‘Quick Action’ ত অসম আৰক্ষী, সীমান্তত পুনৰ দুই বাংলাদেশীক আটক…
পুনৰ অসম আৰক্ষীয়ে দুই বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰাৰ খবৰ লাভ কৰা গৈছে । উল্লেখ্য যে, ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশত বাধা দিবৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে ।
বাংলাদেশী নাগৰিকে অবৈধভাৱে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে । পুনৰ অসম আৰক্ষীয়ে দুই বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰাৰ খবৰ লাভ কৰা গৈছে । উল্লেখ্য যে, ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশত বাধা দিবৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে । একে সময়তে সীমান্তত নিয়মীয়া টহল অব্যাহত ৰাখিছে আৰক্ষীয়ে । এই নিয়মীয়া টহল দি থকাৰ সময়তে দুই বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰে আৰক্ষীয়ে ।
সামাজিক মাধ্যমৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া অনুসৰি, নিয়মীয়াকৈ সীমান্তত টহল দি থকা অৱস্থাত অসম আৰক্ষীয়ে আটক কৰে মঃ জুলমত আলী আৰু মঃ ছাকিল নামৰ দুই বাংলাদেশীক । ইয়াৰ পাছতে তালাচীৰ অন্তত দুয়োকে বিতাৰিত কৰা হয় । তেওঁ কয়, “আন্তঃৰাষ্ট্ৰীয় সীমান্তত কঠোৰ সতৰ্কতা বজাই ৰাখি অসম আৰক্ষীয়ে দুজন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰি তৎক্ষণাত বিতাৰিত কৰে ।”
Maintaining strict vigil along the international border, @assampolice apprehended two illegal Bangladeshi infiltrators near the border and promptly pushed them back.
🇧🇩Md Zulmat Ali
🇧🇩Md SakilGood job Team! pic.twitter.com/a5XJIOKDMI
— Himanta Biswa Sarma (@himantabiswa) January 27, 2025
মন কৰিবলগীয়া যে, অসম আৰক্ষীয়ে সীমান্তত বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰিবলৈ অধিক সতৰ্কতা বজাই ৰাখিছে । চুবুৰীয়া দেশখনৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা এই সতৰ্কতা অব্যাহত ৰাখিছে ৰাজ্যৰ আৰক্ষীয়ে । ইয়াৰ সমান্তৰালভাৱে ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়েও তীক্ষ্ণ নজৰ ৰাখিছে ।
ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও প্ৰায় প্ৰত্যেক দিনে সীমান্তত বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাৰিত কৰাৰ খবৰ সামাজিক মাধ্য়ম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰি আহিছে । তদুপৰি তেওঁ দাবী কৰিছিল যে, বাংলাদেশে বৰ্তমান আৰ্থিক সংকটৰ মাজেৰে পাৰ কৰিছে । সংস্থাপনৰ অভাৱে দেশখনৰ নাগৰিকক জুৰুলা কৰিছে । গতিকে ভাৰতত সংস্থাপনৰ উদ্দেশ্যে বাংলাদেশৰ নাগৰিকে অনুপ্ৰৱেশৰ চেষ্টা কৰি আহিছে বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ।
তেওঁ কৈছিল যে,বিভিন্ন উদ্যোগত কাম কৰিবৰ বাবে দক্ষিণৰ ৰাজ্যসমূহলৈ যাবলৈ অসমক পথ হিচাপে ব্যৱহাৰ কৰি আহিছে বাংলাদেশৰ অনুপ্ৰৱেশকাৰীয়ে । গতিকে তেওঁলোকৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰিবলৈ অধিক সতৰ্কতা বজাই ৰাখিছে অসম আৰক্ষীয়ে । একেদৰে অসমৰ লগতে বাংলাদেশৰ সৈতে সীমা ভাগ-বতৰা কৰা আন ৰাজ্যসমূহেও অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ।