ৰাজ্য়ত অব্যাহত অপাৰেচন প্ৰঘাত, কোকৰাঝাৰৰ পৰা আন এজন দুৰ্ধৰ্ষ ABT-JAM ৰ সদস্যক আটক…

কোকৰাঝাৰ জিলাৰ পৰা এবিটি আৰু জেএএমৰ এজন সদস্যজনক আটক কৰিছে আৰক্ষীয়ে । মৌলবাদী নেটৱৰ্ক আৰু গ্ল’বেল টেৰ’ৰিষ্ট অৰ্গেনাইজেচনৰ বিৰুদ্ধে দেশত অব্যাহত অপাৰেচন প্ৰঘাতৰ অধীনত এই সদস্যজনক আটক কৰে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে ।

ৰাজ্য়ত অব্যাহত অপাৰেচন প্ৰঘাত, কোকৰাঝাৰৰ পৰা আন এজন দুৰ্ধৰ্ষ ABT-JAM ৰ সদস্যক আটক...

প্ৰতীকী ফটো

Updated On: 

04 Feb 2025 14:47 PM

পুনৰ আনছাৰুল্লাহ বাংলা টীম (এবিটি) আৰু জামাত-উল-মুজাহিদীনৰ এজন সদস্যক আটক কৰিছে আৰক্ষীয়ে । জানিব পৰা মতে, কোকৰাঝাৰ জিলাৰ পৰা এবিটি আৰু জেএএমৰ এই সদস্যজনক আটক কৰিছে আৰক্ষীয়ে । মৌলবাদী নেটৱৰ্ক আৰু গ্ল’বেল টেৰ’ৰিষ্ট অৰ্গেনাইজেচনৰ বিৰুদ্ধে দেশত অব্যাহত অপাৰেচন প্ৰঘাতৰ অধীনত এই সদস্যজনক আটক কৰে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে ।

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত জিলা আৰক্ষীৰ সৈতে এছটিএফৰ এটা দলে অভিযান আৰম্ভ কৰি সোমবাৰে জিলাখনৰ কোনো অজ্ঞাত স্থানৰ পৰা এই লোকজনক আটক কৰে। ধৃত মৌলবাদী উগ্ৰপন্থী সংগঠনৰ অপাৰেটিভ জনৰ নাম হৈছে নাছিম উদ্দিন এছকে । আৰক্ষীয়ে দাবী কৰা মতে, ধৃত ব্যক্তিজন হৈছে এবিটি আৰু জেএএমৰ সক্ৰিয় সদস্য আৰু পূৰ্বে আটক কৰা নুৰ ইছলাম মণ্ডলৰ ঘনিষ্ঠ সহযোগী । উল্লেখ্য যে,নুৰ ইছলাম মণ্ডল হৈছে কোকৰাঝাৰৰ সন্ত্ৰাস সম্পৰ্কীয় গোচৰৰ প্ৰধান অভিযুক্ত ।

এই গৰাকী অভিযুক্তই ২০২৪ চনৰ ১৭ ডিচেম্বৰৰ মাজৰ নিশাৰ পৰাই পলায়ন কৰি আছিল। তদন্তত প্ৰকাশ পাইছে যে, আটক হোৱা অভিযুক্তই নুৰ ইছলাম মণ্ডলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল । ইয়াৰ লগতে উগ্ৰপন্থী দলসমূহক শক্তিশালী কৰাৰ উদ্দেশ্যে অস্ত্ৰ-শস্ত্ৰ আহৰণ আৰু আই ই ডি নিৰ্মাণৰ ক্ষেত্ৰত সহায় কৰি আহিছিল ।

প্ৰকাশ কৰা এক বিবৃতিৰ জৰিয়তে জানিব পৰা মতে, ধৃত ব্যক্তিজনৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, পাছপ’ৰ্ট আইন, বিস্ফোৰক আইন, অস্ত্ৰ আইন আৰু বিদেশী আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। লগতে আদালতত হাজিৰ কৰাৰ পাছত নাছিম উদ্দিন এছকেক ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, দেশজুৰি মৌলবাদী নেটৱৰ্ক আৰু গ্ল’বেল টেৰ’ৰিষ্ট অৰ্গেনাইজেচন (জিটিঅ’)ৰ বিৰুদ্ধে যোৱা বছৰৰ ডিচেম্বৰ মাহত আৰম্ভ কৰা হৈছিল ‘অপাৰেচন প্ৰঘাত’। এই অপাৰেচনৰ অংশ হিচাপে যোৱা ২৫ ডিচেম্বৰত কোকৰাঝাৰ জিলাৰ নামাপাৰা অঞ্চলৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদসহ দুজন সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ সদস্যক আটক কৰা হৈছিল।

তদুপৰি ১৭-১৮ ডিচেম্বৰৰ মাজৰ নিশা অসম আৰক্ষীৰে সমন্বিত আন্তঃৰাজ্যিক অভিযানত এজন বাংলাদেশীকে ধৰি আঠটা মৌলবাদীক আটক কৰা হৈছিল ।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?