কোকৰাঝাৰত জেহাদী সংগঠনৰ সৈতে জড়িত মূল অভিযুক্তক আটক…

সোমবাৰে কোকৰাঝাৰ জিলাৰ পৰা জেহাদী সংগঠনৰ সৈতে জড়িত প্ৰধান অভিযুক্তক আটক কৰা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, উত্তৰ-পূব তথা অসমত জেহাদী সন্ত্ৰাসবাদী নেটৱৰ্ক ধ্বংস কৰাৰ বাবে বিশেষ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ।

কোকৰাঝাৰত জেহাদী সংগঠনৰ সৈতে জড়িত মূল অভিযুক্তক আটক...

প্ৰতীকী ফটো

Updated On: 

30 Dec 2024 15:41 PM

জেহাদী সংগঠনৰ সৈতে জড়িত প্ৰধান অভিযুক্তক সোমবাৰে আটক কৰিছে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে । সূত্ৰ খবৰ অনুসৰি, সোমবাৰে কোকৰাঝাৰ জিলাৰ পৰা এই প্ৰধান অভিযুক্ত গৰাকীক আটক কৰা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, উত্তৰ-পূব তথা অসমত জেহাদী সন্ত্ৰাসবাদী নেটৱৰ্ক ধ্বংস কৰাৰ বাবে বিশেষ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ।

কোকৰাঝাৰৰ ভোদেয়াগুৰিৰ ৩৫ বছৰীয়া গাজী ৰহমান নামৰ ধৃত ব্যক্তিজন জেহাদী সংগঠন আল কায়দা (AQIS) আৰু আনছাৰুল্লাহ বাংলা টিম (ABT)ৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। আই জি পি (STF) পাৰ্থ সাৰথি মহন্তই প্ৰধান অভিযুক্ত ৰহমানক গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰিছে । সূত্ৰ খবৰ অনুসৰি, অভিযুক্ত গাজী ৰহমান পলাতক অৱস্থাত আছিল ।

এই সন্দৰ্ভত পাৰ্থ সাৰথি মহন্তই জানিব দিয়ে যে, ‘কোকৰাঝাৰ আৰক্ষীৰ সহযোগত এছটিএফে পলাতক অভিযুক্তক সফলতাৰে আটক কৰে। আইনী প্ৰক্ৰিয়া চলাই থকাৰ লগতে তদন্ত অব্যাহত আছে।’ উল্লেখ্য যে ২৭ ডিচেম্বৰত এছটিএফে ধুবুৰী জিলাৰ পৰা ৩৬ বছৰীয়া শ্বাহিনুৰ ইছলামক গ্ৰেপ্তাৰ কৰিছিল। বিলাসীপাৰাৰ বান্ধবপাৰাত চলোৱা অভিযানৰ সময়ত বিষয়াসকলে উৰ্দু ভাষাৰ কিতাপ, ব্যক্তিগত পৰিচয় পত্ৰ, ইলেক্ট্ৰনিক যন্ত্ৰকে ধৰি সামগ্ৰী উদ্ধাৰ কৰে।

ইফালে, ২৫ ডিচেম্বৰত কোকৰাঝাৰৰ নমাপাৰা অঞ্চলত এক পৃথক অভিযানত এছটিএফে আব্দুল জাহেৰ শ্বেখ আৰু ছাব্বিৰ মিৰ্ধা নামৰ দুজন সন্দেহযুক্ত লোকক আটক কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু আই ই ডি নিৰ্মাণৰ সামগ্ৰীৰ অস্ত্ৰভাণ্ডাৰ জব্দ কৰে । সামগ্ৰীসমূহৰ ভিতৰত আছিল AK47 ৰ দৰে ৰাইফল, সজীৱ গোলাবাৰুদ, বিস্ফোৰক যন্ত্ৰ।

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?