যোৱা ৪ বছৰত অসম আৰক্ষীয়ে নিষ্পত্তি কৰিলে ৪,৫৮,৬৫৮টা গোচৰ
Assam police: যোৱা কেইটামান বছৰত অসমত বৃদ্ধি হৈছে গোচৰ নিষ্পত্তিৰ পৰিমাণ। সমান্তৰালকৈ বৃদ্ধি পাইছে দোষী সাব্যস্তকৰণৰ হাৰ। শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে।
ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। অৱশ্যে ইয়াৰ সমান্তৰালকৈ বৃদ্ধি পাইছে দোষী সাব্যস্তকৰণৰ হাৰ। শেহতীয়াকৈ অসম আৰক্ষীয়ে এক তথ্য প্ৰকাশ কৰিছে য’ত স্পষ্ট হৈ পৰিছে যে যোৱা ৪ বছৰত ৰাজ্যত বৃদ্ধি পাইছে দোষী সাব্যস্তকৰণৰ হাৰ। অসম আৰক্ষীৰ তথ্য অনুসৰি ২০১৮ চনত দোষী সাব্যস্ত কৰণৰ হাৰ আছিল ৫.৯ শতাংশ (১,৮৩৪ টা)। ইয়াৰ বিপৰীতে ২০২৪ চনত দোষী সাব্যস্তকৰণৰ হাৰ ২২.৯৫ শতাংশ (৬৭৬৪ টা)। অৱশ্যে সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ অৱস্থান ভাল নহয়।
দোষী সাব্যস্তকৰণ হাৰ
আৰক্ষীৰ তথ্য অনুসৰি, ২০১৯ চনত দোষী সাব্যস্তকৰণ হাৰ আছিল ৬.৯ শতাংশ (১,৭৯১টা), ২০২০ চনত ৫.৫ শতাংশ (৮৫৫ টা), ২০২১ চনত ৬.১ শতাংশ (৭৫২ টা), ২০২২ চনত ১৩.৫ শতাংশ (৪৬৪২টা), ২০২৩ চনত ১৬.৪ শতাংশ (৪৮৩৬ টা) আৰু ২০২৪ চনত ২২.৯৫ শতাংশ (৬৭৬৪ টা)। ২০২৪ চনৰ ডিচেম্বৰ মাহত ২৫.৩৩ শতাংশ (৬৬৭টা) দোষী সাব্যস্তকৰণ হয়। অসম আৰক্ষী সঞ্চালক প্ৰধান ডি পি সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যখনৰ অপৰাধ সম্পৰ্কীয় পৰ্যালোচনা বৈঠকত এই তথ্য সদৰি কৰে।
গড় হিচাপত গোচৰ নিষ্পত্তি
২০২১ চনৰ পৰা ২০২৪ চনলৈ অসম আৰক্ষীয়ে নিষ্পত্তি কৰা গোচৰৰ সংখ্যা ৪,৫৮,৬৫৮ টা। গড় হিচাপত অসম আৰক্ষীয়ে ২০২১ চনত ১২,৮০০.৩টা, ২০২২ চনত ১২,০৮৫ টা, ২০২৩ চনত ৮,৩৪৫.৫ টা, ২০২৪ চনত ৪,৯৮৭.২ টা। ইয়াৰ লগতে ৭৩,৪৭৪ টা পুৰণি গোচৰ নিষ্পত্তি কৰিছে। অসম আৰক্ষীৰ তথ্য মতে যোৱা বছৰ কেইটাত বছৰবোৰত ৫.২৫ লাখতকৈ অধিক গোচৰ নিষ্পত্তি কৰা হৈছে। ইয়াৰ ফলত গোচৰৰ সংখ্যা ৬.২ লৈ হ্ৰাস পাইছে। ২০২১ চনৰ পৰা ২০২৪ চনলৈ গোচৰ নিষ্পত্তিৰ সংখ্যা- ৪,৫৮,৬৫৮টা,।
January 2025 State Crime Conference Update.
Assam Police made remarkable progress in 2024. The charge sheet rate rose to 66.7% from 39.4% in 2021, while the conviction rate jumped to 23% from 6.1%. pic.twitter.com/tJBSiJKZvw
— Assam Police (@assampolice) January 21, 2025
অপৰাধৰ সংখ্যা (প্ৰতি লাখ)
২০১৯ চনত ৩৮৫.৮টা, ২০২০ চনত ৩৪৯.৫টা, ২০২১ চনত ৩৭৯ টা, ২০২২ চনত ১৯৪.২টা, ২০২৩ চনত ১৮১.৯টা আৰু ২০২৪ চনত ১৩৯.৩টা। ইয়াৰোপৰি ছাৰ্জশ্বীটৰ হাৰ ৩৯.৪ শতাংশৰ পৰা ৬৬.৭ শতাংশলৈ বৃদ্ধি পাইছে।
উল্লেখ্য যে, যোৱা কেইটামান বছৰত ৰাজ্যত অপৰাধমূলক কাৰ্য ৰোধ কৰাৰ বাবে মহানগৰ আৰক্ষীয়ে বহু পদক্ষেপ গ্ৰহণ কৰিছে। আনকি শেহতীয়াকৈ গুৱাহাটীত নতুন আৰক্ষী আয়ুক্ত হিচাপে পাৰ্থ সাৰথি মহন্তক নিযুক্তি লাভ কৰে। জানিব পৰা মতে, আৰক্ষীয়ে ১৫ জানুৱাৰীৰ পৰা যোৱা দিনকেইটাত ডেৰ শতাধিক মোবাইল জব্দ কৰিছে, লগতে চুৰি কাৰ্যত জড়িত কেইবাজনক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰোপৰি চাইবাৰ অপৰাধীয়ে লুট কৰা ৫ লাখ ৪৯ হাজাৰ টকা মহানগৰ আৰক্ষীৰ চাইবাৰ কোষে উদ্ধাৰ কৰিছে। ইয়াৰোৰি আৰু বিভিন্ন অপৰাধৰ লগত জড়িত অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে।