আলফা(স্বা)ৰ বোমা সংস্থাপনেৰে জড়িতৰ সন্দেহত ১৫ জনক আটক | Assam Police Detain 15 Suspects in ULFA(I)'s Bomb Planting Case; Updates in Assamese Assam news - Assam Tv9

ULFA-I Bomb Planting Case : আলফা(স্বা)ৰ বোমা সংস্থাপনেৰে জড়িতৰ সন্দেহত মহিলা সহ ১৫ জনক আটক

Updated On: 

22 Sep 2024 15:36 PM

স্বাধীনতা দিৱসৰ দিনা আলফা(স্বা)য়ে ৰাজ্যৰ ২৪ টা স্থানত বোমা সংস্থাপন কৰা বুলি দাবী কৰিছিল । শেহতীয়াকৈ এই ঘটনাৰ সৈতে জড়িত থকা সন্দেহত তিনি গৰাকী মহিলাকে ধৰি ১৫ জন লোকক আটক কৰা হৈছে ।

ULFA-I Bomb Planting Case : আলফা(স্বা)ৰ বোমা সংস্থাপনেৰে জড়িতৰ সন্দেহত মহিলা সহ ১৫ জনক আটক

আলফা(স্বা)য়ে সংস্থাপন কৰা বোমা বিচাৰি অসম আৰক্ষীৰ অভিযান

Follow Us On

দেশৰ স্বাধীনতা দিৱসৰ দিনা আলফা(স্বা)য়ে ৰাজ্যৰ ২৪ টা স্থানত বোমা সংস্থাপন কৰা বুলি দাবী কৰিছিল । শেহতীয়াকৈ এই ঘটনাৰ সৈতে জড়িত থকা সন্দেহত তিনি গৰাকী মহিলাকে ধৰি ১৫ জন লোকক আটক কৰা হৈছে । অসম আৰক্ষীৰ মুখ্য জনসংযোগ বিষয়া প্ৰণৱজ্যোতি গোস্বামীয়ে কয় যে, অসম আৰক্ষীয়ে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ সহযোগত এই ঘটনাৰ সন্দৰ্ভত অভিযান চলাইছিল ।

বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যে, অসম আৰক্ষীয়ে এন আই এৰ কাৰিকৰী সহায়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই শনিবাৰে নিশা তিনিগৰাকী মহিলাকে ধৰি ১৫ জন লোকক আটক কৰে। স্বাধীনতা দিৱস উদযাপনৰ সময়ত আই ই ডি সদৃশ বিস্ফোৰক সামগ্ৰী সংস্থাপন কৰাৰ ঘটনাৰ তদন্তৰ অংশ হিচাপে ইয়াক এক বৃহৎ অগ্ৰগতি বুলি অভিহিত কৰিছে অসম আৰক্ষীয়ে।

অসম আৰক্ষীয়ে উল্লেখ কৰিছে যে, এন আই এৰ সমন্বয়ত দীৰ্ঘদিনীয়া চোৰাংচোৱা তথ্য সংগ্ৰহৰ পাছত অভিযান চলোৱা হৈছিল । ইয়াৰ লগতে কোৱা হৈছে যে, আটক কৰা ব্যক্তিসকলক প্ৰাথমিক জেৰাৰ কৰা হৈছে আৰু যথা সময়ত এই ঘটনাৰ বিষয়ে অধিক তথ্য জানিব পৰা যাব বুলি উল্লেখ কৰিছে ।

ইয়াৰ লগতে গোস্বামীয়ে জানিবলৈ দিছে যে, ডিব্ৰুগড় আৰু লখিমপুৰ জিলাৰ পৰা তিনিজনকৈ, যোৰহাট আৰু গুৱাহাটীৰ পৰা দুজনকৈ আৰু তিনিচুকীয়া, শদিয়া, নগাঁও, নলবাৰী আৰু তামুলপুৰৰ পৰা এজনকৈ লোকক আটক কৰা হৈছে। ইয়াৰ পূৰ্বে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত শিৱসাগৰ জিলাৰ পৰা চাৰিজন লোকক আটক কৰিছিল অসম আৰক্ষীয়ে । ইফালে এই ঘটনাৰ সৈতে জড়িত থকা লোকক চিনাক্তকৰণৰ বাবে বিশ্বাসযোগ্য তথ্যৰ দিয়াৰ বাবদ ৫ লাখ টকা পৰ্যন্ত নগদ পুৰস্কাৰ ঘোষণা কৰিছিল অসম আৰক্ষীয়ে।

উল্লেখ্য যে, আলফা(স্বা) যে ৰাজ্যৰ ২৪ টা স্থানত বোমা সংস্থাপনক লৈ ৰুজু কৰা ১০টা গোচৰৰ ভিতৰত দুটা গোচৰ তদন্তৰ বাবে এন আই এলৈ হস্তান্তৰ কৰা হ’ব বুলি কৈছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে। ইয়াৰ লগতে আলফা(স্বা)য়ে বোমা সংস্থাপন কৰা বুলি দাবী কৰাৰ পাছতে অসম আৰক্ষীয়ে ১০খন জিলাত তদন্তৰ বাবে এছ আই টি গঠন কৰিছিল । ইয়াৰ পাছতে গুৱাহাটীৰ চাৰিটা স্থানকে ধৰি কমেও ১০টা স্থানৰ পৰা আৰক্ষীয়ে “বোমা সদৃশ পদাৰ্থ” উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।

ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
Exit mobile version