শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গোৱালপাৰাত ২৭ কোটি টকাৰ পপী খেতি ধ্বংস, ‘পাবলো এস্কোবাৰ’ক সম্বোধন কৰি কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

চলিত বৰ্ষৰ জানুৱাৰী মাহত গোৱালপাৰা জিলাত প্ৰায় ১৭০ বিঘা (৫৬ একৰৰো অধিক) পপী খেতি ধ্বংস কৰা হয় । 'পাবলো এস্কোবাৰ'ক কিয় ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে ?

গোৱালপাৰাত ২৭ কোটি টকাৰ পপী খেতি ধ্বংস, ‘পাবলো এস্কোবাৰ’ক সম্বোধন কৰি কি ক’লে মুখ্যমন্ত্ৰীয়ে ?
গোৱালপাৰা আৰক্ষীয়ে ধ্বংস কৰিলে পপি খেতি
manas-borah
Manas Borah | Published: 02 Feb 2025 13:38 PM

নিচামুক্ত অসম গঢ়াৰ স্বাৰ্থত ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে ৰাজ্য় চৰকাৰে । ইয়াৰ অংশ হিচাপে চলিত বৰ্ষৰ জানুৱাৰী মাহত গোৱালপাৰা জিলাত প্ৰায় ১৭০ বিঘা (৫৬ একৰৰো অধিক) পপী খেতি ধ্বংস কৰা হয় । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই তথ্য প্ৰকাশ কৰাৰ লগতে “প্ৰিয় স্থানীয় পাবলো এস্কোবাৰসকল” বুলি উল্লেখ কৰি এক প্ৰকাৰে ড্ৰাগছ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ ইংগিত দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, যোৱা জানুৱাৰী মাহত গোৱালপাৰা জিলাত ২৭.২০ কোটি টকাৰ পপী খেতি ধ্বংস কৰিছিল গোৱালপাৰা আৰক্ষীয়ে ।

সামাজিক মাধ্য়ম এক্স হেণ্ডেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,”প্ৰিয় স্থানীয় পাবলো এস্কোবাৰসকল, আপোনালোকৰ পৰিকল্পিত উদটা অসম দলক ক্ষতি কৰাৰ বাবে ক্ষমা কৰিব! কাৰণ গোৱালপাৰা আৰক্ষীয়ে চলিত বৰ্ষৰ জানুৱাৰী মাহত জিলাখনৰ চৰ অঞ্চলত ২৭.২০ কোটি টকাৰ ১৭০ বিঘা পপী খেতি ধ্বংস কৰে ।” ইয়াৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাই এক্স হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । ভিডিঅ’টোত দেখা গৈছে যে, আৰক্ষীৰ এটা বিশাল দলৰ উপস্থিতিৰ মাজতে এখন ট্ৰেক্টৰে পপী বাগিচাখন ধ্বংস কৰিছে ।

ইয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে সকিয়াই দিয়ে যে, অহাবাৰ ড্ৰাগছৰ কথা ভবাৰ আগতে এবাৰ অসম আৰক্ষীৰ কথা ভাৱিব । লগতে অসমে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অহাৰ কথাও আলোকপাত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, গোৱালপাৰা আৰক্ষীয়ে জিলাখনৰ চৰ অঞ্চলৰ পপী খেতিৰ বিৰুদ্ধে বৃহৎ অভিযান চলাইছিল। ৰাজ্য়খনত অব্য়াহত থকা ড্ৰাগছ ব্যৱসায়ৰ সৈতে মোকাবিলা কৰিবলৈ অব্যাহত থকা অসম আৰক্ষীৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই অভিযান চলোৱা হৈছিল । তদুপৰি অসম আৰক্ষীয়ে ৰাজ্য বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই আহিছে । প্ৰতিদিনে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে সৰবৰাহৰ সৈতে জড়িত লোককো আটক কৰিবলৈ সক্ষম হৈছে ।