৩০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিমগঞ্জ আৰক্ষীৰ, আটক তিনি সৰবৰাহকাৰী
সূত্ৰ খবৰ অনুসৰি, এক ড্ৰাগছ বিৰোধী অভিযানত কাছাৰ জিলাৰ পৰা প্ৰায় ৩০ কোটি টকাৰ ইয়াবা টেবলেট জব্দ কৰাৰ লগতে তিনি সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে । কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে জনোৱা মতে, দেওবাৰে নিশা বদৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জালালপুৰ অঞ্চলত নিচাজাতীয় দ্ৰব্য সন্দৰ্ভত নিৰ্দিষ্ট তথ্য লাভ কৰা গৈছিল । ইয়াৰ পাছতে সেই অঞ্চলত নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান আৰম্ভ কৰা হয়।
ৰাজ্যত নিচাযুক্ত সামগ্ৰীৰ অবাধ বেহা আৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলোৱা অভিযান কালত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা খবৰ প্ৰায়ে প্ৰকাশ কৰি অহা হৈছে । ইয়াৰ মাজতে কাছাৰত অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে ।
সূত্ৰ খবৰ অনুসৰি, এক ড্ৰাগছ বিৰোধী অভিযানত কাছাৰ জিলাৰ পৰা প্ৰায় ৩০ কোটি টকাৰ ইয়াবা টেবলেট জব্দ কৰাৰ লগতে তিনি সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে । কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে জনোৱা মতে, দেওবাৰে নিশা বদৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জালালপুৰ অঞ্চলত নিচাজাতীয় দ্ৰব্য সন্দৰ্ভত নিৰ্দিষ্ট তথ্য লাভ কৰা গৈছিল । ইয়াৰ পাছতে সেই অঞ্চলত নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান আৰম্ভ কৰা হয়।
আৰক্ষীৰ বিষয়া গৰাকীয়ে সদৰী কৰা মতে, অভিযান কালত এখন সন্দেহজনক বাহন আটক কৰা হয় । ইয়াৰ পাছতে বাহনখন তন্ন তন্ন কৈ পৰীক্ষা কৰাৰ পাছত এটা গোপন চেম্বাৰৰ পৰা ১ লাখ ইয়াবা টেবলেট উদ্ধাৰ হয়। এই নিচাযুক্ত টেবলেটখিনি মিজোৰামৰ পৰা আহিছিল বুলি জানিবলৈ দিছে আৰক্ষীৰ বিষয়া গৰাকীয়ে ।
সূত্ৰৰ খবৰ অনুসৰি, এই ইয়াবা টেবলেট সৰবৰাহৰ সৈতে জড়িত থকাৰ অপৰাধত কাছাৰৰ কাটিগড়া থানা এলেকাৰ পৰা অহা তিনিজন লোকক আটক কৰিছে আৰক্ষীয়ে । সূত্ৰ অনুসৰি, জব্দ কৰা এই টেবলেটখিনিৰ বজাৰৰ মূল্য প্ৰায় ৩০ কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছে ।
Acting on credible information, @karimganjpolice conducted an anti-narcotics operation in the Jalalpur area today, seizing a vehicle with 1,00,000 YABA tablets and apprehending three individuals.
The vehicle was coming from a neighbouring State.
Kudos to @assampolice for their… pic.twitter.com/hm6WdBCwtQ
— Himanta Biswa Sarma (@himantabiswa) September 1, 2024
ইফালে কৰিমগঞ্জ আৰক্ষীক এই সফলতাৰ বাবে প্ৰসংশা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যম এক্সৰ জৰিয়তে কয়, ‘জালালপুৰ অঞ্চলত নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান চলাই ১,০০,০০০ ইয়াবা টেবলেটসহ এখন বাহন জব্দ কৰি তিনিজন ব্যক্তিক আটক কৰে কৰিমগঞ্জ আৰক্ষীয়ে। এই বাহনখন চুবুৰীয়া ৰাজ্যৰ পৰা আহিছিল । ড্ৰাগছ মুক্ত অসম গঢ়াৰ বাবে অসম আৰক্ষী দায়বদ্ধ ।’