শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সন্ত্ৰাসবাদ দমনত সফল হৈছেনে অসম আৰক্ষী ? ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা ২১ জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ…

সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা অভিযানত ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা ইছলামিক উগ্ৰপন্থী সংগঠনৰ ১৬ জনসহ ২১ জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে । সোমবাৰে এই তথ্য় প্ৰকাশ কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙে ।

সন্ত্ৰাসবাদ দমনত সফল হৈছেনে অসম আৰক্ষী ? ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা ২১ জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ…
অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিং
manas-borah
Manas Borah | Published: 06 Jan 2025 18:10 PM

সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে চোলোৱা অভিযানত উল্লেখনীয় সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে । ইয়াৰ সমান্তৰালভাৱে ড্ৰাগছ বিৰোধী অভিযানৰ পৰা আৰম্ভ কৰি চোৰাং ব্যৱসায় আদি অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে চলোৱা অভিযানত বিশেষ সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা অভিযানত ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা ইছলামিক উগ্ৰপন্থী সংগঠনৰ ১৬ জনসহ ২১ জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে । সোমবাৰে এই তথ্য় প্ৰকাশ কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙে ।

আৰক্ষী বিষয়া গৰাকীয়ে সদৰী কৰা মতে, ২০২৩ চনৰ ১ মাৰ্চৰ পৰা ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত মুঠ ১৬ জন ইছলামিক উগ্ৰপন্থী গোটৰ সদস্য, আলফা আৰু মাওবাদী সংগঠনৰ এজনকৈ আৰু মণিপুৰ ভিত্তিক উগ্ৰপন্থী সংগঠনৰ আন তিনিজনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে । ইয়াৰ লগতে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে চাৰিটা ৰাইফল, এটা 7.65 mm পিষ্টল, ৩১ জাঁই গুলী, AK ছিৰিজৰ গুলী, ১৭ টা বুলেট পেলেট, বিস্ফোৰকসহ এটা গ্ৰেনেড, আইইডি নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীৰ লগতে অন্যান্য অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ উদ্ধাৰ কৰে বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ।

ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত এই সময়ছোৱাত ৫৯.৪১ কেজি হেৰ’ইন, ৯,৬৭,৮৯৮টা চাইকোট্ৰপিক টেবলেট, ৩৭,০০০ বটল নিষিদ্ধ কফ চিৰাপ, ৩৯৯৯.৬৮ কেজি গাঞ্জা, ৩৭.২৬ কেজি আফিং আৰু এক কেজি মেথামফেটামাইনও জব্দ কৰিছে অসম আৰক্ষীয়ে । লগতে বিষয়া গৰাকীয়ে জানিবলৈ দিছে যে, চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে চলোৱা অভিযানত এই সময়ছোৱাত ১.১০ কেজি বিশুদ্ধ সোণ আৰু ২০,৩৭ কেজি ভুৱা হালধীয়া ধাতুও উদ্ধাৰ কৰে আৰক্ষীয়ে ।

ইয়াৰ উপৰিও দুটা গঁড়ৰ শিং, ১৪ টা হাতীদাঁত, দুটা বাঘৰ দাঁত, ১৫ টা গঁড়ৰ খুৰা, ১.৭৯২ কিলোগ্ৰাম বন-ৰৌ বাকলি আৰু এটা শিং উদ্ধাৰ কৰিছে আৰক্ষীয়ে । এই সময়ছোৱাত অসম আৰক্ষীৰ এছটিএফয়ে মুঠ ২৫৪টা অভিযান চলোৱাৰ বিপৰীতে এই ধৰণৰ কাৰ্যকলাপৰ সৈতে জড়িত থকা অপৰাধত ১৩৭ জন লোকক আটক কৰাৰ লগতে ১১১ টা গোচৰ এছটিএফৰ দ্বাৰা পঞ্জীয়ন কৰা হয় বুলি অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান গৰাকীয়ে জানিবলৈ দিছে ।

Latest News