শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুনৰ শ্ৰীভূমিত তিনি বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক…

পুনৰ তিনি বাংলাদেশী নাগৰিকক আটক কৰি বিতাড়নৰ ব্যৱস্থা কৰে অসম আৰক্ষীয়ে । অসমৰ শ্ৰীভূমি জিলাত বাংলাদেশী নাগৰিক কেইজনক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে ।

পুনৰ শ্ৰীভূমিত তিনি বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক…
সীমান্ত
manas-borah
Manas Borah | Published: 26 Mar 2025 07:59 AM

বাংলাদেশীৰ অনুপ্ৰৱেশত বাধা দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে অসম আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনীয়ে । বিশেষকৈ অসম আৰক্ষীয়ে অনুপ্ৰৱেশকাৰীক বাধা দিয়াৰ বাবে সীমান্ত অঞ্চলত যিধৰণে সতৰ্কতা অৱলম্বন কৰিছে, সেই ক্ষেত্ৰত সফলতা লাভ কৰিছে বুলিও ক’ব পাৰি । কাৰণ প্ৰায় প্ৰত্যেক দিনে সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা কৰা বাংলাদেশী নাগৰিকৰ আটক কৰি বিতাড়নৰ ব্যৱস্থা কৰি আহিছে আৰক্ষীয়ে ।

ইয়াৰ অংশ হিচাপে শেহতীয়াকৈ পুনৰ তিনি বাংলাদেশী নাগৰিকক আটক কৰি বিতাড়নৰ ব্যৱস্থা কৰে অসম আৰক্ষীয়ে । অসমৰ শ্ৰীভূমি জিলাত বাংলাদেশী নাগৰিক কেইজনক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে । এই তথ্য সামাজিক মাধ্য়ম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ কৰিব লাগিব যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায়ে এক্স হেণ্ডেলৰ জৰিয়তে বাংলাদেশৰ অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাড়ন কৰা খবৰ প্ৰকাশ কৰি আহিছে । ঠিক সেইদৰে শেহতীয়াকৈ শ্ৰীভূমি জিলাত বাংলাদেশৰ পৰা অহা তিনিজন অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাড়ন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।

এক্সত দিয়া এটা পোষ্টত তেওঁ কয়, “শ্ৰীভূমি আৰক্ষীয়ে অনুপ্ৰৱেশৰ ওপৰত দমন অব্যাহত ৰাখিছে । পুনৰ ৩ জন বাংলাদেশী নাগৰিকক আটক কৰি বিতাড়ন কৰা হৈছে।” মুখ্যমন্ত্ৰী শৰ্মাই পূৰ্বে দাবী কৰিছিল যে, যোৱা সাত মাহত ৩২০ জন অবৈধ অনুপ্ৰৱেশকাৰীক অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰা সময়ত আটক কৰি বিতাড়ন কৰা হৈছে । ৰাজ্য চৰকাৰ অনুপ্ৰৱেশমুক্ত অসমৰ প্ৰতি দায়বদ্ধ বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে ।

উত্তৰ-পূবৰ ১৮৮৫ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফে সতৰ্কতা তীব্ৰতৰ কৰি তুলিছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে। একে সময়তে যাতে কোনো লোকে অবৈধভাৱে ৰাজ্যখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্তত হাই এলাৰ্ট বজাই ৰাখিছে অসম আৰক্ষীয়ে ।