ত্ৰিপুৰা-বাংলাদেশ সীমান্তৰে ভাৰতত অনুপ্ৰৱেশ ! পুনৰ তিনি বাংলাদেশীক আটক অসম আৰক্ষীৰ

অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰা মতে, অসম আৰক্ষীয়ে আটক কৰা এই তিনি বাংলাদেশী নাগৰিকৰ নাম হৈছে-এম ডি আবু ছাইদ, আছাদুল ইছলাম, আৰু এম ডি সৰৱাৰ। এই তিনিওগৰাকীৰ ঘৰ বাংলাদেশৰ ৰাজশাহী জিলাত । সূত্ৰ খবৰ অনুসৰি, এই বাংলাদেশী নাগৰিক কেইজনৰ মাজৰ এজনৰ পৰা এখন আধাৰ কাৰ্ড জব্দ কৰিছে আৰক্ষীয়ে । ইয়াৰ লগতে তেওঁলোকে ইয়াৰ পূৰ্বেও অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল বুলি তথ্য় লাভ কৰিছে আৰক্ষীয়ে ।

ত্ৰিপুৰা-বাংলাদেশ সীমান্তৰে ভাৰতত অনুপ্ৰৱেশ ! পুনৰ তিনি বাংলাদেশীক আটক অসম আৰক্ষীৰ

অসম আৰক্ষীয়ে আটক কৰে ৩ বাংলাদেশী নাগৰিকক

Updated On: 

20 Aug 2024 13:30 PM

যোৱা সোমবাৰে ধুবুৰী আৰক্ষীয়ে অবৈধভাৱে অসমত প্ৰৱেশ কৰা এগৰাকী বাংলাদেশী মহিলাক আটক কৰা পাছতে আন তিনিগৰাকী বাংলাদেশী নাগৰিকক আটক কৰিছে অসম আৰক্ষীয়ে । এই তিনি গৰাকী বাংলাদেশীয়ে ত্ৰিপুৰা ফালৰ পৰা সীমান্তৰে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিছিল । যোৱা ১৯ আগষ্ট নিশা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা তিনিও গৰাকী বাংলাদেশীক অসম আৰক্ষীয়ে আটক কৰা খবৰ সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰা মতে, অসম আৰক্ষীয়ে আটক কৰা এই তিনি বাংলাদেশী নাগৰিকৰ নাম হৈছে-এম ডি আবু ছাইদ, আছাদুল ইছলাম, আৰু এম ডি সৰৱাৰ। এই তিনিওগৰাকীৰ ঘৰ বাংলাদেশৰ ৰাজশাহী জিলাত । সূত্ৰ খবৰ অনুসৰি, এই বাংলাদেশী নাগৰিক কেইজনৰ মাজৰ এজনৰ পৰা এখন আধাৰ কাৰ্ড জব্দ কৰিছে আৰক্ষীয়ে । ইয়াৰ লগতে তেওঁলোকে ইয়াৰ পূৰ্বেও অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল বুলি তথ্য় লাভ কৰিছে আৰক্ষীয়ে ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য প্ৰকাশ কৰি কয়, “অসম আৰক্ষীয়ে যোৱা নিশা ত্রিপুৰা দিশৰ পৰা ভাৰতত প্রৱেশ কৰা তিনিজন বাংলাদেশী নাগৰিকক আটক কৰে ৷ তেওঁ লগতে কয় যে, এই অবৈধ বাংলাদেশী কেইজনে কৰ্মসূত্ৰে চেন্নাইলৈ যোৱাৰ পৰিকল্পনা কৰিছিল। ইফালে সূত্ৰ খবৰ অনুসৰি, এই তিনিওজন বাংলাদেশীক আটক কৰাৰ পাছত পুনৰ বাংলাদেশলৈ বিতাড়িত কৰা হয় বুলি জানিব পৰা গৈছে।

ইফালে,ধুবুৰী চহৰৰ জগমায়া ঘাটৰ পৰা সোমবাৰে সন্ধিয়া ধুবুৰী আৰক্ষীয়ে আটক কৰে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা এগৰাকী বাংলাদেশী মহিলাক। মনকৰিবলগীয়া য়ে, ধুবুৰী আৰক্ষীয়ে আটক কৰা এই বাংলাদেশী গৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেইবাটাও উদ্বেগজনক তথ্য প্ৰকাশ কৰিছিল । আটক কৰা বাংলাদেশী মহিলা গৰাকীয়ে কয়,তেওঁ দালালৰ সহায়ত অবৈধভাৱে ভাৰত তথা অসমত প্ৰৱেশ কৰিছিল । এজন বাংলাদেশৰ হালিম আৰু আন এজন ভাৰতৰ আলী উপাধিৰ দুজন দালালে তেওঁক অবৈধভাৱে সীমান্ত পাৰ কৰি অসমত উপস্থিত হোৱাৰ বাবে সহায় কৰিছিল বুলি সদৰী কৰে আটকাধীন বাংলাদেশী মহিলা গৰাকীয়ে ।

উল্লেখ্য যে, এই বাংলাদেশী মহিলা গৰাকীৰ লগত আছিল আন দুগৰাকী মহিলা আৰু এজন পুৰুষ । সেই তিনিওজন লোক তেওঁৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল । বৰ্তমান তেওঁলোক ক’ত আছে সেই কথা তেওঁ নাজানে বুলি সদৰী কৰে । ইফালে কিছু দূৰ বাছেৰে অহাৰ পাছত কেইবাখনো নদী পাৰ হৈ দেওবাৰে অবৈধভাৱে সীমান্তৰে ধুবুৰীত উপস্থিত হোৱাৰ কথা সদৰী কৰিছে বাংলাদেশী মহিলা গৰাকীয়ে । মনকৰিবলগীয়া যে, অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা সময়ত বিএছএফৰ জোৱানে সীমান্তত টহল দি থকাও প্ৰত্যক্ষ কৰিছিল মহিলা গৰাকীয়ে ।

বাংলাদেশৰ অস্থিৰতাৰ পাছতে ভাৰতৰ উত্তৰ-পূব অঞ্চলত বাংলাদেশৰ নাগৰিকৰ অবৈধ অনুপ্ৰৱেশৰ বিষয়টোৱে পুনৰবাৰ চিন্তাৰ বিষয় হৈ পৰিছে । বিশেষকৈ উত্তৰ-পূবৰ অসমকে ধৰি বাংলাদেশৰ সৈতে সীমান্ত ভাগ-বতৰা কৰা ৰাজ্যকেইখনৰ নাগৰিকে দীৰ্ঘদিনৰ পৰা বাংলাদেশীৰ অনুপ্ৰৱেশৰ সমস্যাৰ সৈতে মোকাবিলা কৰি আহিছে । ইয়াৰ মাজতে শেহতীয়াকৈ প্ৰকাশিত এইধৰণৰ খবৰে তেওঁলোকৰ মাজত আৰু উদ্বেগ সৃষ্টি কৰিব ।

ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?
সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...
ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?