কৰ্তব্যৰত আৰক্ষীক মহটিয়াই নিয়া ট্ৰাক চালকলৈ অসম আৰক্ষীৰ গুলী…
পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰ। আৰক্ষী জোৱানক মহটিয়াই নিয়া ট্ৰাক চালকলৈ অসম আৰক্ষীৰ গুলী। জানিব পৰা মতে, তদন্তৰ সময়ত ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰিছিল অভিযুক্তই আৰু তেতিয়াই আৰক্ষীয়ে এনকাউন্টাৰ কৰে।
পুনৰ চলিল অসম আৰক্ষীৰ গুলী। শনিবাৰে মাজনিশা অসম আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ট্ৰাকচালক অভিজিত শব্দকাৰ। এইজন ট্ৰাকচালকে কালি দিনৰ ভাগত মহটিয়াই নিছিল এজন আৰক্ষী জোৱানক। পৰৱৰ্তী সময়ত আৰক্ষী জোৱানগৰাকীৰ মৃত্যু হৈছিল। এই সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। এই মৰ্মান্তিক তথা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছিল শ্ৰীভূমি জিলাত।
জানিব পৰা মতে এই ঘটনাৰ তদন্তৰ বাবে শনিবাৰে প্ৰায় ১২.৩০ মান বজাত ঘটনাৰ পুনঃৰীক্ষণ কৰিবলৈ আৰক্ষীয়ে অভিযুক্তক লৈ গৈছিল ঘটনাস্থলীলৈ। ইয়াৰ বাবে শ্ৰী ভূমি জিলাৰ অসম ত্ৰিপুৰা সংযোগী ৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত উপস্থিত হৈছিল আৰক্ষীৰ বাহন। তাৰ পাছতেই এখন জিপছীৰ পৰা নমাই অনা হৈছিল অভিযুক্ত। অভিযুক্তৰ লগতে আৰক্ষী বিষয়া কেইগৰাকীও নামি আহিছিল গাড়ীৰ পৰা। ক্ৰাইম চিন ৰিক্ৰিয়েট কৰিবলৈ ঘটনাস্থলীত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছিল আৰু অভিযুক্তক ঘটনা সংঘটিত হোৱা স্থান, ক’ত কেনেকৈ কি হৈছিল বুজাই দিবলৈ কৈছিল। আৰক্ষীৰ শীৰ্ষ বিষয়াজনে বাৰে বাৰে অভিযুক্তক ঘটনাস্থলী দেখাবলৈ কৈছিল আৰু তেতিয়াই অভিযুক্তই অসম- ত্ৰিপুৰা সংযোগী ৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু তললৈ নামি গৈছিল।
অভিযোগ অনুসৰি,তেতিয়াই অভিযুক্তই পলায়নৰ চেষ্টা কৰে আৰু এয়া এজন আৰক্ষী বিষয়াই দেখা পায়। আনহাতে আন্ধাৰৰ সুযোগ লৈ অভিযুক্তই আৰক্ষীৰ হাতৰ পৰা পিষ্টল কাঢ়ি লৈ দৌৰিবলৈ আৰম্ভ কৰে। অভিযুক্তক আৰক্ষীয়ে বাৰে বাৰে ৰখিবলৈ কোৱাৰ পাছতো নুশুনিলে যাৰ বাবে আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয়। আৰক্ষীৰ গুলী অভিযুক্ত অভিজিত শব্দকাৰৰ বাও ভৰিত লাগে। লগে লগে অভিযুক্ত ট্ৰাক চালকজন বাগৰি পৰে। এই ঘটনাৰ পাছতেই অভিযুক্তক আৰক্ষীয়ে হাস্পাতালত ভৰ্তি কৰায়।
উল্লেখ্য যে, শনিবাৰৰ দিনা শ্ৰীভূমি জিলাত সংঘটিত হৈছিল এক মৰ্মান্তিক ঘটনা। ড্ৰাগছ কঢ়িয়াই অনা এখন ট্ৰাকে মহটিয়াই নিছিল কৰ্তব্যৰত আৰক্ষী জোৱানত। শ্ৰীভূমিৰ অসম- ত্ৰিপুৰা সংযোগী ৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ঘটনাৰ ফলত নিহত হৈছিল যোৰহাটৰ উজ্বল বৰা নামৰ আৰক্ষী জোৱানজন। শ্ৰীভূমিৰ পাণহাটীৰ আৰক্ষী নাকা চেকিঙৰ কাষতে সংঘটিত হৈছিল এই ঘটনা। এই দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল ট্ৰাকৰ চালক।
কিন্তু প্ৰায় ৩০ কিলোমিটাৰ খেদি খেদি আৰক্ষীয়ে কৰায়ত্ব কৰিছিল ট্ৰাকৰ চালক অভিজিত শব্দকাৰৰ লগতে গিয়াছ উদ্দিনক। এই ট্ৰাকখন কৰায়ত্ব কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈছিল ৰাতাবাৰী আৰক্ষী বাহনো। অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে ট্ৰাকখন নিজৰ জিম্মাত ল’বলৈ সক্ষম হয়। এই ট্ৰাকখনৰ পৰাই আৰক্ষীয়ে উদ্ধাৰ কৰিছিল প্ৰায় ২০ হাজাৰ য়াবা টেবেলট। দুৰ্ভাগ্যজনক এই ঘটনাৰ তদন্ত কৰাৰ সময়তে নিশা আৰক্ষীৰ গুলীত আহত হয় অভিযুক্ত।