5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

SI Archana devi: ১৩ টা দিন জীৱন-মৃত্যুৰে যুঁজি শেষ নিশ্বাস ত্যাগ উপ-পৰিদৰ্শক অৰ্চনা দেৱীৰ

Assam police: প্ৰায় ১৩ টা দিন জীৱন- মৃত্যুৰ সৈতে যুঁজি যুঁজি হাৰ মানিলে অসম আৰক্ষীৰ উপ- পৰিদৰ্শক অৰ্চনা দেৱীয়ে। কৰ্তব্যৰত অৱস্থাত ৮ অক্টোবৰত অৰ্চনা দেৱীয়ে এক দুৰ্ঘটনাতপতিত হৈছিল।

SI Archana devi: ১৩ টা দিন জীৱন-মৃত্যুৰে যুঁজি শেষ নিশ্বাস ত্যাগ উপ-পৰিদৰ্শক অৰ্চনা দেৱীৰ
অৰ্চনা দেৱীৰ মৃত্যু
barasha-sarma
Barasha Sarma | Published: 22 Oct 2024 08:50 AM

অৱশেষত জীৱন যুদ্ধত হাৰ মানিলে আৰক্ষীৰ উপ- পৰিদৰ্শক অৰ্চনা দেৱীয়ে। ১৩ টা দিন জীৱন- মৃত্যুৰ সৈতে যুঁজি যুঁজি সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয়ৰ আই চি ইউৰ বিচনাত শেষ নিশ্বাস ত্যাগ কৰে SI অৰ্চনা দেৱীয়ে। প্ৰায় দুসপ্তাহ পূৰ্বে এক ভয়ংকৰ পথ দুৰ্ঘটনাতপতিত হৈছিল আৰক্ষী বিষয়াগৰাকী। তাৰ পাছতেই তেওঁক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। ১৩ দিন ধৰি চিকিৎসা চলাৰ অন্তত মৃত্যুক সাৱতি ললে আৰক্ষী বিষয়াগৰাকীয়ে। তেওঁৰ মৃত্যুত পৰিয়ালৰ লগতে আত্মীয় স্বজনৰ মাজত শোকে বিৰাজ কৰিছে।

জানিব পৰা মতে প্ৰায় ২ বছৰ পূৰ্বে অসম আৰক্ষীত যোগদান কৰা অৰ্চনা দেৱীয়ে ভঙাগড় আৰক্ষী থানাত কৰ্মৰত অৱস্থাত আছিল। অতি নিষ্ঠাৰে এইগৰাকী আৰক্ষী বিষয়াই নিজৰ দায়িত্ব পালন কৰি গৈছিল যদিও কিছুদিন পূৰ্বে সংঘটিত হয় এক শোকাবহ ঘটনা। ৮ অক্টোবৰৰ দিনা কৰ্তব্য সম্পাদনৰ বাবে অৰ্চনা দেৱীয়ে ভঙাগড়ৰ পৰা সোণাপুৰ ক্ষেত্ৰীলৈ গৈছিল। তেতিয়াই ক্ষেত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ৰৈ থকা ট্ৰাকত খুন্দা মাৰিছিল অসম আৰক্ষীৰ বিশেষ শাখাৰ পেট্ৰলিং বাহনখনে। ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা বাহন এখনৰ চালকৰ অসাৱধানতাৰ বাবে এই ঘটনা সংঘটিত হৈছিল।

অসম আৰক্ষীৰ বাহনখনত আছিল উপ- পৰিদৰ্শক অৰ্চনা দেৱী, দুজন কনিষ্টবল আৰু এজন হাবিলদাৰ। এই ঘটনাত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছিল উপ- পৰিদৰ্শক অৰ্চনা দেৱী সহ ২ কনিষ্টবল, হাবিলদাৰ আৰু চালক। এই আটাইকেইজনকে জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটনাত অৰ্চনা দেৱীত আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।কিন্তু সোমবাৰে আহে এক দুখজনক খবৰ। জি এম চি এইচৰ আই চি ইউ বিচনাত শেষ নিশ্বাস ত্যাগ কৰে অৰ্চনা দেৱীয়ে।

উল্লেখ্য যে, কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা অৰ্চনা দেৱী অতি মেধা সম্পন্ন আছিল।  ২০২২ বৰ্ষত মেঘালয়ৰ NEPA ৰ শিবিৰত আৰক্ষীৰ এছ আই (SI) ৰ প্ৰশিক্ষণপ্ৰাপ্ত  অৰ্চনা দেৱীয়ে ২ বছৰ ধৰি অসম আৰক্ষীত কৰ্মৰত হৈ আছে। অৰ্চনা দেৱীৰ ঘৰ মঙলদৈৰ ছিপাঝাৰত। ২৮ বছৰীয়া অৰ্চনাৰ মৃত্যুত এতিয়া পৰিয়ালৰ লগতে অঞ্চলটোত শোকৰ ছা পৰিছে। সোমবাৰে জি এম চি এইচ (GMCH) ৰ মৰ্গতে ৰখা হয় অৰ্চনা দেৱীৰ মৃতদেহ। বিয়লি অসম আৰক্ষীয়ে এছ আই অৰ্চনা দেৱীক জনাই শেষ শ্ৰদ্ধাঞ্জলি। জানিব পৰা মতে আজি কিছু সময় পাছতেই এছ আই অৰ্চনা দেৱীৰ মৃতদেহ মঙলদৈৰ ঘৰলৈ লৈ যোৱা হ’ব।

Latest News