে। ইয়াৰোপৰি বাংলাদেশত বৃদ্ধি হোৱা হিংসাত্মক ঘটনা, অৰ্থনৈতিক সংকটৰ বাবে বহু বাংলাদেশী নাগৰিক দেশ এৰি ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে। যাৰ বাবে বিগত সময়চোৱাত অসমৰ লগতে ভাৰতৰ বিভিন্ন স্থানত এনে অবৈধ বাংলাদেশী আটক হৈছে।

যোৱা কেইটামান দিনত পশ্চিমবংগতো এনে বহু বাংলাদেশী নাগৰিক আটক হৈছে। ইয়াৰোপৰি কিছুদিন পূৰ্বে আৰক্ষীয়ে এটা গেং আটক কৰিছিল যিয়ে অবৈধভাৱে পাছপোৰ্ট প্ৰস্তুত কৰাৰ কাম কৰিছিল। জানিব পৰা মতে, কম টকাৰ বিনিময়ত এই গেঙটোৱে বাংলাদেশীসকলক দেশত প্ৰৱেশ কৰোয়ায় বা অন্য দেশলৈ প্ৰেৰণ কৰে।

ইয়াৰ সমান্তৰালকৈ যোৱা কেইটামান দিনত অসমত কেইবাজনো সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ হৈছে। দেওবাৰে অসম আৰক্ষীয়ে ধুবুৰী জিলাৰ পৰা জেহাদীৰ সন্দেহত এজনক আটক কৰে। অপাৰেশ্যন প্ৰঘাতৰ অধীনত আটক হোৱা সন্দেহজনক জেহাদীজনৰ নাম জহীৰ আলী বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বেও অসমৰ কেইবাস্থানৰ পৰা অসম আৰক্ষীয়ে কেইবাজনো সন্দেহযুক্ত জেহাদীক আটক কৰিছিল।

 

অন্য খবৰঃ ভয়ংকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল অসম! কোকৰাঝাৰত গ্ৰেপ্তাৰ ২ জেহাদী আব্দুল আৰু চাব্বিৰ

প্ৰায়ে হয় নেকি বেমাৰ-আজাৰ? শিৱলিংগত অৰ্পন কৰক এই বস্তু...
প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!