5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পুনৰ ভাৰত-বাংলাদেশ সীমান্তত ৩ বাংলাদেশীক আটক কৰি ঘূৰাই পঠিয়ালে অসম আৰক্ষীয়ে

নিশা ভাৰত-বাংলাদেশ সীমান্তত আটক ৩ বাংলাদেশীক। অসম আৰক্ষীয়ে আটক কৰে ধৃত সুমন হুছেইন, ছুহানা খাতুন আৰু এভা আখতাৰক। আটাইকে চিনাক্ত কৰি সীমান্তৰে পুনৰ ঘূৰাই পঠিয়াই আৰক্ষীয়ে। সূত্ৰ অনুসৰি, অসম আৰক্ষীয়ে চলিত মাহত এতিয়ালৈকে মুঠ ২১ জন অনুপ্ৰৱেশকাৰীক আটক কৰি ঘূৰাই পঠিওৱা হৈছে ।

পুনৰ ভাৰত-বাংলাদেশ সীমান্তত ৩ বাংলাদেশীক  আটক কৰি ঘূৰাই পঠিয়ালে অসম আৰক্ষীয়ে
পুনৰ ভাৰত-বাংলাদেশ সীমান্তত ৩ বাংলাদেশীক আটক
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 12 Sep 2024 11:29 AM

ৰাজ্যত অব্যাহত আছে বাংলাদেশীৰ অনুপ্ৰৱেশ। নিশা ভাৰত-বাংলাদেশ সীমান্তত আটক ৩ বাংলাদেশীক। অসম আৰক্ষীয়ে আটক কৰে ধৃত সুমন হুছেইন, ছুহানা খাতুন আৰু এভা আখতাৰক। আটাইকে চিনাক্ত কৰি সীমান্তৰে পুনৰ ঘূৰাই পঠিয়াই আৰক্ষীয়ে। সূত্ৰ অনুসৰি, অসম আৰক্ষীয়ে চলিত মাহত এতিয়ালৈকে মুঠ ২১ জন অনুপ্ৰৱেশকাৰীক আটক কৰি ঘূৰাই পঠিওৱা হৈছে ।

এই সন্দৰ্ভত সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, অসম আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তত তিনি বাংলাদেশী লোকক আটক কৰিবলৈ সক্ষম হৈছে৷ তিনি বাংলাদেশীৰ নাম উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, আপোনালোকক জনাব বিচাৰিছোঁ যে তিনি বাংলাদেশী লোকক অসম আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তত আটক কৰিবলৈ সক্ষম হয়৷ তেওঁলোকৰ নাম চুমন হুছেইন, ছুহানা খাতুন আৰু এভা আখতাৰ৷ তেওঁলোকক চিনাক্ত কৰি অসম আৰক্ষীয়ে সফলতাৰে সীমান্ত পাৰ কৰাই ঘূৰাই পঠিয়ায়। কোনো বাংলাদেশী নাগৰিক যাতে আমাৰ দেশত প্ৰৱেশ কৰিব নোৱাৰে, সেই বিষয়ক লৈ আমি সম্পূৰ্ণভাৱে সষ্টম হৈ আছোঁ৷”

 

এদিন পুৰ্বেও অসম আৰক্ষীৰ প্ৰচেষ্টাত আন এজন বাংলাদেশী অনুপ্ৰৱেশকাৰী টয়ু শ্বেইখক নিশা ১:৪৫ বজাত আটক কৰা হয় আৰু পাছত বাংলাদেশলৈ ঘূৰাই পঠিওৱা হয়। এই ক্ষেত্ৰত আমি ভাৰতৰ ভূমিত অনুপ্ৰৱেশকাৰীক কোনো কাৰণতে সোমাবলৈ নিদিওঁ বুলিও সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি জনাই অসমৰ মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী শৰ্মাই অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাৰিত কৰা তথ্য শ্বেয়াৰ কৰিছিল । তেওঁ শ্বেয়াৰ কৰা তথ্য অনুসৰি, যোৱা দেওবাৰে বিতাৰিত কৰা দুজন অনুপ্ৰৱেশকাৰীকে ধৰি যোৱা চাৰি ছেপ্টেম্বৰৰ পৰা আজিলৈকে আন ১৭ জন বাংলাদেশী নাগৰিকক আৰক্ষীয়ে আটক কৰি বিতাৰিত কৰিছে । বুধবাৰে আটক কৰা বাংলাদেশী নাগৰিকজনকে ধৰি ১৮ জন । বৰ্তমান এই সংখ্যা ২১ লৈ বৃদ্ধি হৈছে।

উল্লেখ্য যে, সীমান্তৰে অনুপ্ৰৱেশ ৰোধ আৰু বাংলাদেশৰ অস্থিৰতা যাতে ভাৰতলৈ বিয়পি নপৰে তাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে ভাৰত চৰকাৰে । সেই অনুসৰি ভাৰত-বাংলাদেশ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। কোনো কাৰণতে যাতে বাংলাদেশী ভাৰতৰ ভূ-খণ্ডত অনুপ্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্তত তীক্ষ্ণ নজৰ ৰাখিছে সীমান্ত সুৰক্ষা বাহিনীয়ে ।

 

Latest News