অব্য়াহত ড্ৰাগছ বিৰোধী অভিযান ! ২০২১ চনৰ পৰা বৰ্তমানলৈ অসমত জব্দ ২৬০০ কোটি টকাৰ ড্ৰাগছ

২০২১ চনৰ পৰা অসমত ২৬০০ কোটি টকা ড্ৰাগছ জব্দ কৰা হৈছে বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে । অসম আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকিব বুলিও সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে ।

অব্য়াহত ড্ৰাগছ বিৰোধী অভিযান ! ২০২১ চনৰ পৰা বৰ্তমানলৈ অসমত জব্দ ২৬০০ কোটি টকাৰ ড্ৰাগছ

অসমত ড্ৰাগছ জব্দ

Updated On: 

24 Mar 2025 14:46 PM

২০২১ চনৰ পৰা অসমত ২৬০০ কোটি টকা ড্ৰাগছ জব্দ কৰা হৈছে বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয় যে, ২০২১ চনৰ পৰা চলিত বৰ্ষৰ বৰ্তমানলৈকে অসমত ২৬০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে । অসম আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকিব বুলিও সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয় যে, ‘অসম ড্ৰাগছৰ বিৰুদ্ধে’ এটা শ্লোগান নহয় । অসমত ড্ৰাগছৰ নেক্সাচ শিপাৰ পৰা উৎসাদ কৰা ই এক অভিযান।

তদুপৰি মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া অনুসৰি, ২০১১ চনৰ পৰা ২০১৫ চনৰ ভিতৰত অসমত ৪০০ কোটি টকা ড্ৰাগছ জব্দ কৰা হৈছিল । ইয়াৰ বিপৰীতে ২০২১ চনৰ পৰা ২০২৫ চনৰ বৰ্তমানলৈকে ২৬০০ কোটি টকা ড্ৰাগছ জব্দ কৰা হৈছে বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে ।

ইফালে, ৰাজ্যত পুনৰ বৃহৎ মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ খবৰ লাভ কৰা গৈছে । খবৰ অনুসৰি, ৰাজ্যৰ দক্ষিণ শালমাৰা-মানকাচ জিলাৰ সীমান্তৰে বাংলাদেশীলৈ সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে ড্ৰাগছ জব্দ কৰে অসম আৰক্ষীয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে যে, দক্ষিণ শালমাৰাৰ পৰা বাংলাদেশলৈ সৰবৰাহৰ বাবে নিৰ্ধাৰিত প্ৰায় ২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজন ব্যক্তিক আটক কৰা হৈছে ।

গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে চুবুৰীয়া ৰাজ্যৰ পৰা অনা ৮ হাজাৰ ইয়াবা টেবলেট জব্দ কৰে । এই অভিযানৰ সফলতাৰ বাবে ৰাজ্যৰ আৰক্ষীক অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, “দক্ষিণ শালমাৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে । নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান চলাইছিল আৰক্ষীয়ে । এই অভিযানত ২ কোটি টকাৰ মূল্যৰ ৮ হাজাৰ ইয়াবা টেবলেট জব্দ কৰে আৰক্ষীয়ে ।”

সামাজিক মাধ্য়ম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে সদৰী কৰা মতে, এই নিচাজাতীয় দ্ৰব্যখিনি চুবুৰীয়া ৰাজ্যৰ পৰা চোৰাংভাৱে অনা হৈছিল আৰু বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীয়ে । এই সন্দৰ্ভত দুজন ড্ৰাগছ বেপাৰীক আটক কৰা হৈছে বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে ।

শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...
Hanuman Chalisa: হনুমান চালিছা কেতিয়া আৰু কেনেকৈ পাঠ কৰিব লাগে?
Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?
Hanuman Janmotsav 2025: হনুমান জয়ন্তী কেতিয়া? জানক পূজাৰ শুভ সময়