চাকৰিৰ প্ৰলোভন! ধনৰ বিনিময়ত ADRE পৰীক্ষাত পাছ কৰাই টোপ, গ্ৰেপ্তাৰ চাৰি প্ৰৱঞ্চক | Assam Police arrest four fraudsters ADRE examination Himanta Biswa Sarma Assam news - Assam Tv9

চাকৰিৰ প্ৰলোভন! ধনৰ বিনিময়ত ADRE পৰীক্ষাত পাছ কৰাই টোপ, গ্ৰেপ্তাৰ চাৰি প্ৰৱঞ্চক

Published: 

15 Sep 2024 22:00 PM

আজি অনুষ্ঠিত হয় ADREৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। ADREৰ এই পৰীক্ষাত পাছ কৰাই দিয়াৰ প্ৰলোভন দি প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত কাৰ্বি আংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰি প্ৰৱঞ্চকক।

চাকৰিৰ প্ৰলোভন! ধনৰ বিনিময়ত ADRE পৰীক্ষাত পাছ কৰাই টোপ, গ্ৰেপ্তাৰ চাৰি প্ৰৱঞ্চক

প্ৰতিনিধিত্বমূলক ছবি

Follow Us On

অসম চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE)ৰ অধীনত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা আজি অনুষ্ঠিত হ’ল। এই পৰ্যায়ৰ তিনি হাজাৰতকৈ অধিক পদৰ বাবে ৰাজ্যজুৰি মুঠ ১১,২৩,২০৪ গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন জনাইছিল। ৰাজ্যৰ ২৮ খন জিলাৰ মুঠ ২৩০৫ টা পৰীক্ষা কেন্দ্ৰত আজিৰ এই উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয়। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আজি ৰাজ্য চৰকাৰে এই পৰীক্ষা অনুষ্ঠিত কৰে। এই নিযুক্তি পৰীক্ষাত যাতে কোনো আসোঁৱাহৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বহু ব্যৱস্থাও গ্ৰহণ কৰিছিল।

আজি দিনৰ ১০ বজাৰ পৰা ১.৩০ বজালৈ অনুষ্ঠিত হয় এই পৰীক্ষা। এই নিযুক্তি পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পিছতে প্ৰকাশ পাইছে অসম আৰক্ষীৰ এক বিশেষ অভিযানৰ খবৰ। ধনৰ বিনিময়ত পৰীক্ষাত পাছ কৰাই দিয়াৰ প্ৰলোভন দিয়াৰ অভিযোগত চাৰি প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। কাৰ্বি আংলং আৰক্ষীৰ জালত পৰিছে এই চাৰি প্ৰৱঞ্চক।

তথ্য অনুসৰি এই চাৰি অভিযুক্তই পৰীক্ষাত পাছ কৰাই দিয়াৰ প্ৰলোভন দি বহুকেইগৰাকী প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰিছিল। ধৃত চাৰি অভিযুক্তক ক্ৰমে মৰিগাঁৱৰ সপোন দাস, যোৰহাটৰ প্ৰমীলা শইকীয়া, কাৰ্বি আংলঙৰ ৰবীন কুমাৰ বৰা আৰু দেৰগাঁৱৰ তুলুমণি শইকীয়া বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে শনিবাৰে নিশাই অভিযান চলাই এই অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

ধৃত চাৰি অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২) ধাৰাৰ অধীনত ডিফু থানাত গোচৰ ৰুজু কৰা হৈছে বুলি প্ৰকাশ পাইছে। অধিক তথ্য উদ্ধাৰৰ বাবে সম্প্ৰতি চাৰিও অভিযুক্তক কাৰ্বি আংলং আৰক্ষীয়ে চলাইছে মাৰাথন জেৰা। আৰক্ষীৰ জেৰাত অভিযুক্ত কেইজনৰ পৰা অধিক তথ্য উদ্ধাৰ হ’ব বুলি আশা কৰা হৈছে।

ইফালে আজিৰ এই পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ফেচবুক পোষ্ট যোগে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা বুলি উল্লেখ কৰিছিল। পোষ্টটোত তেওঁ লগতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নোহোৱাকৈ এই পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা অসম চৰকাৰৰ সকলো বিষয়া আৰু কৰ্মচাৰীকে ধৰি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে পুনৰবাৰ ৰাজ্যৰ যুৱক-যুৱতীসকলক চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতি অৱলম্বন কৰিছে আৰু ভৱিষ্যতেও একেধৰণে স্বচ্ছতাৰে আগুৱাই যাব বুলি আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে আজি উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পদসমূহৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত এতিয়া অহা ২৭ অক্টোবৰত চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

আনহাতে ২৯ ছেপ্টেম্বৰত পুৱা স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষা আৰু বিয়লি মেট্ৰিক উত্তীৰ্ণ চালক পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব। তৃতীয় আৰু চতুৰ্থ বৰগৰ বাবে ADREৰ অধীনত এইবাৰ মুঠ ১২,৬০০ পদ মুকলি কৰা হৈছে। এই পদসমূহৰ বাবে ৩২ লাখতকৈয়ো অধিক প্ৰাৰ্থীয়ে আবেদন জনাইছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version