শ্ৰমিক আবদ্ধ হৈ পৰা উমৰাংছুৰ কয়লা খনিটো অবৈধ নেকি ? তদন্তৰ বাবে গোচৰ ৰুজু অসম আৰক্ষীৰ…

উমৰাংছুৰ কয়লা খনিত সংঘটিত ঘটনাৰ তদন্তৰ বাবে উমৰাংছু থানাত গোচৰ ৰুজু । ইয়াৰ লগতে এজনক আটক কৰিছে আৰক্ষীয়ে । একে সময়তে এই খনিটো অবৈধ বুলি সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

শ্ৰমিক আবদ্ধ হৈ পৰা উমৰাংছুৰ কয়লা খনিটো অবৈধ নেকি ? তদন্তৰ বাবে গোচৰ ৰুজু অসম আৰক্ষীৰ...

উমৰাংছু কয়লা খনিত অঘটন

Updated On: 

07 Jan 2025 15:29 PM

উমৰাংছুৰ এটা কয়লা খনিত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাই সমগ্ৰ অসম কঁপাই গৈছে । এটা কয়লা কুৱেৰীত প্ৰায় ১৫ জন শ্ৰমিক আৱদ্ধ হৈ পৰা ঘটনাক লৈ শেহতীয়াকৈ তৎপৰ হৈছে অসম আৰক্ষী । জানিব পৰা পৰা মতে, এই ঘটনাৰ তদন্তৰ বাবে খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫৭ৰ ধাৰা ৩(৫)/১০৫ বি এন এছ, আৰ/ডব্লিউ ধাৰা ২১(১)ৰ অধীনত উমৰাংছু’ আৰক্ষী থানাত ০২/২০২৫ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে ।

এই কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইফালে এই খনিটো অবৈধ বুলি সন্দেহ প্ৰকাশ কৰাৰ কথাও সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । জানিব পৰা মতে, এই গোচৰত পুনিশ নুনিছা নামৰ এজন ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে । সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিছে যে, এই ঘটনাৰ তদন্তৰ বাবে খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫৭ৰ ধাৰা ৩(৫)/১০৫ বি এন এছ, আৰ/ডব্লিউ ধাৰা ২১(১)ৰ অধীনত উমৰাংছু’ আৰক্ষী থানাত ০২/২০২৫ ৰ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে ।

একে সময়তে প্ৰাৰম্ভিকভাৱে ইয়াক এক অবৈধ খনি যেন লাগিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। গোচৰটোৰ সন্দৰ্ভত ইতিমধ্যে পুনিশ নুনিছাক আটক কৰিছে আৰক্ষীয়ে । ইফালে আৰক্ষীয়ে এই ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

শ্ৰমিক আবদ্ধ হৈ পৰা কয়লা খনিটো

অসমৰ ডিমা হাছাও জিলাত অৱস্থিত উমৰাংছু’ৰ তিনিকিলো অঞ্চলৰ এটা কয়লা খনিৰ ভিতৰত প্ৰায় ১৫ জন শ্ৰমিক আবদ্ধ হৈ থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । যোৱা ৬ জানুৱাৰীত হঠাতে কুৱেৰীটো পানীৰে ভৰি পৰাত শ্ৰমিক কেইজন আবদ্ধ হৈ পৰে  । কুৱেৰীত বহু শ্ৰমিকে কাম কৰি আছিল যদিও কেইজনমান শ্ৰমিক ভাগ্যক্ৰমে ৰক্ষা পৰে । কিন্তু আন বহু শ্ৰমিক কুৱেৰীৰ পৰা ওলাই আহিবলৈ কোনো ধৰণৰ সময় আৰু সুবিধা নাপায় । ফলত আবদ্ধ হৈ পৰে তেওঁলোক ।

এক সূত্ৰই সদৰী কৰা মতে, হঠাৎ কুৱেৰীটো পানীৰে ভৰি পৰাত শ্ৰমিক কেইজন ওলাই আহিবলৈ সময় নাপায় । সূত্ৰটোৰ পৰা জানিব পৰা মতে, কুৱেৰীটো ভৰি পৰা পানীৰ উৎস কি সেয়া সঠিকভাৱে এতিয়াও স্পষ্ট হোৱা নাই যদিও প্ৰাৰম্ভিক বাতৰি অনুসৰি ভূগৰ্ভস্থ পানী বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে, ডিমা হাছাও জিলাৰ কয়লা খনিৰ ভিতৰত আবদ্ধ হৈ থকা ৯ জন শ্ৰমিকক উদ্ধাৰৰ ক্ষেত্ৰত স্থানীয় কৰ্তৃপক্ষক সহায় কৰিবলৈ নৌসেনাৰ ডীপ ডাইভাৰক মোতায়েন কৰা হৈছে। নিয়োজিত দলৰ মূল্যায়ন অনুসৰি খনিটোৰ ভিতৰৰ পানী প্ৰায় ১০০ ফুটলৈ বৃদ্ধি পাইছে।

একে সময়তে উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এতিয়ালৈকে কোনো শ্ৰমিকক কুৱেৰীৰ পৰা উলিয়াই অনা হোৱা নাই বুলি জিলাৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে। শিলৰ কুৱেৰীৰ কৰ্মচাৰীৰ মতে, খনিটোৰ ভিতৰত প্ৰায় ১৫ জন শ্ৰমিক আছিল যদিও কৰ্তৃপক্ষই সংখ্যা নিশ্চিত কৰা নাই। কিন্তু মুখ্য়মন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে ৯ জন শ্ৰমিক আবদ্ধ হৈ পৰা বুলি উল্লেখ কৰিছে ।

ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?
হাতলৈ টকা অহাৰ লগে লগে শেষ হৈ যায় নেকি? ভুলতো নকৰিব এই কাম
ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...