Anti-Drug Operation : পুনৰ ২.২ কোটি টকাৰ ড্ৰাগছ জব্দ অসম আৰক্ষীৰ, দুজনক আটক…
শেহতীয়াকৈ কাছাৰ জিলাত চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ২ কোটিৰো অধিক মূল্য নিচাজাতীয় দ্ৰব্য জব্দ কৰে আৰক্ষীয়ে ।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
ৰাজ্য়খনত অবৈধ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । শেহতীয়াকৈ কাছাৰ জিলাত চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ২ কোটিৰো অধিক মূল্য নিচাজাতীয় দ্ৰব্য জব্দ কৰে আৰক্ষীয়ে । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে চলাইছিল এই অভিযান । জানিব পৰা মতে, শিলচৰ আৰক্ষীৰ অধীনস্থ চিলডুবিৰ ছিলকুৰী ৰোডত সূত্ৰভিত্তিক চলোৱা এক অভিযানত এখন বাহন আটক কৰিছিল আৰক্ষীয়ে । বাহনখনত তালাচী চলোৱা পাছতে বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ আৰক্ষীয়ে ।
Drugs worth ₹2.2 crore recovered by @cacharpolice
In a source based operation carried out at Silcoorie road, Sildubi, under jurisdiction of Silchar Police, a vehicle was intercepted leading to the recovery of
💊415 grams of heroin
💰2 lakh cash2 people has been apprehended… pic.twitter.com/RUsbRnqbWZ
— Himanta Biswa Sarma (@himantabiswa) March 1, 2025
বাহনখনৰ পৰা মুঠ ৪১৫ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে । এই হেৰ’ইনখিনিৰ বজাৰ মূল্য ২.২ কোটি টকা বুলি অনুমান কৰা গৈছে । ইফালে বাহনখনত তালাচী চলাই আৰক্ষীয়ে ২ লাখ নগদ ধন উদ্ধাৰ কৰা বুলি মুখ্য়মন্ত্ৰীয়ে জানিবলৈ দিছে ।
মুখ্যমন্ত্ৰীয়ে এক্স হেণ্ডেলত কয়, “কাছাৰ আৰক্ষীয়ে অভিযান চলাই ২.২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে । শিলচৰ আৰক্ষীৰ অধীনস্থ চিলডুবিৰ ছিলকুৰী পথত এক গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত এখন বাহন আটক কৰি উদ্ধাৰ কৰা হয় ৪১৫ গ্ৰাম হেৰ’ইন আৰু ২ লাখ নগদ ধন । এই গোচৰত ২ জন লোকক আটক কৰা হৈছে।” উল্লেখ্য যে, ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰা সফলতাৰ বাবে অসম আৰক্ষীক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে ।