দুটা পৃথক অভিযানত ৬ কোটি টকাৰ ড্ৰাগছ জব্দ অসম আৰক্ষীৰ, ৫ সৰবৰাহকাৰীক আটক…
শেহতীয়াকৈ ৰাজ্যখনত চলোৱা দুটা পৃথক অভিযানত প্ৰায় ৬ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ৫জন লোকক আটক কৰিছে আৰক্ষীয়ে । এই তথ্য সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
৩১ ডিচেম্বৰ আৰু মাঘ বিহুৰ প্ৰাকক্ষণত ৰাজ্যত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহ । ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । শেহতীয়াকৈ ৰাজ্যখনত চলোৱা দুটা পৃথক অভিযানত প্ৰায় ৬ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ৫জন লোকক আটক কৰিছে আৰক্ষীয়ে । এই তথ্য সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
তথ্য় অনুসৰি, গুৱাহাটী মহানগৰীত শুকুৰবাৰে নিশা পল্টন বজাৰৰ এখন হোটেলত বিশেষ টাস্ক ফ’ৰ্চৰ জোৱানে অভিযান চলাই ৪১৬ গ্ৰাম হেৰ’ইন জব্দ কৰে । হেৰ’ইনখিনিৰ মূল্য হৈছে প্ৰায় ২.৭৫ কোটি টকা । মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া অনুসৰি, এই অভিযানত ৪ সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ।
Anti-narcotics operation continues in full force💊
In a late night anti-narcotics operation carried out by @STFAssam, 4 traffickers were apprehended at a hotel in Paltan Bazar, Guwahati and 416gms of heroin were recovered from their possession.
We will continue our mission of… pic.twitter.com/UHecFij5Sm
— Himanta Biswa Sarma (@himantabiswa) December 28, 2024
ইফালে,নগাঁও জিলাত আন এক অভিযানত ৩.৫ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে আৰক্ষীয়ে । মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া অনুসৰি, গোপন সূত্ৰৰ তথ্য ভিত্তিত, নগাঁও আৰক্ষীয়ে এখন বাহনত তালাচী চলাই ৫৩২.৪৬ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে । বাহনখনৰ এটা গোপন চেম্বাৰত লুকুৱাই অনা হৈছিল হেৰ’ইনখিনি ।
ইফালে যোৱা মঙলবাৰে শ্ৰীভূমি জিলাত চলোৱা এক অভিযানত প্ৰায় ৪৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল অসম আৰক্ষীয়ে । গোপন সূত্ৰৰ তথ্য ভিত্তিত শ্ৰীভূমি জিলাৰ হাতীখিৰা অঞ্চলত নাকা তালাচী চলাই ৪৫ কোটি টকাৰ ইয়াবা টেবলেট জব্দ কৰে আৰক্ষীয়ে । এখন ট্ৰাকত তালাচী চলাই ১৬ কিলোগ্ৰামতকৈ অধিক ওজনৰ ১.৫ লাখ ইয়াবা টেবলেট উদ্ধাৰ কৰে আৰক্ষীয়ে । লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকা অপৰাধত এজন লোকক আটক কৰে আৰক্ষীয়ে ।
একেদৰে যোৱা দেওবাৰেও কাছাৰ আৰক্ষীয়ে এক অভিযান চলাই প্ৰায় ২০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ লগতে এই অভিযানত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকা অপৰাধত এজন লোককো আটক কৰে আৰক্ষীয়ে । আই জি পি পাৰ্থসাৰথি মহন্তৰ তত্বাৱধানত বিশেষ টাস্ক ফ’ৰ্চে (এছ টি এফ) চলোৱা এই অভিযানত মটৰ চাইকেলেৰে আহি থকা এজন ব্যক্তিৰ পৰা আৰক্ষীয়ে ৬০ হাজাৰ ইয়াবা টেবলেট আৰু ১২৫ গ্ৰাম হেৰ’ইন জব্দ কৰে ।