ভাৰতত অনুপ্ৰৱেশৰ চেষ্টাঃ ৫ বাংলাদেশীক সীমান্তৰ সিটো পাৰলৈ ঘূৰাই পঠিয়ালে অসম আৰক্ষীয়ে
অসমৰ সীমান্তত পুনৰ আটক ৫ বাংলাদেশী নাগৰিক।ভাৰতত অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰোতেই অসম আৰক্ষীয়ে আটক কৰি আটাইকেইজনক বাংলাদেশলৈ ঘূৰাই পঠিয়ায়। উল্লেখ্য যে, প্ৰায় প্ৰতিদিনেই ভাৰত-বাংলাদেশ সীমান্তত বাংলাদেশী নাগৰিক আটক হৈছে।
বাংলাদেশত বৃদ্ধি পোৱা অৰাজকতাৰ পাছতেই ভাৰতলৈ বৃদ্ধি পাইছ অনুপ্ৰৱেশকাৰীৰ সংখ্যা। প্ৰায় প্ৰতিদিনে অসমৰ সীমান্তত আটক হৈছে বাংলাদেশী। শেহতীয়াকৈ পুনৰ ৫ বাংলাদেশী নাগৰিকক আটক কৰি অসম আৰক্ষীয়ে ঘূৰাই পঠিয়ায় দেশখনলৈ। বাংলাদেশীৰ বিৰুদ্ধে অধিক সচেতন হোৱা আৰু প্ৰায়ে অসমত অনুপ্ৰৱেশৰ প্ৰচেষ্টাত বিফল কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ শলাগ হয়। বুধবাৰে পুনৰ আটক হোৱা ৫ বাংলাদেশী ক্ৰমে- হান্সি আখতাৰ, শ্ৰাবনি, শোহাগী খান, চুমি খান আৰু নীলা আখতাৰ । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক পোষ্ট শ্বেয়াৰ কৰিছে।
শৰ্মাই সামাজিক মাধ্যমত লিখিছে যে- “অনুপ্ৰৱেশৰ বিৰুদ্ধে সক্ৰিয়তাৰে অবিৰতভাৱে প্ৰচেষ্টা অব্যাহত ৰাখি অসম আৰক্ষীয়ে ৫জন বাংলাদেশী নাগৰিকক আটক কৰে৷ হান্সি আখতাৰ, শ্ৰাবনি, শোহাগী খান, চুমি খান আৰু নীলা আখতাৰ নামৰ বাংলাদেশীকেইগৰাকীক পাছত সীমান্তৰ সিপাৰে ওভতাই পঠিয়ায়। অসম আৰক্ষীৰ এই পাৰদৰ্শিতাৰ শলাগ ল’লোঁ”৷
উল্লেখ্য যে, এয়াই প্ৰথম নহয়, বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত ভাৰতলৈ বৃদ্ধি পাইছে অনুপ্ৰৱেশকাৰীৰ সংখ্যা। বিগত সময়চোৱাত প্ৰায় প্ৰতিদিনে বাংলাদেশৰ নাগৰিক দেশ এৰি ভাৰতত অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰিছে। এই সন্দৰ্ভত বুধবাৰে শৰ্মাই কয় যে, ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পোৱা বাবে চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰা নাগৰিকৰ অনুপ্ৰৱেশ বৃদ্ধি পাইছে। বাংলাদেশৰ আৰ্থিক সংকটৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰায় প্ৰতিদিনে ২০ ৰ পৰা ২৫ জনকৈ বাংলাদেশী নাগৰিক ভাৰতত অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰি আহিছে। এই ক্ষেত্ৰত অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি শৰ্মাই কয়।
বাংলাদেশৰ নাগৰিকৰ অনুপ্ৰৱেশ অসমৰ বাবে উদ্বিগ্নৰ বিষয়। কেৱল বৰ্তমান সময় বুলি নহয় , বছৰ বছৰ ধৰি দুৰ্বল সীমান্ত, দালালৰ জৰিয়তে একাংশ বাংলাদেশীয়ে ভাৰতত প্ৰৱেশ কৰি আহিছে।শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে ১১ জনীয়া এটা দলক গ্ৰেপ্তাৰ কৰিছিল যিয়ে টকাৰ বিনিময়ত বাংলাদেশী নাগৰিকক ভাৰতত প্ৰৱেশ কৰাত সহায় কৰে। গ্ৰেপ্তাৰ হোৱা কেইজনৰ ভিতৰত ৫ জনেই আছিল বাংলাদেশী। অভিযুক্তই ভুৱা নথি পত্ৰ ব্যৱহাৰ কৰি বাংলাদেশৰ নাগৰিকক জংঘল বা এক্সপ্ৰেছ ৰে’লৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰায়।
ইয়াৰ বিপৰীতে কিছুদিন পূৰ্বে গুৱাহাটীৰ ওচৰৰ সোণাপুৰতো ২ বাংলাদেশী নাগৰিক আটক হয়। জানিব পৰা মতে দুয়ো মাত্ৰ ২০০০ টকাৰ বিনিময়ত দালালৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰিছিল। যদি পৰিস্থিতি এনে হৈ থাকে তেন্তে ই অসম তথা দেশৰ বাবে শুভ লক্ষণ নহয়। শেহতীয়াকৈ অসম আৰক্ষীয়ে কেইবাজনো জেহাদীও গ্ৰেপ্তাৰ কৰিছে যি বাংলাদেশ আৰু পাকিস্তানৰ লগত জড়িত আছে। গতিকে সঘনাই বাংলাদেশীৰ অনুপ্ৰৱেশ অসমৰ নিৰাপত্তাৰ বাবে এক সমস্যাৰ সৃষ্টি কৰিব পাৰে।