Anti-Drug Operation : আকৌ ড্ৰাগছ বিৰোধী অভিযানত ১১ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ…
শেহতীয়াকৈ অভিযান চলাই ১১ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । ৰাজ্যখনত চলোৱা তিনি পৃথক অভিযানত এই বৃহৎ মূল্যৰ অবৈধ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে ।
ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । শেহতীয়াকৈ কেইবাটাও পৃথক অভিযান চলাই ১১ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । ৰাজ্যখনত চলোৱা তিনি পৃথক অভিযানত এই বৃহৎ মূল্যৰ অবৈধ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এই তিনিটা অভিযানৰ প্ৰথমটো অভিযান চলাইছিল কাছাৰ আৰক্ষীয়ে । কাছাৰ আৰক্ষীয়ে দীঘাৰ ফুলেৰতলত প্ৰথমটো অভিযান চলাই ৫.১ কোটি টকাৰ ১.১৭ কেজি সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে। ইয়াৰ সমান্তৰাভাৱে আন এক অভিযানত সোণাই থানাৰ অন্তৰ্গত ধনেহৰীৰ পৰা ৩৮ লাখ টকাৰ ৭৩.৯৭ কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ।
Drugs haul worth over ₹11 crore
In three separate anti-narcotics operations carried out by units of @assampolice,
✅@CacharPolice conducted an anti-narcotic op and seized 1.17 kg of suspected heroin worth ₹5.1 crore from Dighar Fulertol.
✅ @cacharpolice recovered 73.97 kg… pic.twitter.com/sKN9H7pOCz— Himanta Biswa Sarma (@himantabiswa) January 7, 2025
ইফালে কাৰ্বি আংলং আৰক্ষীয়ে অভিযান চলাই ৬ কোটি টকাৰ ১.২২ কিলোগ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় । এই অভিযান চলাইছিল দিল্লাই তিনিআলিত । দিল্লাই তিনিআলিত তালাচী চলাই এখন বাছৰ পৰা ৬ কোটি টকাৰ হেৰ’ইন জব্দ কৰে কাৰ্বি আংলং আৰক্ষীয়ে । মনকৰিবলগীয়া যে, এই বাছখন চুবুৰীয়া ৰাজ্যৰ পৰা অহা বুলি জানিব পৰা গৈছে ।
ইফালে, কালি অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙে ২০২৪ চনৰ মাৰ্চৰ পৰা ২০২৪ চনৰ ডিচেম্বৰলৈ অসম আৰক্ষীৰ এছটিএফে চলোৱা বিশেষ ড্ৰাগছ বিৰোধী অভিযানৰ তথ্য প্ৰকাশ কৰিছিল । তেওঁ জানিবলৈ দিয়া অনুসৰি, ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত এই সময়ছোৱাত ৫৯.৪১ কেজি হেৰ’ইন, ৯,৬৭,৮৯৮টা নিচাযুক্ত টেবলেট, ৩৭,০০০ বটল নিষিদ্ধ কফ চিৰাপ, ৩৯৯৯.৬৮ কেজি গাঞ্জা, ৩৭.২৬ কেজি আফিং আৰু এক কেজি মেথামফেটামাইনো জব্দ কৰিবলৈ সক্ষম হৈছিল অসম আৰক্ষীৰ এছটিএফে ।