ADRE নিযুক্তি পৰীক্ষাৰ বাবে আৰক্ষীৰ বিশেষ নিৰ্দেশনা, জানক সবিশেষ | Assam police special instructions for ADRE recruitment test Assam news - Assam Tv9

ADRE নিযুক্তি পৰীক্ষাৰ বাবে আৰক্ষীৰ বিশেষ নিৰ্দেশনা, জানক সবিশেষ

Published: 

10 Sep 2024 12:44 PM

ADRE ৰ পৰীক্ষা স্বচ্ছ আৰু নিকা ভাবে অনুষ্ঠিত কৰিবলৈ অসম আৰক্ষীয়ে লৈছে বিশেষ পদক্ষেপ। প্ৰথমে ১৫ ছেপ্টেম্বৰ অনুষ্ঠিত হ'ব তৃতীয়বৰ্গৰ পৰীক্ষা। যাৰ বাবে আৰক্ষীয়ে জাৰি কৰিছে ১৬৩ ধাৰা। ইয়াৰোপৰি কি কি নিৰ্দেশনা দিছে জানক...

ADRE নিযুক্তি পৰীক্ষাৰ বাবে আৰক্ষীৰ বিশেষ নিৰ্দেশনা, জানক সবিশেষ

ADRE নিযুক্তি পৰীক্ষাৰ বাবে আৰক্ষীৰ বিশেষ নিৰ্দেশনা

Follow Us On

১৫ ছেপ্টেম্বৰ আৰু ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব তৃতীয়বৰ্গৰ পৰীক্ষা। আনহাতে ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষা। তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণসকলৰ পৰীক্ষা অনুষ্ঠিত হ’ব ১৫ ছেপ্টেম্বৰত। ২৯ ছেপ্টেম্বৰত পুৱা অনুষ্ঠিত হ’ব স্নাতক ডিগ্ৰীধাৰীসকলৰ পৰীক্ষা আৰু আবেলি অনুষ্ঠিত হ’ব মেট্ৰিক উত্তীৰ্ণ চালক পদৰ বাবে পৰীক্ষা।

ADRE ৰ পৰীক্ষা স্বচ্ছ আৰু নিকা ভাবে অনুষ্ঠিত কৰিবলৈ অসম আৰক্ষীয়ে লৈছে বিশেষ পদক্ষেপ। প্ৰথমে ১৫ ছেপ্টেম্বৰ অনুষ্ঠিত হ’ব তৃতীয়বৰ্গৰ পৰীক্ষা। যাৰ বাবে আৰক্ষীয়ে জাৰি কৰিছে ১৬৩ ধাৰা। ইয়াৰোপৰি কি কি নিৰ্দেশনা দিছে জানক-

  • কেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত বাহিৰা লোকৰ প্ৰৱেশ নিষেধ
  • পৰীক্ষাৰ্থীয়ে লগতে কেৱল এডমিট কাৰ্ডহে নিব পাৰিব
  • বিশেষভাবে সক্ষম লোকৰ লগত অনুমতি লৈহে অন্য ব্যক্তি যাব পাৰিব
  • পৰীক্ষক, প্ৰধান শিক্ষক আৰু নিয়োজিত আৰক্ষীসকলহে ভিতৰত প্ৰৱেশ কৰিব পাৰিব

বিগত বৰ্ষৰ ৩০ অক্টোবৰত ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে প্ৰায় ১৩ হাজাৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ আবেদনৰ সময়সীমা আছিল ১০ নৱেম্বৰৰ পৰা ২৯ ডিচেম্বৰ, ২০২৩৷ ইয়াৰে তৃতীয় বৰ্গ প্ৰায় ৭,৫০০ পদৰ বাবে ল’ৰা-ছোৱালীয়ে আৱেদন কৰিছে আনহাতে চতুৰ্থ বৰ্গৰ বাবে প্ৰায় ৪,৫০০ পদৰ বাবে আবেদন কৰিছে।

কি কি আহিব পৰীক্ষাত জানক

তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে মুঠ ১৫০ টা প্ৰশ্ন থাকিব। পৰীক্ষাৰ প্ৰশ্ন কাকত অসমীয়া, বাংলা, ইংৰাজী, বড়ো আৰু হিন্দী ভাষাত থাকিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ০.২৫ কৈ ঋণাত্মক নম্বৰ থাকিব।
স্নাতক পৰ্যায়ৰ পদৰ বাবে মুঠ ১৫০ টা প্ৰশ্নত ১৭৫ নম্বৰ থাকিব। ইয়াৰ বাবে সময় থাকিব ৩ ঘন্টা। এই পৰীক্ষাক Social studies ৰ পৰা ৩০ টা প্ৰশ্ন, general knowledge পৰা ৩৫ টা, logical reasoning and mental ability ৰ পৰা ২০ টা, general mathematics ৰ পৰা ৩০ টা, general english ৰ পৰা ১০ টা আৰু Reading comprehension and english language ৰ পৰা ২৫ টাকৈ প্ৰশ্ন আহিব। ইয়াৰে Reading comprehension and english language ৰ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ২ নম্বৰকৈ থকাৰ লগতে বাকী সকলো বিষয়ৰ প্ৰশ্নৰ ১ নম্বৰকৈ থাকিব।

SSLC পৰ্যায়ৰ বাবে

এই পৰ্যায়ৰ বাবে মুঠ ১৫০ টা প্ৰশ্নৰ বাবে ১৫০ নম্বৰ থাকিব। ইয়াৰে Social studies ৰ পৰা ৩০ টা প্ৰশ্ন, general knowledge পৰা ৩০ টা, logical reasoning and mental ability ৰ পৰা ২০ টা, general mathematics ৰ পৰা ৩৫ টা, general english ৰ পৰা ৩৫ টা প্ৰশ্ন থাকিব। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব ১ নম্বৰকৈ। ৩ ঘন্টাৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা।

হাইস্কুল পৰ্যায়ৰ বাবে (চালক)

হাইস্কুল পৰ্যায়ৰ পৰীক্ষাৰ বাবে মুঠ ১৫০ টা নম্বৰৰ বিপৰীতে ১৫০ নম্বৰ থাকিব। এই পৰীক্ষাত Social studies ৰ পৰা ২০ টা প্ৰশ্ন, general knowledge পৰা ৩০ টা, logical reasoning and mental ability ৰ পৰা ২০ টা, general mathematics ৰ পৰা ৩০ টা, general english ৰ পৰা ৩০ টা আৰু Road transport ৰ বাবে ২০ টা প্ৰশ্ন থাকিব। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব ১ নম্বৰকৈ। আনহাত পৰীক্ষাৰ বাবে সময় থাকিব ৩ ঘন্টা।

ইয়াৰোপৰি চতুৰ্থ বৰ্গৰ পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ইয়াৰে এটা পৰীক্ষা অষ্টম শ্ৰেণীলৈ শিক্ষা অৰ্হতা থকা আৰু আনটো দশম শ্ৰেণীলৈ শিক্ষা অৰ্হতা থকাসকলৰ বাবে অনুষ্ঠিত হ’ব। দুয়োটা শাখাৰ বাবে Social studies ,general mathematics ,general knowledge, logical reasoning and mental ability ৰ পৰা প্ৰশ্ন আহিব। মুঠ ১৩৫ টা প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ১ নম্বৰকৈ থাকিব।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version