5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam Police : আমিনগাঁৱত ৬ কোটি টকাৰ হেৰ’ইন জব্দ…দুজনক আটক…

এক গোপন সূত্ৰৰ ভিত্তিত আমিনগাঁও অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান চলাইছিল বিশেষ টাস্ক ফ’ৰ্চৰ এটা দলে । এই অভিযানত শনিবাৰে নিশা মণিপুৰৰ পৰা সৰবৰাহ কৰা হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে ।

Assam Police : আমিনগাঁৱত ৬ কোটি টকাৰ হেৰ’ইন জব্দ…দুজনক আটক…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 20 Oct 2024 16:00 PM

ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । শেহতীয়াকৈ অসম আৰক্ষীয়ে চলোৱা এক অভিযানত কামৰূপ জিলাৰ পৰা প্ৰায় ৬ কোটি টকাৰ হেৰ’ইন জব্দ কৰাৰ লগতে ২ জন সৰবৰাহকাৰীক আটক কৰিছে বুলি জানিব পৰা গৈছে । দেওবাৰে এক বিবৃতি জৰিয়তে এই কথা সদৰী কৰিছে অসম আৰক্ষীয়ে ।

অসম আৰক্ষীৰ মুখ্য জনসংযোগ বিষয়া প্ৰণৱজ্যোতি গোস্বামীয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, এক গোপন সূত্ৰৰ ভিত্তিত আমিনগাঁও অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান চলাইছিল বিশেষ টাস্ক ফ’ৰ্চৰ এটা দলে । এই অভিযানত শনিবাৰে নিশা মণিপুৰৰ পৰা সৰবৰাহ কৰা হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে । তেওঁ লগতে কয় যে, চুবুৰীয়া ৰাজ্যখনৰ কাংপকপি জিলাৰ পৰা এখন ট্ৰাকত এই নিচাযুক্ত দ্ৰব্যখিনি কঢ়িয়াই অনা হৈছিল ।

বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যে, গোপন সূত্ৰ তথ্য ভিত্তিত এখন এছ ইউ ভি বাহনত থকা এজন লোকক আটক কৰা হয় আৰু বাহনখন তন্ন-তন্নকৈ তালাচী চলোৱা হয় । তালাচীত ৪৯টা চাবোনৰ বাকচত ৰখা এই হেৰ’ইনখিনি জব্দ কৰা হয় বুলি জানিবলৈ দিছে আৰক্ষীৰ বিষয়া গৰাকীয়ে । জানিব পৰা মতে, এখন ট্ৰাকেৰে মণিপুৰৰ পৰা এই ড্ৰাগছখিনি লৈ কঢ়িয়াই অনা হৈছিল আৰু এছ ইউ ভি বাহনত থকা লোকজনক যোগান ধৰিছিল । ইতিমধ্যে লোকজনক আটক কৰিছে আৰক্ষীয়ে ।

বিষয়াগৰাকীয়ে সদৰী কৰা মতে, এই হেৰ’ইনখিনিৰ ওজন আছিল ৬৩৭ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ৬ কোটি টকা হ’ব। তেওঁ কয় যে, মণিপুৰৰ পৰা নিচাজাতীয় সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকখনৰ চালকজনক চাংসাৰিৰ পাৰ্কিং স্থানৰ পৰা আটক কৰা হয়। দুয়োখন বাহন জব্দ কৰি প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিছে বিষয়া গৰাকীয়ে । ইফালে অধিক তথ্যৰ বাবে তদন্ত চলি আছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে ।

ইফালে, যোৱা সপ্তাহত গুৱাহাটী মহানগৰীৰ যোৰাবাটৰ সমীপত অভিযান চলাই এখন ট্ৰাকৰ প্ৰায় ৪ কোটি টকাৰ হেৰ’ইন জব্দ কৰিছিল অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে । ইয়াৰ লগতে এই হেৰ’ইনখিনি সৰবৰাহৰ সৈতে জড়িত থকাৰ অপৰাধত এজন লোককো আটক কৰিছিল আৰক্ষীয়ে । ট্ৰাকখনত তালাচী চলাই ৫৩৭.২ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে । জানিব পৰা মতে ৪৫টা চাবোনৰ বাকচত এই ড্ৰাগছখিনি লৈ অহা হৈছিল ।

Latest News