5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৩১ ডিচেম্বৰৰ পূৰ্বে ৰাজ্যত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহ, কাছাৰত পুনৰ ১৫ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ…

পুনৰ প্ৰায় ১৫ কোটি টকাৰ ইয়াবা টেবলেট জব্দ কৰিছে কাছাৰ আৰক্ষীয়ে । ইয়াৰ লগতে ২ জন লোককো আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে । চুবুৰীয়া ৰাজ্যৰ পৰা অহা বাহনখনত তালাচী চলোৱা পাছতে ১৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে ।

৩১ ডিচেম্বৰৰ পূৰ্বে ৰাজ্যত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহ, কাছাৰত পুনৰ ১৫ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ…
কাছাৰত ড্ৰাগছ জব্দImage Credit source: X Handle
manas-borah
Manas Borah | Updated On: 29 Dec 2024 15:25 PM

অবিৰতভাৱে কাছাৰ জিলাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । শেহতীয়াকৈ পুনৰ প্ৰায় ১৫ কোটি টকাৰ ইয়াবা টেবলেট জব্দ কৰিছে কাছাৰ আৰক্ষীয়ে । ইয়াৰ লগতে ২ জন লোককো আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে । দেওবাৰে পুৱা সামাজিক মাধ্যমৰ জৰিয়তে এই তথ্য় প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, যোৱা কেইদিনত অসম আৰক্ষীয়ে যিধৰণে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে, ই এটা কথা প্ৰমাণ কৰে যে, ৩১ ডিচেম্বৰৰ পূৰ্বে ৰাজ্যত বৃদ্ধি পাইছে ড্ৰাগছৰ দৰে নিচাযুক্ত সামগ্ৰী অবৈধ সৰবৰাহ । বিশেষকৈ এই সৰবৰাহ হৈছে চুবুৰীয়া ৰাজ্যৰ পৰা । আজিৰ দিনটোত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, গোপন সূত্ৰৰ তথ্য়ৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে ঘুংগুৰ বাইপাছত এক বিশেষ অভিযান চলাইছিল।

এই অভিযানত চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহন আটক কৰে আৰক্ষীয়ে । মুখ্য়মন্ত্ৰী শৰ্মাই জানিবলৈ দিছে যে, চুবুৰীয়া ৰাজ্যৰ পৰা অহা বাহনখনত তালাচী চলোৱা পাছতে ১৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে ।

মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া অনুসৰি, বাহনখনত পুংখানুপুংখভাৱে অনুসন্ধান কৰাৰ পিছত পাঁচটা পেকেটত লুকুৱাই থোৱা ৫০ হাজাৰ YABA টেবলেট উদ্ধাৰ কৰে আৰক্ষীয়ে । ইয়াৰ লগতে আৰক্ষীয়ে বাহনসহ দুজন লোকক আটক কৰা বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই । লগতে ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ প্ৰচেষ্টাক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ পূৰ্বে সামাজিক মাধ্যম এক্স হেণ্ডেলৰ পোষ্টৰ জৰিয়তে ৰাজ্যখনত চলোৱা দুটা পৃথক অভিযানত প্ৰায় ৬ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ৫জন লোকক আৰক্ষীয়ে আটক কৰাৰ তথ্য প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই । তেওঁ জানিবলৈ দিয়া অনুসৰি, শুকুৰবাৰে নিশা পল্টন বজাৰৰ এখন হোটেলত বিশেষ টাস্ক ফ’ৰ্চে অভিযান চলাই ২.৭৫ কোটি টকাৰ ৪১৬ গ্ৰাম হেৰ’ইন জব্দ কৰাৰ লগতে এই অভিযানত ৪ সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ।

নগাঁও জিলাত আন এক অভিযানত ৩.৫ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে আৰক্ষীয়ে । এই অভিযানত নগাঁও আৰক্ষীয়ে এখন বাহনত তালাচী চলাই ৫৩২.৪৬ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।

একেদৰে যোৱা মঙলবাৰে শ্ৰীভূমি জিলাত চলোৱা এক অভিযানত প্ৰায় ৪৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল অসম আৰক্ষীয়ে । এখন ট্ৰাকত তালাচী চলাই ১৬ কিলোগ্ৰামতকৈ অধিক ওজনৰ ১.৫ লাখ ইয়াবা টেবলেট উদ্ধাৰ কৰাৰ লগতে এজন লোকক আটক কৰে আৰক্ষীয়ে । সমান্তৰালভাৱে যোৱা দেওবাৰেও কাছাৰ আৰক্ষীয়ে এক অভিযান চলাই প্ৰায় ২০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল ।

Latest News